ভূপালত কোৰোণা ভাইৰাছৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে।
ভূপালত কোৰোণা ভাইৰাছৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে।
মধ্য প্ৰদেশৰ ৰাজধানী ভূপালত কেইদিনমান আগতে জগন্নাথ মৈথিল নামৰ এজন লোকৰ মৃত্যু হৈছিল। লোকজনৰ অন্ত্যেষ্টিক্ৰিয়াত বহুসংখ্যক লোক উপস্থিত আছিল। তিনিদিন পিছত যেতিয়া মৃত লোকজনৰ পৰীক্ষাৰ ৰিপ’ৰ্টত কোৰোণা পজিটিভ আহিল, তাৰ পিছতে লাগিল হাহাকাৰ। লগতে লোকজনক চিকিৎসা কৰা হামিদিয়া হাস্পতালৰ চিকিৎসক আৰু কৰ্মীৰ মাজতো সৃষ্টি হৈছে আতংকৰ। কিয়নো ৩ দিন পূৰ্বে যেতিয়া লোকজনৰ মৃত্যু হৈছিল, সেই সময়ত পৰিয়ালৰ লোক বা হামিদিয়া হাস্পতালৰ চিকিৎসকেও জনা নাছিল যে তেওঁ কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত।
ভূপালত কোৰোণা ভাইৰাছৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে। এই লোকজনক ধৰি ভূপালত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হ’লগৈ দুজন। শনিবাৰে নিশা ভূপালৰ জাহাংগীৰবাদ নিবাসী মৃত বৃদ্ধজনৰ ৰিপ’ৰ্ট পজিটিভ আহে। তেওঁৰ মৃত্যুৰ তিনিদিন পূৰ্বে ভূপালৰ হামিদিয়া হাস্পতালত হৈছিল। উল্লেখযোগ্য যে ৬ এপ্ৰিলত ভূপালত কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছিল প্ৰথমজন লোকৰ। ইব্ৰাহিমগঞ্জ নিবাসী নৰেশ খটিক নামৰ লোকজনৰ নৰ্মদা হাস্পতালত মৃত্যু হৈছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|