‘বিছনাৰ সৈতে বান্ধি মাৰপিট, চকুৰ পতা জপালেই চীনা সেনাই দিছিল ইলেকট্ৰিক শ্বক, অৰুণাচলৰ অপহৃত লোকে দিলে ভয়ংকৰ বৰ্ণনা

News18 Assam | News18-Assam
Updated:September 16, 2020, 5:29 PM IST
‘বিছনাৰ সৈতে বান্ধি মাৰপিট, চকুৰ পতা জপালেই চীনা সেনাই দিছিল ইলেকট্ৰিক শ্বক, অৰুণাচলৰ অপহৃত লোকে দিলে ভয়ংকৰ বৰ্ণনা
টোগলেই জনা যে তেওঁলোকক পেকেট খাদ্য খাবলৈ দিয়া হৈছিল।

টোগলেই জনা যে তেওঁলোকক পেকেট খাদ্য খাবলৈ দিয়া হৈছিল।

  • News18 Assam
  • Last Updated: September 16, 2020, 5:29 PM IST
  • Share this:
২১ বছৰীয়া টোগলে ছিংকাম। ইণ্ডো–চীন সীমান্তৰ সমীপৰ টাকছিং অঞ্চলৰ বাসিন্দা! অৰুণাচলৰ আপাৰ সুবণশিৰি অঞ্চলত কুলিৰ কাম কৰি জীৱন নিৰ্বাহ কৰিছিল! তদুপৰি, চৰকাৰ আৰু সেনা বাহিনীৰ হৈ প্ৰত্যন্ত অঞ্চলত সামগ্ৰী কঢ়িয়াই ঘৰখন চলাইছিল।


১৯ মাৰ্চত এটা সেনা শিবিৰত সামগ্ৰী কঢ়িয়াই নিয়াৰ পিছত চিকাৰৰ সন্ধানত সুবণশিৰি অঞ্চলৰ জংঘললৈ গৈছিল ছিংকাম আৰু তেওঁৰ ৪ সংগী। ভুলবশতঃ নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি তেওঁলোক চীনৰ ভূমিত সোমাই গৈছিল। সেই সময়তে ছিংকামসহ ৫জনক বন্দী কৰি নিয়ে Chinese People's Liberation Army (PLA)ই।



স্থানীয় লোকৰ দাবী, চীনা সেনাই অপহৰণ কৰিছে তেওঁলোকক। চীনৰ সৈতে আলোচনা কৰি ৫ যুৱকক ওভতাই আনিবলৈ ১৫ দিন সময় লাগিছিল ভাৰতীয় সেনাক। শনিবাৰে পুৱা দেশৰ মাটিত ভৰি থয় ছিংকাম আৰু ৪ সংগীয়ে।


টোগলেৰ কয়, ‘‘১৯ মাৰ্চত আমি ভাৰততে আছিলো। সেই অঞ্চলত নিয়মিতভাৱে চিকাৰৰ সন্ধান কৰো। সেইদিনা আমি সীমান্ত অতিক্ৰম কৰা নাছিলো। চীন সেনাই আমাক অপহৰণ কৰি নিয়ে। আমি পলাবলৈ সক্ষম নহ’লো, কাৰণ তেওঁলোক সংখ্যাত বেছি আছিল।’’


 

টোগলেই আৰু কয়, ‘‘আমাক বলপূৰ্বকভাৱে মাটিত বহুৱাই, হাত পিছফাল কৰি ডিঙিৰ পিছফালে বান্ধিছিল। ইয়াৰ পিছতে মুখ ঢাকি অপহৰণ কৰিছিল। যেতিয়া চকু মেলিছিলো, দেখিলো আমি চীনা কেম্পত। আমাক এখন বিছনাৰ সৈতে বান্ধি মাৰপিট কৰিছিল। মুখত কাপোৰ বান্ধি আন এঠাইলৈ নি আকৌ মাৰপিট কৰিছিল।’’



অকথ্য অত্যাচাৰৰ সেই ১৫ দিন জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম বুলি কৈ টোগলেই কয়, ‘‘১৫ দিন আমাক এটা অন্ধকাৰ কোঠাত চকীত বহুৱাই ৰখা হৈছিল। এক ছেকেণ্ডৰ বাবেও চকু বন্ধ কৰিব দিয়া নাছিল। ওৰে দিনটো আমাৰ ওপৰত চলিছিল নিৰ্যাতন। চকুৰ পলক পৰিলেই দিছিল ইলেকট্ৰিক শ্বক। আমাক ভাৰতীয় গুপ্তচৰ বুলি কোৱাবলৈ চেষ্টা কৰিছিল।’’


টোগলেই জনা যে তেওঁলোকক পেকেট খাদ্য খাবলৈ দিয়া হৈছিল। বাথৰুমলৈ যোৱাৰ বাবেও উঠিবলৈ দিয়া হোৱা নাছিল! দুই হাত চকীত বন্ধা। ইয়াৰ উপৰি সীমান্তত ভাৰতৰ এলেকা কোন ঠাইৰ পৰা, সেয়া চিহ্নিত কৰাৰ বাবে স্থানীয় লোকে যি ব’ৰ্ড লগায় তাত টোগলেৰ ভূমিকা কি সেয়াও জনাৰ চেষ্টা কৰিছিল চীনা সেনাই। সেই ব’ৰ্ডৰ সৈতে তেওঁৰ হাতৰ আখৰ মিলাই চোৱা বুলি দাবী টোগলেৰ।

Published by: Sanjay Kumar Das
First published: September 16, 2020, 5:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading