অভিযুক্ত বিনয় প্ৰতাপ সিঙে দাখিল কৰা আবেদনৰ শুনানি কৰি উচ্চতম ন্যায়ালয়ে কয় যে বিবাহৰ মিছা প্ৰতিশ্ৰুতি দিয়াটো ভুল আছিল। ২০১৯ চনত দাখিল কৰা এজাহাৰ মৰ্মে, সিঙৰ প্ৰাক্তন সংগীয়ে অভিযোগ তুলিছিল যে সিঙে তেখেতক বিয়া পাতিব বুলি কৈছিল যদিও সেইটো বছৰতে তেওঁ আন এগৰাকীক বিয়া পাতে। তেখেত সিঙৰ সৈতে দুবছৰ এটা সম্পৰ্কত আছিল।

যেতিয়া এজন পুৰুষ আৰু মহিলা এগৰাকীয়ে স্বামী-স্ত্ৰী হিচাপে বাস কৰে, তেওঁলোকৰ মাজত যৌন সম্ভোগৰ কাৰ্যক ধৰ্ষণ বুলি ক'ব পৰা নাযায়, বৈবাহিক ধৰ্ষণৰ বিষয়ে মন্তব্য কৰি উচ্চতম ন্যায়ালয়ে এনেদৰে কয়। বিয়াৰ মিছা প্ৰতিশ্ৰুতিৰে ধৰ্ষণৰ ওপৰত এজাহাৰ বাতিল কৰাৰ গোচৰৰ শুনানিৰ সময়ত আদালতে এই মন্তব্য কৰিছিল।
ভাৰতৰ মুখ্য ন্যায়াধীশ এছএ ববডে কয়, "যেতিয়া দুজন মানুহে স্বামী আৰু পত্নী হিচাপে বাস কৰি আছে, স্বামী যিমানেই নিষ্ঠুৰ হওক, তেওঁলোকৰ মাজত যৌন সম্ভোগৰ কাৰ্যক ধৰ্ষণ বুলি কোৱা হ'ব পাৰে নেকি?” আদালতে বিয়াৰ অজুহাতত তেওঁৰ প্ৰাক্তন সঙ্গীৰ দ্বাৰা ধৰ্ষণৰ অভিযোগ থকা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ ৰায় দিছিল।
ববডে কয় যে বিয়াৰ মিছা প্ৰতিশ্ৰুতি দিয়াটো ভুল। সেইয়া পুৰুষ নাইবা মহিলা যিয়েই নহওঁক কোনেও মিছা প্ৰতিশ্ৰুতি দিব নালাগে। আনকি মহিলায়ো মিছা প্ৰতিশ্ৰুতি দিব নালাগে।
অভিযুক্ত বিনয় প্ৰতাপ সিঙে দাখিল কৰা আবেদনৰ শুনানি কৰি উচ্চতম ন্যায়ালয়ে কয় যে বিবাহৰ মিছা প্ৰতিশ্ৰুতি দিয়াটো ভুল আছিল। ২০১৯ চনত দাখিল কৰা এজাহাৰ মৰ্মে, সিঙৰ প্ৰাক্তন সংগীয়ে অভিযোগ তুলিছিল যে সিঙে তেখেতক বিয়া পাতিব বুলি কৈছিল যদিও সেইটো বছৰতে তেওঁ আন এগৰাকীক বিয়া পাতে। তেখেত সিঙৰ সৈতে দুবছৰ এটা সম্পৰ্কত আছিল।
বৈবাহিক ধৰ্ষণৰ ওপৰত আদালতৰ মন্তব্য এনে সময়ত আহিছে যেতিয়া ভাৰতৰ সক্ৰিয় কৰ্মীসকলে বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে স্বীকৃতি দিবলৈ কাম কৰি আহিছে। দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ এই মন্তব্যৰ পিছত ছচিয়েল মিডিয়াত একাংশ বহুতো প্ৰশ্ন উত্থাপন কৰাৰ লগতে সমালোচনাত্মক মন্তব্য আগবঢ়াইছে। ছোৱালী এগৰাকী ধৰ্ষণৰ অভিযোগত অভিযুক্ত চৰকাৰী কৰ্মচাৰী এজনে ছোৱালীজনীক বিয়া পাতিব নে বুলি আদালতে ব্যক্তিজনক সোধা এই প্ৰশ্নৰ পিছতে ছচিয়েল মিডিয়াত এক ধুমুহাৰ সৃষ্টি হয়।
মুখ্য ন্যায়াধীশ ববডে ব্যক্তিজনক সোধে “আপুনি তেখেতক বিয়া পাতিব নে? যদি আপুনি বিয়া পাতে তেন্তে আমি আপোনাক সহায় কৰিব পাৰিম। যদি নাপাতে আপুনি চাকৰি হেৰুৱাব আৰু জেললৈ যাব। আপুনি ছোৱালীজনীক প্ৰলোভিত কৰিছিল আৰু ধৰ্ষণ কৰিছিল।"
উল্লেখযোগ্য যে ভাৰতৰ মুখ্য ন্যায়াধীশজনৰ নেতৃত্বত নাবালিকা ধৰ্ষণৰ অভিযোগত অভিযুক্ত মহাৰাষ্ট্ৰ ৰাজ্যিক বিদ্যুৎ উৎপাদন কোম্পানীৰ কৰ্মচাৰী এজনৰ জামিনৰ শুনানি গ্ৰহণ কৰি আছিল।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|