உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ভেকচিন ল'বলৈ গৈ লগত নানিব ভাইৰাছ! টিকাকৰণ কেন্দ্ৰত মানিব লাগে এইসমূহ নিয়ম

    ভেকচিন ল'বলৈ গৈ লগত নানিব ভাইৰাছ! টিকাকৰণ কেন্দ্ৰত মানিব লাগে এইসমূহ নিয়ম

    ভাইৰেল ভিডিঅ'টোত ডাঃ তুষাৰ শ্বাহে ভেকচিন কেন্দ্ৰলৈ যোৱাৰ সময়ত কি সাৱধানতা অৱলম্বন কৰিব লাগিব সেই বিষয়ে অৱগত কৰিছে।

    ভাইৰেল ভিডিঅ'টোত ডাঃ তুষাৰ শ্বাহে ভেকচিন কেন্দ্ৰলৈ যোৱাৰ সময়ত কি সাৱধানতা অৱলম্বন কৰিব লাগিব সেই বিষয়ে অৱগত কৰিছে।

    ভাইৰেল ভিডিঅ'টোত ডাঃ তুষাৰ শ্বাহে ভেকচিন কেন্দ্ৰলৈ যোৱাৰ সময়ত কি সাৱধানতা অৱলম্বন কৰিব লাগিব সেই বিষয়ে অৱগত কৰিছে।

    • Share this:
    দেশত কোভিড আক্ৰান্তৰ সংখ্যা আৰু মৃত্যু হোৱা লোকৰ সংখ্যাই অভিলেখ গঢ়াৰ মাজতে ভাৰতত এতিয়ালৈকে মাত্ৰ ১৪০.৯ নিযুত ভেকচিনৰ ড'জহে প্ৰদান কৰা হৈছে। কিন্তু কোভিডৰ দ্বিতীয় ঢৌৰ ফলত সম্প্ৰতি ভাৰতে চলিতে মাহতে দৈনিক মৃত্যুৰ দ্বিতীয় সৰ্বাধিক সংখ্যা (২১৬৫) অতিক্ৰম কৰাৰ পিছতে গা লৰিছে সাধাৰণ জনতাৰ। ভেকচিন বিচাৰি এতিয়া সাধাৰণ ৰাইজে কেন্দ্ৰ আৰু চিকিৎসালয়ত ভিৰ কৰিবলৈ আৰম্ভ কৰিছে। যিহেতু চৰকাৰৰ নতুন নিৰ্দেশনাৱলীয়ে ১৮ বছৰ বয়সৰ সকলো লোককে টিকাকৰণৰ বাবে যোগ্য হিচাপে বিবেচনা কৰা হৈছে। তেনেস্থলত চিকিৎসালয়ত বৰ্ধিত শাৰীবোৰো এতিয়া চিন্তাৰ আন এক বিষয় হৈ পৰিছে। অত্যধিক ভিৰৰ ফলত ভাইৰাছ বিয়পাৰো আশংকা কৰা হৈছে। এই সম্পৰ্কতে শেহতীয়াকৈ মুম্বাইৰ চিকিৎসক ডাঃ তুষাৰ শ্বাহে প্ৰস্তুত কৰা এটা ভিডিঅ' সম্প্ৰতি ভাইৰেল হৈ পৰিছে ইণ্টাৰনেটত।

    টুইটাৰত শ্বেয়াৰ কৰা এই ভিডিঅ'টোত টিকা গ্ৰহণৰ বাবে টিকাকৰণ কেন্দ্ৰত উপস্থিত হোৱাৰ সময়ত ল'বলগীয়া সাৱধানতাৰ দিশটো দেখুওৱা হৈছে। হাতত প্লে' কাৰ্ড লৈ চিকিৎসক ডাঃ তুষাৰ শ্বাহে অৱগত কৰে এই কথা।

    প্ৰথমে মাস্ক পিন্ধাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ টিকাকৰণ কেন্দ্ৰত উপস্থিত হোৱাৰ সময়ত সকলোকে ডাবল মাস্ক পিন্ধি নিজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায় । তাৰ পিছতে তেওঁ হাতমোজা পিন্ধিবলৈ পৰামৰ্শ দিয়ে লগতে মুখ, চকু, নাক স্পৰ্শ নকৰিবলৈও কয়। লগতে তেওঁ সকলোকে আনৰ সৈতে কৰমৰ্দন কৰাৰ পৰা বিৰত থকাৰ লগতে ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনকি হাতমোজাৰ পৰিধানৰ সময়তো ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে চিকিৎসক তুষাৰে। শেষত তেওঁ সকলোকে শাৰী পাতি থিয় হৈ থকাৰ সময়ত আনৰ সৈতে কথা নক'বলৈও পৰামৰ্শ দিয়ে।

    অৱশ্যে হাতমোজা পিন্ধাটো আৱশ্যক নহয়, যদিও যিসকলৰ সঘনাই নিজৰ মুখখন নিৰন্তৰ স্পৰ্শ কৰাৰ অভ্যাস আছে, তেওঁলোকে হাতমোজা পিন্ধাটো ভাল। তেওঁ লগতে লিখিছিল, "মই প্ৰায় সকলোৱে তেওঁলোকৰ মাস্কবোৰৰ বাহিৰৰ পৃষ্ঠ স্পৰ্শ কৰা দেখিছো, যি কাৰ্য কেতিয়াও কৰিব নালাগে।"

    আনফালে টিকাকৰণ কেন্দ্ৰলৈ যোৱাৰ পূৰ্বে নিজকে হাইড্ৰেট কৰিবলৈ একাপ চাহ, কফি খাবলৈ পৰামৰ্শ দিয়ে। শাৰীত বা টীকাকৰণ কেন্দ্ৰত থিয় হৈ থকা সময়ত খাদ্য/পানী গ্ৰহণ নকৰাৰ লগতে ফটো তোলাৰ মুহূৰ্ততো মাস্ক আঁতৰ নকৰিবলৈ আহ্বান জনায় চিকিৎসকগৰাকীয়ে।


    কম সময়ৰ এই ভাইৰেল ভিডিঅ'টোৰ বাবে শ্বাহৰ প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰাৰ লগতে ই বিশেষভাৱে সহায়ক হ'ব বুলিও গণ্য কৰা হৈছে।
    Published by:Sanjay Kumar Das
    First published: