লকডাউনৰ মাজতে মুম্বাইৰ বান্দ্ৰা ষ্টেচনত সহস্ৰাধিক লোকৰ ভিৰ, আৰক্ষীৰ লাঠিচাৰ্জ

News18 Assam | News18-Assam
Updated:April 14, 2020, 8:24 PM IST
লকডাউনৰ মাজতে মুম্বাইৰ বান্দ্ৰা ষ্টেচনত সহস্ৰাধিক লোকৰ ভিৰ, আৰক্ষীৰ লাঠিচাৰ্জ
কোৰোণা ভাইৰাছৰ বাবে ঘোষিত লকডাউনৰ ফলত দিন হাজিৰা কৰি খোৱা লোকসকল কৰ্মহীন হৈ পৰিছে। যাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে এই শ্ৰমিকসকল।

কোৰোণা ভাইৰাছৰ বাবে ঘোষিত লকডাউনৰ ফলত দিন হাজিৰা কৰি খোৱা লোকসকল কৰ্মহীন হৈ পৰিছে। যাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে এই শ্ৰমিকসকল।

  • Share this:
লকডাউনৰ মাজতে আজি দুপৰীয়া মুম্বাইৰ বান্দ্ৰা ৰে’লৱে ষ্টেচনত ভিৰ কৰে সহস্ৰাধিক লোকে। ষ্টেচনত লোকসকলে ঘৰলৈ যোৱাৰ বাবে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ। লোকসকলক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে উপায়ন্তৰ হৈ লাঠিচালনা কৰিবলগীয়া হয়। কোৱা হৈছে যে বস্তি অঞ্চলত কোনো লোকে উৰাবাতৰি প্ৰচাৰ কৰিছিল যে বাহিৰৰ লোকসকলক ঘৰলৈ পঠিওৱা হ’ব। এই উৰাবাতৰিৰ পিছতে ৰে’ল ষ্টেচনত ভিৰ কৰেহি লোকসকলে। মহাৰাষ্ট্রৰ গৃহমন্ত্ৰী অনিল দেশমুখে কয় যে পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন। এই শ্ৰমিকসকলক খাদ্যৰ যোগান ধৰিব চৰকাৰে।

কোৰোণা ভাইৰাছৰ বাবে ঘোষিত লকডাউনৰ ফলত দিন হাজিৰা কৰি খোৱা লোকসকল কৰ্মহীন হৈ পৰিছে। যাৰ ফলত সমস্যাৰ সন্মুখীন হৈছে এই শ্ৰমিকসকল। সেয়েহে এই শ্ৰমিকসকলে ঘৰলৈ উভতি যাব বিচাৰে। পেটেল নগৰ অঞ্চলৰ বস্তিত ভাৰাতীয়া হিচাপে এই শ্ৰমিকসকলে ঘৰলৈ যাবলৈ পৰিবহণৰ ব্যৱস্থা কৰাৰ দাবী তোলে ৰে’ল ষ্টেচনত। এই শ্ৰমিকসকল মূলতঃ পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশৰ।

এজন শ্ৰমিকে কয় – আমাক খাদ্য নালাগে, আমি আমাৰ ঘৰলৈ উভতি যাব বিচাৰো। আমি লকডাউন বৃদ্ধিৰ ঘোষণাক লৈ সন্তুষ্ট নহয়। আন এজন শ্ৰমিকে কয়, ‘আমি লকডাউনৰ প্ৰথম পৰ্যায়ত নিজৰ জমা টকা খৰচ কৰিলো। এতিয়া আমাৰ হাতত খাবলৈ একো নাই। আমি সেয়ে আমাৰ ঠাইলৈ উভতি যাব বিচাৰো, ইয়াৰ বাবে চৰকাৰে যাতায়াতৰ ব্যৱস্থা কৰা উচিত।’
Published by: Sanjay Kumar Das
First published: April 14, 2020, 8:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি