உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Husband and Wife : নিজৰ সৌন্দৰ্যই কাল হ’ল মহিলাৰ, স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে সুন্দৰী পত্নীক

    Husband and Wife : নিজৰ সৌন্দৰ্যই কাল হ’ল মহিলাৰ, স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে সুন্দৰী পত্নীক

    বিয়াৰ পিছতে সকলোৱে ছাদ্দামৰ পত্নী গুলবছা খাতুনৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছিল। তাতেই সন্দেহ উপজিল স্বামীৰ। স্বামীৰ সন্দেহ, পত্নীৰ কাৰোবাৰ সৈতে আছে অবৈধ সম্পৰ্ক।

    বিয়াৰ পিছতে সকলোৱে ছাদ্দামৰ পত্নী গুলবছা খাতুনৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছিল। তাতেই সন্দেহ উপজিল স্বামীৰ। স্বামীৰ সন্দেহ, পত্নীৰ কাৰোবাৰ সৈতে আছে অবৈধ সম্পৰ্ক।

    বিয়াৰ পিছতে সকলোৱে ছাদ্দামৰ পত্নী গুলবছা খাতুনৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছিল। তাতেই সন্দেহ উপজিল স্বামীৰ। স্বামীৰ সন্দেহ, পত্নীৰ কাৰোবাৰ সৈতে আছে অবৈধ সম্পৰ্ক।

    • Share this:
    নিজৰ সৌন্দৰ্যই এগৰাকী মহিলাৰ বাবে কাল হ’ল। সেয়াও আনৰ নহয়, নিজৰ স্বামীৰ চকুতে কাল হ’ল পত্নীৰ অপৰূপ সৌন্দৰ্য। ঘটনাটো সংঘটিত হৈছে বিহাৰৰ (Bihar) গোপালগঞ্জত। গুলবছা খাতুন নামৰ এগৰাকী মহিলাই নিজৰ সৌন্দৰ্যৰ বাবেই মৃত্যুক সাবটি ল’বলগা হ’ল। জীৱনতো সুন্দৰকৈ সজোৱাৰ সপোন দেখি যাৰ হাতত ধৰিছিল সেই স্বামীয়ে হত্যা কৰিলে মহিলাগৰাকীক।

    এই জঘন্য ঘটনা আছিল পূৰ্ব পৰিকল্পিত। পিতৃগৃহৰ পৰা পত্নীক আনিবলৈ গৈছিল স্বামীয়ে। পিতৃ–মাতৃয়ে শহুৰেকৰ ঘৰলৈ আহিবলৈ বিদায় জনাইছিল কন্যাক। কিন্তু কোনেও জনা নাছিল যে মহিলাগৰাকীৰ স্বামীয়ে মহিলাগৰাকীক লৈ কৰিছে মাৰাত্মক পৰিকল্পনা। সকলোৱে নিজৰ পত্নী সুন্দৰী হোৱাটো বিচাৰে, কিন্তু এইজন পাষাণ লোকৰ বাবে চকুৰ কূটা হৈ পৰিছিল পত্নীৰ সৌন্দৰ্য। পিতৃগৃহৰ পৰা অনাৰ পথতে সুন্দৰী পত্নীক হত্যা কৰে পাষাণ স্বামীয়ে।

    চাওক ভিডিঅ’– 

    বিয়াৰ পিছতে সকলোৱে ছাদ্দামৰ পত্নী গুলবছা খাতুনৰ সৌন্দৰ্যৰ প্ৰশংসা কৰিছিল। তাতেই সন্দেহ উপজিল স্বামীৰ। সঘনাই মাতৃগৃহলৈ যোৱাৰ বাবে স্বামীৰ সন্দেহ, পত্নীৰ কাৰোবাৰ সৈতে আছে অবৈধ সম্পৰ্ক। এই সন্দেহৰ পৰণতিতে পত্নীক নৃশংসভাৱে হত্যা কৰে ছাদ্দামে।

    ছিবান জিলাৰ বৰহৰিয়া থানাৰ অন্তৰ্গত পকৰী গাঁৱৰ ৰুস্তম আলীৰ কন্যা গুলবছা খাতুন বিবাহপাশত আবদ্ধ হৈছিল ৫ বছৰ পূৰ্বে। স্বামীৰ নাম ছাদ্দাম। তেওঁলোকৰ দুটা সন্তানো আছে। পত্নীৰ কোনো পৰপুৰুষৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ সন্দেহতে পিতৃগৃহৰ পৰা উভতি অহাৰ পথত হত্যা কৰে ছাদ্দামে। ডিঙি চেপি হত্যা কৰাৰ পিছত পথৰ দাঁতিত মৃতদেহ পেলাই থৈ পলায়ন কৰে ছাদ্দামে। যাতে এয়া দুৰ্ঘটনা বুলি ভাবে সকলোৱে।

    আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি স্বামীক জেৰা কৰাত স্বীকাৰ কৰে ভুল। ছাদ্দামে জনায়, পত্নীৰ অপৰূপ সৌন্দৰ্য সহ্য কৰিব পৰা নাছিল। তেওঁ ভাবিছিল যে পত্নীৰ বিবাহবহিৰ্ভূত সম্পৰ্ক আছে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: