Mission Paani: দেশৰ পানীৰ সুবিধাসমূহৰ সদুপয়োগ কেনেকৈ কৰিব

ইয়াৰ জৰিয়তে আমাৰ পানীৰ সম্পদসমূহে যে এই জলসংকট দূৰ কৰাৰ সম্ভাৱনা বহন কৰিছে তাত সন্দেহ নাই। কেৱল মাত্ৰ ইয়াত লাগে ভাল পৰিচালনা।
ইয়াৰ জৰিয়তে আমাৰ পানীৰ সম্পদসমূহে যে এই জলসংকট দূৰ কৰাৰ সম্ভাৱনা বহন কৰিছে তাত সন্দেহ নাই। কেৱল মাত্ৰ ইয়াত লাগে ভাল পৰিচালনা।
- News18 Assam
- Last Updated: January 20, 2021, 11:45 AM IST
প্ৰত্যাশাৰ নদী
ভাৰতৰ মাজেৰে বৈ যোৱা নদীসমূহে সীমাহীন আশাৰ বতৰা কঢ়িয়াই আনে। গংগা, যমুনা আৰু ব্ৰহ্মপুত্ৰৰ দৰে নদীসমূহক স্থানীয় ৰাইজে শ্ৰদ্ধা–সন্মান কৰিলেও এইসমূহত পৰিচ্ছন্নতা আৰু সুৰক্ষা স্থিৰ কৰিবলৈ প্ৰয়াস খুব কমেইহে লোৱা দেখা যায়। পৰিচ্ছন্নতা আৰু ভালকৈ সংৰক্ষণ কৰিলে এই নদীসমূহে এক উজ্জ্বল ভৱিষ্যতৰ বাহক হোৱাটো নিশ্চিত।
আন এক পানীৰ ভাল উৎস হৈছে ভূগৰ্ভৰ জলৰাশি। আমাৰ দেশ হৈছে ভূ–গৰ্ভৰ জলৰ সৰ্ববৃহৎ উপভোক্তা। গ্ৰাম্য অঞ্চলত বিশেষকৈ ইয়াৰ ওপৰত নিৰ্ভৰশীলতা বহুত। কিন্তু যধে–মধে আৰু সীমাহীন ব্যৱহাৰৰ কাৰণে এই পানীৰ ভঁৰাল দ্ৰুত গতিত হ্ৰাস পোৱা দেখা গৈছে। ইয়াৰ ফলত কেৱল মানুহৰ জীৱনলৈ বিপদ নামি অহা নাই বৰং খেতি আৰু কৃষিজনিত কাৰ্যতো প্ৰভাৱ পৰা দেখা গৈছে। সেইকাৰণে এই ভূগৰ্ভৰ পানী ব্যৱহাৰৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰি ঋতুকালীন বৰ্ষাৰ ব্যৱহাৰ কৰা উচিত।
আমাৰ দেশতো বিশ্বৰ অন্যান্য প্ৰান্তৰ দৰে পাৰিপাৰ্শ্বকতা পৰিৱৰ্তনৰ প্ৰভাৱ পৰিলেও এতিয়াও দেশত যথেষ্ট পৰিমানৰ বৰষুণ হয়। সকলো মিলাই প্ৰায় ৪০০০ কিউবিক মিটাৰ স্বচ্ছ পানী বৰষুণৰ পৰা আহে। বৰষুণৰ পানী সংৰক্ষণৰ ইমান প্ৰচাৰ চলোৱাৰ পিছতে এতিয়াও এইক্ষেত্ৰত বহুত কৰিবলগীয়া আছে। বৰষুণৰ পানী ভালকৈ সংৰক্ষণ কৰিলে প্ৰকৃতিৰ এই উপহাৰৰ পৰা আমি বহুত উপকৃত হ’ব পাৰিম।
আমাৰ দেশৰ জটিল পানীৰ সমস্যাক আমি কিছু পূৰ্ব পৰিকল্পনা আৰু বুদ্ধিৰে সমাধান কৰিব পাৰো।