ৰে’লৰ টিকট বুক কৰিবলৈ হাতত পইচা নাই নেকি? কেনেকৈ বুক কৰিব টিকট?

এতিয়া আপুনি হাতত পইচা নাথাকিলেও বুক কৰিব পাৰিব ৰে’লৰ টিকট, এই ধন আপুনি ১৪ দিনৰ পিছত পৰিশোধ কৰিলেও হ’ব

news18assam
Updated:April 19, 2019, 9:36 AM IST
ৰে’লৰ টিকট বুক কৰিবলৈ হাতত পইচা নাই নেকি? কেনেকৈ বুক কৰিব টিকট?
এতিয়া আপুনি হাতত পইচা নাথাকিলেও বুক কৰিব পাৰিব ৰে’লৰ টিকট, এই ধন আপুনি ১৪ দিনৰ পিছত পৰিশোধ কৰিলেও হ’ব
news18assam
Updated: April 19, 2019, 9:36 AM IST
যদি আপোনাৰ হাতত ৰে’লৰ টিকট বুক কৰিবলৈ পইচা নাথাকে তেতিয়া কি কৰিব? এনেকুৱা পৰিস্থিতিত নিশ্চয় আপুনি বিপাঙত পৰিব। কিন্তু এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। এতিয়া আপুনি হাতত পইচা নাথাকিলেও বুক কৰিব পাৰিব ৰে’লৰ টিকট। এই ধন আপুনি ১৪ দিনৰ পিছত পৰিশোধ কৰিলেও হ’ব। অৰ্থশাস্ত্ৰ প্ৰাইভেট লিমিটেডৰ পাইলট প্ৰজেক্ট ই–পে’–লেটাৰ (ePayLater)–এ সহায় কৰিব আপোনাক। ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড ট্যুৰিজিম কৰ্প’ৰেচন(IRCTC)–এ আগবঢ়াইছে এই সুবিধা। জানো আহক কি এই আঁচনি আৰু কেনেকৈ কৰিব পাৰি ব্যৱহাৰ।

ePayLater কি?
এই আঁচনিৰ জৰিয়তে গ্ৰাহকে IRCTCৰ ৱেবছাইটৰ পৰা ধন পৰিশোধ নকৰাকৈয়ে ৰে’লৰ টিকট বুক কৰিব পাৰে। আৰু এই টিকটৰ ধন ১৪ দিনৰ পিছত পৰিশোধ কৰিব পাৰে। এই সেৱাৰ সুবিধা লোৱা গ্ৰাহকে ধন পৰিশোধৰ সময়ত দিব লাগিব ৩.৫ শতাংশ পৰ্যন্ত সেৱা কৰ। অৱশ্যে আপুনি যদি ১৪ দিনৰ ভিতৰত ধন পৰিশোধ কৰে তেন্তে অতিৰিক্ত ধন ভৰিব নালাগে। যদিহে আপুনি সময়মতে লেনদেন সম্পন্ন কৰে তেন্তে আপোনাৰ ক্ৰেডিট লিমিটো বৃদ্ধি হ’ব পাৰে। এই লাভ আপুনি নিজৰ IRCTC একাউণ্টৰ পৰা উঠাব পাৰে। মনত ৰাখিব যে আপুনি লোৱা টিকটৰ মূল্য আপোনাৰ ক্ৰেডিট লিমিটৰ ভিতৰত হ’ব লাগিব আৰু সময়মতে পৰিশোধ কৰিব লাগিব। যদি আপুনি ধন পৰিশোধ কৰাত পলম কৰে তেন্তে এই সুবিধাৰ পৰা বঞ্চিত হ’ব।

ধন নোহোৱাকৈ কেনেকৈ বুক কৰিব টিকট?
প্ৰথমে আপুনি নিজৰ IRCTC একাউণ্ট লগইন কৰক। যদি আপোনাৰ IRCTC একাউণ্ট নাই বনাই লওক। ইয়াৰ পিছত টিকটৰ সবিশেষ তথ্য ভৰ্তি কৰি সুবিধা অনুসৰি ৰে’ল বাছনি কৰক। তাৰ পিছত বুক নাও অপচনত ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত দেখা দিব এটা নতুন পেজ। এই পেজত আপুনি ধন পৰিশোধ প্ৰক্ৰিয়াৰ সবিশেষ দাখিল কৰিব লাগিব। আপুনি ক্ৰেডিট, ডেবিট, BHIM App, নেট বেংকিঙৰ সহায়ত ধন পৰিশোধ কৰিব পাৰে। ইয়াৰ পিছত আপুনি ePayLater অপচনত ক্লিক কৰক।

ePayLater অপচনত ক্লিক কৰাৰ পিছত এই সুবিধা পাবলৈ আপুনি ePayLaterত নাম পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ বাবে আপুনি www.epaylater.in ৱেবছাইটত গৈও পঞ্জীয়ন কৰিব পাৰে। পঞ্জীয়ন কৰাৰ পিছত আপোনাৰ সন্মুখত ধন পৰিশোধৰ অপচন আহিব। ইয়াত ক্লিক কৰিলে আপুনি ধন অবিহনে ৰে’লৰ টিকট লাভ কৰিব।

ধন পৰিশোধ নকৰিলে বাতিল হ’ব পাৰে একাউণ্ট

টিকট বুক কৰাৰ ১৪ দিন পিছতো যদি আপুনি ধন পৰিশোধ নকৰে তেন্তে টিকটৰ মূল্যৰ ওপৰত সুদ দিব লাগিব। যদি আপুনি সেয়াও পৰিশোধ কৰাত পলম কৰে তেন্তে আপোনাৰ IRCTC একাউণ্ট বন্ধ কৰি দিয়া হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি