সময়োপযোগী টীকাকৰণ: শিশুৰ সুস্বাস্থ্যৰ বাবে অপৰিহায্য, কিয় আৰু কেনেকৈ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰিব? জানিবলৈ পঢ়ক

News18 Assam | News18-Assam
Updated:July 29, 2020, 3:50 PM IST
সময়োপযোগী টীকাকৰণ: শিশুৰ সুস্বাস্থ্যৰ বাবে অপৰিহায্য, কিয় আৰু কেনেকৈ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰিব? জানিবলৈ পঢ়ক
নিৰ্ভৰযোগ্য স্থানৰ পৰা তথ্য গ্ৰহণ কৰক- টীকাকৰণ মানে কি, সেইবিলাকৰ কাম কি, আৰু সময়মতে দিয়াটো কিয় প্ৰয়োজন? সময়মতে টীকাকৰণ কৰাটো কিয় প্ৰয়োজনীয়?

নিৰ্ভৰযোগ্য স্থানৰ পৰা তথ্য গ্ৰহণ কৰক- টীকাকৰণ মানে কি, সেইবিলাকৰ কাম কি, আৰু সময়মতে দিয়াটো কিয় প্ৰয়োজন? সময়মতে টীকাকৰণ কৰাটো কিয় প্ৰয়োজনীয়?

  • Share this:
‘ৰোগৰ চিকিত্সাতকৈ প্ৰতিৰোধ শ্ৰেয়’। যদিও এই আপ্তবাক্যশাৰী পুৰণি, ইয়াৰ অৰ্থ কিন্তু আজিও প্ৰযোজ্য। বিশেষকৈ যেতিয়া আপোনাৰ সন্তানৰ সুৰক্ষা আৰু সু–স্বাস্থ্যৰ কথা আহি পৰে, আপুনি এইষাৰ কথাকে মানি চলে। টীকাকৰণৰ কথা ক’বলৈ গ’লে নতুন বা হ’বলগীয়া মাক-দেউতাকৰ মনত অনেক সন্দেহ থাকিব পাৰে। এইটো এক স্বাভাৱিক কথা। এনে সন্দেহৰ ক্ষেত্ৰত, যিকোনো পদক্ষেপ গ্ৰহণ কৰাৰ আগতে আপোনাৰ শিশু বিশেষজ্ঞৰ মতামত ল’বলৈ নাপাহৰিব। দ্বিতীয় পদক্ষেপটো হৈছে- নিৰ্ভৰযোগ্য স্থানৰ পৰা তথ্য গ্ৰহণ কৰক- টীকাকৰণ মানে কি, সেইবিলাকৰ কাম কি, আৰু সময়মতে দিয়াটো কিয় প্ৰয়োজন?

সময়মতে টীকাকৰণ কৰাটো কিয় প্ৰয়োজনীয়?
দীৰ্ঘম্যাদী সুৰক্ষাৰ বাবে সময়মতে (আপোনাৰ শিশুৰোগ বিশেষজ্ঞই পৰমৰ্শ দিয়া অনুসৰি) টীকাকৰণ কৰাটো বাঞ্চনীয়। আপোনাৰ সন্তানে বিভিন্ন ৰোগৰ প্ৰতিৰোধ ক্ষমতা প্ৰস্তুত কৰাটো দৰকাৰী, যিবোৰ ৰোগ পাছলৈ প্ৰাণঘাতী ৰোগ হ’বগৈ পাৰে। তেওঁলোকৰ প্ৰণালীসমূহ সম্পূৰ্ণৰূপে বিকশিত নহয়, যাৰ বাবে ৰোগৰ আশংকা থাকে। আৰু কেৱল তেওঁলোকেই প্ৰভাৱিত হ’ব বুলি কথা নাই, এবাৰ সংক্ৰমণ হোৱাৰ পাছত আনৰ শৰীৰলৈকো সোঁচৰিব পাৰে। টীকাকৰণে আপোনাৰ সন্তানৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাই নহয়, সংক্ৰমণৰ সম্ভাৱনাও কম কৰি তোলে।

যদিও সৰুআই, পাৰ্টুছিছ/ হুপিং কাহ আদি ৰোগ হোৱাৰ আশংকা কম, তথাপি এই কথা নিশ্চিত কৰাটো ভাল যাতে একোৱেই বেয়া নঘটক। ইয়াক আপুনি বাহন চালন কৰোঁতে পিন্ধা ছীটবেল্টৰ সৈতে তুলনা কৰিব পাৰে। টীকাকৰণে, বিশেষকৈ সময়মতে কৰোৱা টীকাকৰণে ঠিক সেইধৰণেই কাম কৰে।
আমি পৰামৰ্শ দিম যে যিকোনো সন্দেহৰ ক্ষেত্ৰত আপোনাৰ টীকাকৰণ কাৰ্ডখন লৈ আপোনাৰ শিশুৰোগ বিশেষজ্ঞৰ সৈতে আলোচনা কৰক।

ক’ভিড-19 ৰ ফলত আপোনাৰ সন্তানৰ টীকাকৰণ পিছুৱাই গৈছে নেকি?
এই সময়ছোৱা কঠিন, আৰু অভিভাৱক বা হ’বলগীয়া অভিভাৱক হিচাপে আপুনি নিজৰ সন্তানৰ স্বাস্থ্য লৈ উদ্বিগ্ন হোৱাটো স্বাভাৱিক। বৰ্তমান আপোনাৰ সন্তানৰ টীকাকৰণৰ সময়সূচী কেনেকৈ মানি চলিব, তাক লৈ আশংকা হোৱাটো ধুৰূপ- কাৰণ তাৰ ফলত আপোনাৰ সন্তান অনেক ধৰণৰ সংকটৰ সংস্পৰ্শলৈ আহিব পাৰে। চিন্তাৰ কাৰণ নাই, বিশ্ব স্বাস্থ্য সংস্থাই (WHO) টীকাকৰণক এক প্ৰয়োজনীয় সেৱা বুলি ঘোষণা কৰিছে আৰু সেইমতেই ইয়াক প্ৰদান কৰা হ’ব। আপোনাৰ নিজৰ আৰু শিশুটিৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে আপুনি ঘৰুৱা সামগ্ৰী আনিবলৈ যাওঁতে মানি চলা একেখিনি নিয়মেই মানিব লাগিব। সঘনাই এলকহলযুক্ত ছেনিটাইজাৰ ব্যৱহাৰ কৰক আৰু নিশ্চিত কৰক যাতে সাঙোৰ খাই থকা আটাইয়ে মাস্ক পিন্ধে আৰু সামাজিক দূৰত্ব পালন কৰে।

মাক-দেউতাক হোৱাটো সহজ নহয়- আপোনাৰ সন্তানৰ সুৰক্ষাই সদায়েই অগ্ৰাধিকাৰ লাভ কৰা উচিত। আপোনাৰ মনত থকা উদ্বিগ্নতাৰ কথা আমি বুজি পাওঁ। সময়মতে টীকাকৰণ কৰিলে এই দু:চিন্তাবোৰৰ পৰা বহুলাংশে মুক্ত হৈ থাকিব পাৰিব। সেয়েহে, আপোনাৰ শিশুৰোগ বিশেষজ্ঞৰ সতে যোগাযোগ কৰক আৰু আপোনাৰ লগতে আপোনাৰ সন্তানক সুৰক্ষিত কৰি ৰাখক।

Disclaimer: Information appearing in this material is for general awareness only. Nothing contained in this material constitutes medical advice. Please consult your physician for medical queries, if any, or any question or concern you may have regarding your condition. Issued in public interest by GlaxoSmithKline Pharmaceuticals Limited. Dr. Annie Besant Road, Worli, Mumbai 400 030, India. NP-IN-GVX-OGM-200063, DOP July 2020.

প্ৰসংগৰ উত্স:

https://www.cdc.gov/vaccines/parents/why-vaccinate/vaccine-decision.html

https://www.cdc.gov/vaccines/parents/visit/vaccination-during-COVID-19.html

https://www.who.int/immunization/news_guidance_immunization_services_during_COVID-19/en/
First published: July 29, 2020, 3:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading