ম’বাইল এপৰ জৰিয়তে কিদৰে কৰিব ভোটাৰ আই ডি ‘Verification’? ১৫ অক্টোবৰ Verificationৰ শেষ সীমা

১৫ অক্টোবৰৰ ভিতৰত Verification কৰিব লাগিব আপোনাৰ ভোটাৰ আই ডি।

News18-Assam
Updated:October 6, 2019, 12:58 PM IST
ম’বাইল এপৰ জৰিয়তে কিদৰে কৰিব ভোটাৰ আই ডি ‘Verification’? ১৫ অক্টোবৰ Verificationৰ শেষ সীমা
Source-Google
News18-Assam
Updated: October 6, 2019, 12:58 PM IST
১৫ অক্টোবৰৰ ভিতৰত Verification কৰিব লাগিব আপোনাৰ ভোটাৰ আই ডি। যোৱা ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে এই নতুন প্ৰক্ৰিয়া। ভোটাৰৰ তালিকা আপডেট আৰু সম্পূৰ্ণ প্ৰক্ৰিয়াটো অধিক স্বচ্ছ কৰিবলৈ ভাৰতীয় নিৰ্বাচন আয়োগে হাতত লৈছে এই বিশেষ পদক্ষেপ।

ভোটাৰ আই ডি  এতিয়া আপুনি ম’বাইল ফোনৰ জৰিয়তেও Verification কৰিব পাৰিব। তাৰ কাৰণে আপুনি প্লে ষ্ট’ৰৰ পৰা ডাইনলোড কৰিব লাগিব ‘Voter Helpline’ নামৰ ম’বাইল এপ।



 

তাৰ পিছত ক্লিক কৰিব লাগিব EVP অপচনত। EVP ত আপুনি দিব লাগিব নিজৰ ম’বাইল নম্বৰ আৰু পিছত  ম’বাইললৈ অহা OTP নিৰ্দিষ্ট স্থানত Enter কৰিব লাগিব। তাৰ পিছতে ডিচপ্লে হ’ব এখন নতুন স্ক্ৰীণ।



তাত থাকিব তিনিটা নতুন অপচন ক্ৰমে  ছাৰ্চ বাই বাৰ কড, ছাৰ্চ বাই ডিটেইলছ, ছাৰ্চ বাই ই পি আই চি নম্বৰ। ইয়াৰে  ই পি আই চি নম্বৰ লাভ কৰিব আপোনাৰ নিজৰ ভোটাৰ কাৰ্ডত। নম্বৰ টো এণ্টাৰ কৰাৰ পিছত আহিব দুটা অপচন, এটা হ’ল ভেৰিফাই আৰু আনটো মডিফাই। ক্লীন কৰক ভেৰিফাইত। তাত আপুনি লাভ কৰিব আধাৰ, পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চকে ধৰি বিভিন্ন অপচন, আৰু তাৰে যিকোনো এখন ফটো আপলোড কৰি OK অপচনত ক্লীক কৰিলেই ভেৰিফাই হ’ব আপোনাৰ ভোটোৰ আইডি

অনলাইনৰ জৰিয়তে কিদৰে কৰিব

Log on কৰক ‘NVSP’ পৰ্টেল(nvsp.in) বা Votes Helping App। ইয়াৰ জৰিয়তে আপুনি নিজৰ নাম, পৰিয়ালৰ সবিশেষ, ঠিকনা উল্লেখ কৰিব পাৰিব। তাৰ পিছতে এখন ফৰ্ম পূৰণ কৰি পৰ্টেলটোত ‘Submit’ কৰিব লাগিব।

৬ আৰু ৭ নম্বৰ ফৰ্মখনৰ জৰিয়তে নাম ভুল থাকিলে শুদ্ধ কৰি আকৌ Submit কৰিব  পাৰিব।

সেইদৰে OFFLINE ৰ জৰিয়তেও কৰিব পৰা যাব Verification। প্ৰত্যেক সমষ্টিতে ইতিমধ্যে স্থাপন কৰা হৈছে NVSP ৰ কেন্দ্ৰ। যাৰ সহায়ত সমগ্ৰ প্ৰক্ৰিয়াটো শুদ্ধ কৈ কৰিব পৰাৰ সুবিধা আগবঢ়োৱা হৈছে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি