Chandrayaan 2: আজি চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযানে, জানক লেণ্ডাৰ ‘বিক্ৰম’ আৰু ৰভাৰ ‘প্ৰজ্ঞান’ৰ কি কাম?

চন্দ্ৰযান–২ৰ মুখ্য উদ্দেশ্য হৈছে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰি পৃষ্ঠভূমিৰ অধ্যয়ন কৰা। বিজ্ঞানীসকলৰ মতে চন্দ্ৰৰ উপৰিভাগত বৰফ আৰু ৰ’দ যথেষ্ট পৰিমাণে উপলব্ধ। ভৱিষ্যতৰ মিছন মংগলৰ কাৰণে এই অধ্যয়ন অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। 

News18
Updated:September 6, 2019, 3:19 PM IST
Chandrayaan 2: আজি চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব চন্দ্ৰযানে, জানক লেণ্ডাৰ ‘বিক্ৰম’ আৰু ৰভাৰ ‘প্ৰজ্ঞান’ৰ কি কাম?
চন্দ্ৰযান–২ৰ মুখ্য উদ্দেশ্য হৈছে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰি পৃষ্ঠভূমিৰ অধ্যয়ন কৰা। বিজ্ঞানীসকলৰ মতে চন্দ্ৰৰ উপৰিভাগত বৰফ আৰু ৰ’দ যথেষ্ট পৰিমাণে উপলব্ধ। ভৱিষ্যতৰ মিছন মংগলৰ কাৰণে এই অধ্যয়ন অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। 
News18
Updated: September 6, 2019, 3:19 PM IST
চন্দ্ৰপৃষ্ঠত অৱতৰণক লৈ ওলোটা গণনা ইতিমধ্যে আৰম্ভ হৈছে। আজি চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান–২–এ অৱতৰণ কৰাৰ লগে লগে বিশ্বত এই অভিযান সম্পন্ন কৰা ভাৰত চতুৰ্থখন দেশ হৈ পৰিব। এতিয়ালৈকৈ আমেৰিকা, ৰাছিয়া আৰু চীনেহে এই কাম কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে চন্দ্ৰযান–২ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব আৰু এইপৰ্যন্ত আন কোনো দেশে এই কাম কৰিবলৈ সক্ষম হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি দেশবাসীক চন্দ্ৰযান–২ৰ অৱতৰণ চাবলৈ আহ্বান কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, মই নিজে ইয়াৰ ছবি টুইট কৰিম।



চন্দ্ৰযান–২ৰ মুখ্য উদ্দেশ্য হৈছে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰি পৃষ্ঠভূমিৰ অধ্যয়ন কৰা। বিজ্ঞানীসকলৰ মতে চন্দ্ৰৰ উপৰিভাগত বৰফ আৰু ৰ’দ যথেষ্ট পৰিমাণে উপলব্ধ। ভৱিষ্যতৰ মিছন মংগলৰ কাৰণে এই অধ্যয়ন অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। আহক জানো লেণ্ডাৰ ‘বিক্ৰম’ আৰু ৰভাৰ ‘প্ৰজ্ঞান’ৰ বিষয়েঃ

–বিক্ৰম আৰু ইয়াৰ ভিতৰত থকা ৰভাৰ ‘প্ৰজ্ঞান’–এ আজি নিশা ১বাজি ৩০মিনিটৰ পৰা ২বাজি ৩০মিনিটত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ আশা কৰা হৈছে।

–চন্দ্ৰপৃষ্ঠত নমাৰ পিছতে বিক্ৰমৰ পৰা ৰভাৰ প্ৰজ্ঞান পুৱা ৫বাজি ৩০মিনিটৰ পৰা ছয় বাজি ৩০মিনিটৰ ভিতৰত ওলাই যাব।

–লেণ্ডাৰ বিক্ৰমে চন্দ্ৰমাৰ পৃষ্ঠত ৰভাৰ প্ৰজ্ঞানক লন্স কৰিব, যিটো সৌৰ শক্তিৰে সঞ্চালিত হয়। এই ৰভাৰত ছটা চকা আছে আৰু প্ৰতি ছেকেণ্ডত ১ছে.মি. গতিৰে প্ৰায় ৫০০মিটাৰ দূৰত্ব ই অতিক্ৰম কৰিব।

–ৰভাৰে জমা কৰা ডাটা লেণ্ডাৰলৈ প্ৰেৰণ কৰিব, লেণ্ডাৰৰ জৰিয়তে এই ডাটা ইছৰ’ৰ মহাকাশ ষ্টেশ্যনলৈ আহিব। ৰভাৰ প্ৰজ্ঞান চন্দ্ৰৰ এদিন বা পৃথিৱীৰ হিচাপত ১৪দিনলৈ সক্ৰিয় হৈ থাকিব।

–চন্দ্ৰৰ এদিন পৃথিৱীৰ ১৪দিনৰ সমান। লেণ্ডাৰ মিছন জীৱনকাল এক চন্দ্ৰ দিৱসেই। আনহাতে অৰবিটেৰে এবছৰলৈ সক্ৰিয় হৈ থাকিব।

–লেণ্ডাৰৰ নাম বিক্ৰম ৰখা হৈছে কাৰণ এই সংস্কৃত শব্দটোৰ অৰ্থ বীৰত্বৰ সৈতে সম্পৰ্কিত। বিক্ৰম নামটো ৰখাৰ আন এটা উদ্দেশ্য বিজ্ঞানী বিক্ৰম চাৰাভাইক শ্ৰদ্ধাঞ্জলি দিয়াও হয়।

–প্ৰজ্ঞানৰ ওজন ২৭কিলোগ্ৰাম আৰু ৫০ৱাট ক্ষমতাৰে ই পৰিচালিত।

–প্ৰজ্ঞানত সংযোজিত কৰা হৈছে টেৰেন মেপিং কেমেৰা। ইয়াৰ দ্বাৰা চন্দ্ৰপৃষ্ঠৰ বহুতো ৰহস্যৰ ওমান পোৱা যাব।
আৰু চাওক পৰৱৰ্তী বাতৰি