এটা চাঞ্চল্যকৰ ঘটনা। কেৰালাৰ পাঠনামথিটা জিলাৰ এটা ঘৰৰ ভিতৰত উদ্ধাৰ হৈছিল দুগৰাকী মহিলাৰ অংগচ্ছেদ কৰা মৃতদেহ। ঘৰটোতে তেওঁলোকক কৰা হৈছিল সমাধিস্থ। ঘটনাৰ পিছৰ দৃশ্যপট প্ৰত্যক্ষ কৰি আৰক্ষী সন্দেহ কৰে যে এয়া নৰবলিৰ দৰে ঘটনা। অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কোনোৱে এই কাৰ্য সংঘটিত কৰিছে। এই দিশত তদন্ত কৰি আৰক্ষীয়ে এটি দম্পতীসহ তিনিগৰাকী অভিযুক্তক কৰায়ত্ত কৰে।
তদন্তৰ শেষত আৰক্ষীয়ে পোৱা তথ্য অনুসৰি, বন্ধুত্বৰ অজুহাতত এই মহিলাসকলক ঘৰলৈ মাতি আনি বলি দিয়া হৈছিল। আৰক্ষীৰ সন্দেহ, অভিযুক্ত দম্পতীয়ে মহিলাক বলি দিয়াৰ পিছত খাইছিল মাংস।
আৰক্ষীয়ে আজি তিনিওজন অভিযুক্ত এজেণ্ট মহম্মদ শ্বাফী, ভগৱন্ত সিং আৰু তেওঁৰ পত্নী লালিক এৰনাকুলামৰ সত্ৰ ন্যায়ধীশৰ আদালতত হাজিৰ কৰায়। আদালতে তিনিওজনকে ২৬ অক্টোবৰলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। তেওঁলোকৰ বিৰুদ্ধে মানৱ বলিদানৰ গোচৰ ৰুজু কৰা হৈছে।
আৰক্ষীৰ মতে, দুষ্কৃতিকাৰীয়ে প্ৰথমে মহিলাকেইগৰাকীক হত্যা কৰাৰ পিছত তেওঁলোকৰ মৃতদেহ কেইবাটাও টুকুৰা কৰি তিৰুৱল্লাৰ ওচৰৰ এটা ঘৰত পুতি থৈ যায়। আৰক্ষী বিষয়াই জনোৱা মতে, অভিযুক্তই ধনী হ’বলৈ পূজা কৰিছিল, বলিদানৰ বাবে এই মহিলাসকলৰ লগত বন্ধুত্ব কৰিছিল আৰু তাৰ পিছত বলি দিছিল। নৰবলিৰ সন্মুখীন হোৱা দুই মহিলা আছিল কদবন্তৰাৰ বাসিন্দা পদ্মম (৫২) আৰু কালদীৰ বাসিন্দা ৰ’চিলি (৫০)। ২৬ ছেপ্টেম্বৰৰ পৰা দুয়োজনেই সন্ধানহীন হৈ আছিল।
এই মানৱ বলিদানৰ ঘটনাৰ বাবে কেৰালাৰ বাঁও ফ্ৰণ্ট চৰকাৰক তীব্ৰ সমালোচনা কৰিছে বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰকাশ জাভাড়েকাৰে। তেওঁ এই ঘটনাক অমানৱীয় বুলি তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। তেওঁ কয় যে ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|