নতুন আৰু শক্তিশালী HONOR 9X PRO-ত নিজৰ পছন্দৰ এপ কেনেকৈ পাব!

News18 Assam | News18-Assam
Updated:May 19, 2020, 8:14 PM IST
নতুন আৰু শক্তিশালী HONOR 9X PRO-ত নিজৰ পছন্দৰ এপ কেনেকৈ পাব!

  • Share this:
HONOR-এ নিজৰ উত্তম সামগ্ৰীবিলাকৰ যোগেদি লাহে লাহে ভাৰতীয় গ্ৰাহকৰ কল্পনাজগতত দখল কৰিবলৈ ধৰিছে। Huawei AppGallery ৰ দ্বাৰা এই কোম্পানীয়ে গ্ৰাহকৰ অভিজ্ঞতাৰ ক্ষেত্ৰখনত নতুন বিপ্লৱ আনিবলৈ প্ৰস্তুত হৈছে, কোম্পানীটোত নতুন স্মাৰ্টফোন HONOR 9X Pro ত এই AppGallery আগৰে পৰাই ইনষ্টল হৈ থাকিব।
2011 ত মুক্তি পোৱাৰ পাছত ই 1.3 মিলিয়ন ডেভলপাৰৰ নেটৱৰ্কৰ সৈতে বিশ্বৰ তৃতীয় আটাইতকৈ ডাঙৰ এপ ডিষ্ট্ৰিবিউশ্যন প্লেটফৰ্ম হৈ পৰিছে, যিটোৱে 170 খন দেশত 400 মিলিয়ন গ্ৰাহকৰ বাবে এপ বিকশিত কৰে। এইবাৰ ভাৰতীয় গ্ৰাহকৰ পাল, যি লাভ কৰিব AppGallery ৰ গ্লোবেল আৰু লোকেল এপসমূহৰ সৰ্বোত্তম অভিজ্ঞতা। যোৱাবছৰ ডিচেম্বৰত ভাৰতত অনুষ্ঠিত ডেভেলপাৰ্ছ ডে ছামিটৰ প্ৰথম সংস্কৰণৰ পাছৰে পৰা AppGallery য়ে এতিয়ালৈকে ভাৰতৰ শীৰ্ষ 150 টা এপৰ 95% টা এপক নিজৰ প্লেটফৰ্মত আগৰে পৰাই যুক্ত কৰি থৈছে।

ভাৰতৰ শ্ৰেষ্ঠ এপসমূহ লাভ কৰক

ভাৰতীয় ব্যৱহাৰকৰ্তাৰ কথা ধ্যান ৰাখি AppGallery ত আগৰে পৰা কেইটামান জনপ্ৰিয় আৰু লোকেল এপ অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতৰ প্ৰথম জনপ্ৰিয় ইন্টাৰনেট ব্ৰেণ্ড Hungama প্ৰাইম অনলাইন ষ্ট্ৰীমিং চেনেল হিচাপে Huawei আৰু HONOR ৰ সৈতে যুক্ত হৈ পৰিছে। HONOR কোম্পানীয়ে MapmyIndia ৰ সৈতেও সম্পৰ্ক স্থাপন কৰিছে যাতে ইয়াৰ ফ্লেগশ্বিপ মুভ এপৰ জৰিয়তে গ্ৰাহকক HONOR 9X Pro স্মাৰ্টফোনটোত এডভান্স নেভিগেস্যন টুল ব্যৱহাৰ কৰিবলৈ দিব পাৰে। AppGallery ত বিশ্বৰ প্ৰথম আৰ্টিফিছিয়েল ইন্টেলিজেন্সত চলা কীবৰ্ড এপ Xploree ও অন্তৰ্ভুক্ত হৈছে।
AppGallery ত লাইফষ্টাইল, ট্ৰেভেল, গেমিং, ই-কমাৰ্ছ আৰু ইন্টাৰনেটৰ সৈতে 18 টা বিভাগৰ আকৰ্ষক এপৰ সংগ্ৰহ আছে। AppGallery ত আপুনি Truecaller, Viber, Tik Tok, Booking.com ৰ দৰে গ্ল’বেল এপো লাভ কৰিব। লগতে Zee 5, Shemaroo, PayTM, Flipkart, MX Player, Zomato, HDFC, ICICI, Byju’s, Cleartrip ৰ দৰে কেইবাটাও ভাৰতীয় এপো উপলব্ধ। AppGallery ত সহজ ডাউনল’ড আৰু ইনষ্টলেশ্যনৰ দ্বাৰা HONOR 9X Pro স্মাৰ্টফোনত এই এপকেইটা ব্যৱহাৰ কৰাটো তেনেই সহজ।

HONOR 9X Pro ত এপ ডাউনলোড আৰু ইনষ্টল কৰক
AppGallery ত ব্যৱহাৰ কৰোঁতাই কেইবাধৰণে নিজৰ পছন্দৰ এপসমূহ ডাউনল’ড কৰিব পাৰে। আটাইতকৈ সহজ প্ৰক্ৰিয়াটো হৈছে AppGallery ৰ পৰা পোনপটীয়াকৈ এপটো ইনষ্টল কৰা। চাৰ্ছ বাৰত এপটো বিচাৰিও আপুনি নিজৰ পছন্দৰ এপ ইনষ্টল কৰিব পাৰে।

ব্যৱহাৰকৰ্তাই (গ্ৰাহকে) Phone Clone এপটোৰ জৰিয়তে নিজৰ পুৰণি ফোনটোৰ ডেটা নিজৰ HONOR 9X Pro স্মাৰ্টফোনলৈ স্থানান্তৰ কৰিব পাৰে।

আপুনি কেৱল নিজৰ পুৰণি ফোনটো আৰু নতুন HONOR 9X Pro স্মাৰ্টফোনত Phone Clone app ইনষ্টল কৰিব লাগিব। এবাৰ নিজৰ পুৰণি আৰু নতুন ফোন উভয়তে Phone Clone app টোত পঞ্জীয়ন কৰি লোৱাৰ পাছত আপুনি সহজতে সিদ্ধান্ত ল’ব পাৰিব কোনকেইটা এপ আপুনি নতুন HONOR 9X Pro লৈ স্থানান্তৰ কৰিব খোজে।

HONOR 9X Pro স্মাৰ্টফোনত নিজৰ পছন্দৰ এপ ডাউনল’ড কৰাৰ আন এটা সহজ উপায় হৈছে Xender AG এছিষ্টেন্ট।

প্ৰথমে AppGallery ৰ উপলব্ধ Xender এপতো ইনষ্টল কৰি লওক। Xender এপত উপলব্ধ AG এছিষ্টেন্টে আপোনাক APK Pure ৰ পৰা এপ ডাউনল’ড কৰিবলৈ অনুমতি প্ৰদান কৰে। আপোনাৰ নতুন HONOR 9X Pro স্মাৰ্টফোনত APK Pure ৰ পৰা এপ ডাউনল’ড কৰিবৰ বাবে এবাৰ অনুমতিৰ প্ৰয়োজন হয়, যাৰ পাছত সেইটো আৰামত চলি থাকিব।

APK Pure হৈছে এপসমূহৰ এক উত্তম বিকল্প। APK Pure ৰ সৈতে আপুনি কেৱল নিজৰ পছন্দৰ এপ ডাউনল’ড কৰাই নহয়, সেইকেইটা আপডেট আৰু মেনেজো কৰিব পাৰিব।

ইয়াৰ বাবে আপুনি আপোনাৰ HONOR 9X Pro স্মাৰ্টফোনটোত কেইটামান এপ ডাউনল’ড কৰিবৰ বাবে এবাৰ অনুমতি দিব লাগিব। আৰু কেৱল এবাৰ টেপ কৰিয়েই আপোনাৰ আটাকেইটা ছছিয়েল মীডিয়া এপ ততালিকে আপোনাৰ HONOR 9X Pro স্ক্ৰীণত দেখা যাব।

APK Pure ত আপুনি উত্তম বৈকল্পিক এপো পাব পাৰে, যেনে ফটো ট্ৰ’ল, য’ত আপুনি ফটো, ভিডিঅ’ৰ সৈতে ফাইল কমাণ্ডাৰো শ্বেয়াৰ কৰিব পাৰে, যিটোৱে আপোনাক যিকোনো এন্ড্ৰইড ডিভাইছত নিজৰ ফাইল ব্যৱস্থাপনা কৰাৰ সুবিধা প্ৰদান কৰে। এইটো সুবিধা ক্লাউড বা আন বিশেষ নেটৱৰ্ক লোকেশ্বনত ক্লীন আৰু সহজ ইন্টাৰফেচৰ জৰিয়তে পাব পাৰিব।

এইটো নক’লেও হ’ব যে HONOR 9X Pro স্মাৰ্টফোনটোত এপ ডাউনল’ড আৰু ইনষ্টল কৰাটো সদায়েই সহজ আৰু ক্ষীপ্ৰতৰ।
ব্যৱহাৰ কৰিবলৈ তেনেই সহজ

যিসকল ব্যক্তিয়ে স্পীড আৰু সুবিধা পচন্দ কৰে, তেওঁলোকৰ বাবে HONOR 9X Pro ৰ AppGallery’s ত Quick Apps ৰ এক সমৃদ্ধ পৰিৱেশ আছে। Quick Apps বিশেষ ধৰণৰ ইনষ্টলেশ্যন ফ্ৰী এপ। এইটোৱে সাধাৰণ এন্ড্ৰইড এপৰ দৰেই কাম কৰে আৰু কেৱল এটা টেপতে এক্সেছ কৰিব পাৰি।

Quick Apps টোৱে প্ৰগ্ৰেছিভ ৱেব এপৰ দৰে কাম কৰে, যিটো স্বয়ংক্ৰিয়ভাৱে আপডেট হয়। যি কি নহওক, গ্ৰাহকৰ ক্ষেত্ৰত ইয়াৰ অভিজ্ঞতা ভাল, আৰু ই পৰম্পৰাগত এপতকৈ কম মেম’ৰী স্পেছ লয়।

আহিবলগীয়া 5G নেটৱৰ্কৰ পৃথিৱীৰ বাবে Quick Apps পাৰফেক্ট ডিজিটেল সঁজুলি, যি স্মাৰ্টফোন ব্যৱহাৰ কৰোঁতাক সহজতৰ অভিজ্ঞতা প্ৰদান কৰিব। আৰু অধিক সুবিধাজনক অপাৰেশ্যনৰ বাবে গ্ৰাহকে নিজৰ পছন্দৰ Quick Apps বোৰ ডেস্কটপত ছেট কৰি Quick App center ৰ জৰিয়তে এক্সেছ কৰিব পাৰিব।
আপোনাৰ বাবে নিৰ্ভেদ্য সুৰক্ষা
AppGalleryত উপলব্ধ এপবিলাকৰ ৰেঞ্জৰ সহায়ত আপুনি সমগ্ৰ বিশ্বখন জনাৰ সুযোগ পাব পাৰে, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, যি আপোনাক ব্যৱহাৰ কৰাৰ টেনশ্যনৰ পৰা মুক্ত কৰি ৰাখে, সেইটো হৈছে AppGallery ৰ ছিকিউৰিটী ফীছাৰ্ছ। AppGalleryৰ আটাইকেইটা এপ 4 টা তৰপৰ সুৰক্ষাৰ দ্বাৰা অপ্টিমাইজ কৰা হৈছে, এপ ৰেজিষ্ট্ৰেশ্যনৰ পৰা লৈ বেক-এণ্ড সুৰক্ষা, আৰু ডাউনল’ড সুৰক্ষা লৈকে। ইয়াৰ বাহিৰেও AppGallery নিজেই ছেফটি ডিটেক্টৰ জৰিয়তে সুসজ্জিত, ই হৈছে HONOR ৰ সম্পূৰ্ণ ছেফটি ছল্যুশ্যন যি HONOR 9X Pro স্মাৰ্টফোনৰ SysIntegrity, AppsCheck, URLCheck আৰু UserDetect ফাংছনক ব্যৱস্থাপিত কৰে।

ইয়াৰ বাহিৰেও, AppGallery য়ে নিজৰ আটাইবোৰ ব্যৱহাৰ কৰোঁতাৰ তথ্য Trusted Execution Environment (TEE) ৰ সৈতে বেলেগে বেলেগে সুৰক্ষিত কৰি ৰাখে। HONOR ৰ 3 টা আঞ্চলিক কেন্দ্ৰ আৰু 15 টা ডেটা কেন্দ্ৰক 20 টাৰো অধিক কমপ্লায়েন্স চাৰ্টিফিকেটেৰে সন্মানিত কৰা হৈছে যি গ্ৰাহকৰ তথ্য সুৰক্ষিত কৰি ৰাখিবৰ বাবে কোম্পানীৰ আটাইবোৰ হাৰ্ডৱেৰ আৰু ছফ্টৱেৰক বৈধ কৰি তোলে। আৰু এইটো কথাই AppGallery ক ভৱিষ্যতৰ উত্তম প্লেটফৰ্ম কৰি ৰাখে।
প্ৰস্তুত কৰা হৈছে নতুন যুগৰ ডিজিটেল অনুভৱ
AppGallery ৰ সৈতে HONOR য়ে বিশ্বৰ এক আটাইতকৈ খোলা আৰু উদ্ভাৱনী এপ বিতৰণ পৰিৱেশ নিৰ্মাণ কৰিছে। এইটো কেৱল প্ৰডাক্ট ডিজাইনক প্ৰত্যাহবান জনাবলৈ সাজু থকাই নহয়, লগতে সহজ আৰু দক্ষ প্ৰয়োগৰ বাবেও নতুন মানদণ্ড সাজিবলৈ সাজু হৈছে। HONOR 9X Pro ৰ সৰ্বোত্তম প্ৰযুক্তিগত গুণৰ বাবে এইটো হৈছে এক শ্ৰেষ্ঠ পৰিৱেশ।

Kirin 810 7nm Chipset, 6GB RAM আৰু 256 GB ইন্টাৰনেল মেম’ৰীৰ সৈতে HONOR 9X Pro নিজৰ প্ৰাইম ৰেঞ্জৰ আটাইতকৈ শক্তিশালী স্মাৰ্টফোন। HONOR 9XPro ত আছে 16.7 cm (6.59 ইঞ্চি) HONOR ফুল ভিউ ডিছপ্লে, য’ত কাটিং এ’জ 16MP AI প’প-আপ ছেলফি কেমেৰাও অন্তৰ্ভুক্ত। এইটো এনেদৰে ডিজাইন কৰা হৈছে যে ফোনটো পৰি গ’লে স্বয়ংক্ৰিয়ভাৱে ৰিট্ৰেক্ট হ’ব। HONOR 9X Pro ৰ পিছফালে 48 MP ৰ এক আকৰ্ষণীয় ট্ৰিপল কেমেৰা ছেট আছে, যিটো বিশেষকৈ AI বৈশিষ্ট্যৰ সৈতে এম্বেড কৰি থোৱা আছে।

HONOR 9X Pro ৰ ডুৱেল 3D গ্লাছ কাভাৰড বেকটোৱে ইয়াক অধিক আকৰ্ষণীয় কৰি তোলে, যিটো এতিয়া মিডনাইট ব্লু আৰু ফেন্টম পাৰ্পল ৰঙত উপলব্ধ। HONOR 9X Pro ৰ বিক্ৰী সোনকালেই Flipkart ত আৰম্ভ হ’ব আৰু ইয়াৰ প্ৰাৰম্ভিক মূল্য হ’ব INR 17,999। যিসকল ব্যক্তিয়ে আৰ্লী এক্সেছ ছেলত 21 মে আৰু 22 মেৰ ভিতৰত HONOR 9X Pro ক্ৰয় কৰিব, তেওঁলোকক 3000 টকাৰ পোনপটীয়া ৰেহাই দিয়া হ’ব আৰু 6 মাহৰ খৰচবিহীন ই.এম.আই. অফাৰো দিয়া হ’ব। লগতে কিনাৰ 3 মাহৰ ভিতৰতে যদি স্ক্ৰীণত কিবা ক্ষতি হয়, তেন্তে ৱান টাইম স্ক্ৰীণ ৰিপ্লেচমেন্ট কৰা হ’ব।
শীঘ্ৰেই এই অফাৰটোৰ সুযোগ গ্ৰহণ কৰিবলৈ আৰু আৰ্লী এক্সেছৰ বাবে আপুনি 12 মে’ 2020 ৰ দুপৰীয়া 1 বজাৰ পৰা 19 মে’ৰ মাজনিশালৈকে Flipkart ত পঞ্জীয়ন কৰিব লাগিব।

(এইটো এটা ব্ৰেণ্ডেড পোষ্ট।)

 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading