কি হ’ব দেশৰ 5G সেৱা? চীনা প্ৰতিষ্ঠান Huawei–এ ভাৰতত এই সেৱা প্ৰদানৰ আছিল প্ৰৱল দাবীদাৰ

News18 Assam | News18-Assam
Updated:June 30, 2020, 9:20 PM IST
কি হ’ব দেশৰ 5G সেৱা? চীনা প্ৰতিষ্ঠান Huawei–এ ভাৰতত এই সেৱা প্ৰদানৰ আছিল প্ৰৱল দাবীদাৰ
সোমবাৰে গৃহমন্ত্ৰী অমিত শ্বাহ, বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল ভাৰতত 5G সেৱা মুকলি কৰাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বৈঠকত মিলিত হয়।

সোমবাৰে গৃহমন্ত্ৰী অমিত শ্বাহ, বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল ভাৰতত 5G সেৱা মুকলি কৰাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বৈঠকত মিলিত হয়।

  • Share this:
ভাৰত আৰু চীনৰ সীমান্ত সংঘাতৰ প্ৰভাৱ এতিয়া পৰিছে দেশৰ 5G ইণ্টাৰনেট সেৱা প্ৰদানত। চীনা প্ৰতিষ্ঠান Huawei–এ দেশত 5G সেৱা প্ৰদানৰ আছিল অন্যতম দাবীদাৰ।  এই প্ৰতিষ্ঠানটোক ভাৰতবৰ্ষই 5Gৰ পৰীক্ষামূলক সেৱা প্রদানৰো অনুমতি প্ৰদান কৰিছিল। ৫৯টা চীনা মোবাইল এপ দেশত নিষিদ্ধ কৰাৰ পিছত এতিয়া Huaweiকো নিষিদ্ধ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

সোমবাৰে গৃহমন্ত্ৰী অমিত শ্বাহ, বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল ভাৰতত 5G সেৱা মুকলি কৰাৰ সন্দৰ্ভত আলোচনা কৰিবলৈ বৈঠকত মিলিত হয়। বৈঠকৰে জড়িত এজন বিষয়াই সদৰী কৰা মতে, চীনা প্ৰতিষ্ঠানক 5Gৰ নিলামীত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া–নিদিয়াৰ বিষয়েও বিশদ আলোচনা হয়।

ভাৰতবৰ্ষই 5G spectrumৰ নিলামী এবছৰলৈ পিছুৱাইছে। মাৰ্কিন যুক্তৰাষ্ট্ৰয়ো Huaweiক ২০২১চনলৈ নিষিদ্ধ কৰিছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগতে অষ্ট্ৰেলিয়ায়ো প্ৰতিষ্ঠানটোক 5Gৰ পৰীক্ষণ ব্যৱস্থাৰ বাহিৰত ৰাখিছে। ছিংগাপুৰতো অনুৰূপ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাত নকিয়া আৰু এৰিক্সনক এই সুবিধা প্ৰদান কৰা হৈছে। আনহাতে চীনা প্ৰতিষ্ঠানটোৰ প্ৰতিস্থাপকৰ চীনা সৈন্যৰে সম্পৰ্ক থকাৰ কাৰণে ভাৰততো একাংশই বিৰোধিতা কৰা পৰিলক্ষিত হৈছে। অৱশ্যে তিনি মন্ত্ৰীৰ বৈঠকত কি সিদ্ধান্ত লোৱা হ’ল, সেই কথা জানিব পৰা হোৱা নাই।
First published: June 30, 2020, 9:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading