মুখ্যপৃষ্ঠা »খবৰ »দেশ »BSF Jawans Attacked : ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফক আক্ৰমণ শতাধিক বাংলাদেশী দুষ্কৃতিকাৰীৰ, আহত ২ জোৱান

BSF Jawans Attacked : ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফক আক্ৰমণ শতাধিক বাংলাদেশী দুষ্কৃতিকাৰীৰ, আহত ২ জোৱান

BSF Jawans Attacked : দুৰ্বৃত্তই অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ ​​বাংলাদেশলৈ পলায়ন কৰে।

BSF Jawans Attacked : দুৰ্বৃত্তই অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ ​​বাংলাদেশলৈ পলায়ন কৰে।

BSF Jawans Attacked : দুৰ্বৃত্তই অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ ​​বাংলাদেশলৈ পলায়ন কৰে।

  • Share this:

ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিয়োজিত বি এছ এফৰ জোৱানৰ ওপৰত ১০০ৰো অধিক বাংলাদেশী দুষ্কৃতিকাৰী আৰু গাঁৱৰ লোকে আক্ৰমণৰ ঘটনাত দুজন বিএছএফ জোৱান গুৰুতৰভাৱে আহত হয়। ভাৰতীয় কৃষকক সুৰক্ষা দিয়াৰ বাবে কৰ্তব্যৰত অৱস্থাত বি এছ এফৰ জোৱানৰ ওপৰত সীমান্তৰ সিপাৰৰ দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে আৰু অস্ত্ৰ-শস্ত্ৰও লুটপাত কৰে (bangladeshi villager attacked BSF jawans)।


ঘটনাৰ পিছতে বি এছ এফে বাংলাদেশৰ বৰ্ডাৰ গাৰ্ডছ বাংলাদেশ (BGB)ৰ সৈতে বিষয় সন্দৰ্ভত আলোচনা কৰাৰ বাবে ততাতৈয়াকৈ ফ্লেগ মিটিঙৰ আহ্বান জনায়।


সংবাদ সংস্থা এ এন আইৰ প্ৰতিবেদন অনুসৰি বি এছ এফে এক বিবৃতিত কয় যে বংগ সীমান্তৰ বেৰহামপুৰ ছেক্টৰৰ অন্তৰ্গত ৩৫ বেটেলিয়নৰ সীমান্ত পোষ্ট (India-Bangladesh border) নিৰ্মলচৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। ভাৰতীয় কৃষকৰ অভিযোগ অনুসৰি বাংলাদেশী কৃষকে ভাৰতীয় কৃষকৰ পথাৰত প্ৰৱেশ কৰি গৰু চৰাবলৈ আৰু ইচ্ছাকৃতভাৱে তেওঁলোকৰ শস্যৰ ক্ষতি কৰে। ভাৰতীয় কৃষকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বি এছ এফৰ জোৱানসকলে অস্থায়ীভাৱে সীমান্তৰ সমীপত এটা চকী স্থাপন কৰিছিল।


কিন্তু বাংলাদেশী কৃষক আৰু তেওঁলোকৰ গৰু-ম’হ ভাৰতীয় কৃষকৰ পথাৰলৈ অনাত বাধা দিয়াত কৰ্তব্যৰত জোৱানক দেওবাৰে লাঠী আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। কম সময়ৰ ভিতৰতে বাংলাদেশৰ পৰা ১০০ৰো অধিক গাঁওবাসী আৰু দুষ্কৃতিকাৰীয়ে ভাৰতৰ সীমান্তত প্ৰৱেশ কৰি লাঠী আৰু চোকা অস্ত্ৰৰে জোৱানক আক্ৰমণ কৰে। এই আক্ৰমণত দুজন জোৱান গুৰুতৰভাৱে আহত হয়। দুৰ্বৃত্তই অস্ত্ৰ-শস্ত্ৰ কাঢ়ি লৈ ​​বাংলাদেশলৈ পলায়ন কৰে।


উল্লেখ্য, এই অঞ্চলত সঘনাই শস্য চুৰিৰ অভিযোগ আছে। নিৰ্মলচৰ অঞ্চলটো অতি দুৰ্গম। ইয়াত সা-সুবিধাৰ অভাৱত দিনে নিশাই বি এছ এফ (Border Security Force)ৰ জোৱানসকলে সীমান্তত পহৰা দিয়ে। ভাৰতীয় কৃষকে বাংলাদেশী গাঁৱৰ মানুহে চুৰি আৰু খেতিৰ ক্ষতি কৰাৰ অভিযোগ দিয়াৰ পৰিপ্ৰেক্ষিতত বি এছ এফে তেওঁলোকৰ নিৰাপত্তাৰ বাবে এই অঞ্চলত এটা পোষ্ট স্থাপন কৰিছে।


ইপিনে, বি এছ এফৰ বিষয়াসকলে সীমান্তৰক্ষী বাংলাদেশৰ বিষয়াসকলক এই বিষয়ে অৱগত কৰি ফ্লেগ মিটিঙৰ আয়োজন কৰিবলৈ কয় আৰু বাংলাদেশী দুষ্কৃতিকাৰীৰ পৰা জোৱানসকলৰ অস্ত্ৰ উদ্ধাৰ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ আৰু এনে ঘটনাৰ পুনৰাবৃত্তি ৰোধৰ বাবে আলোচনা কৰাৰ পোষকতা কৰে।

শেহতীয়া বাতৰি