Mission Paani: ভাৰতৰ পৰিৱৰ্তিত সামাজিক সংৰচনাই কেনেকৈ জলসম্পদ আৰু পৰিচ্ছন্নতাৰ ওপৰত প্ৰভাৱ পেলাইছে

- News18 Assam
- Last Updated: January 25, 2021, 9:58 AM IST
জনসংখ্যাৰ মাত্ৰাধিক্য হয়তো জলসম্পদ টুটি অহাৰ অন্যতম কাৰণ। সেইক্ষেত্ৰতো নগৰাঞ্চলতকৈ গ্ৰাম্য অঞ্চলত প্ৰভাৱ অধিক পৰিছে। ভূ–গৰ্ভৰ জলৰাশিৰ এক বৃহৎ অংশ শেষ হ’ল কিন্তু ইয়াৰ আপূৰ্তি হোৱা নাই। ইয়াৰ লগতে দেশত পুনঃব্যৱহাৰ্য জলসম্পদ দীৰ্ঘস্থায়ীভাৱে উপলব্ধ নহয়। জনসংখ্যা বৃদ্ধিৰ লগে লগে এই দিশত চাপ মাত্ৰাধিক হোৱা দেখা গৈছে। পানীৰ অভাৱৰ কাৰণেই অনাময় ব্যৱস্থাৰো অভাৱ দেখা গৈছে। গ্ৰাম্য এলেকাত চৰকাৰে ১১০ মিলিয়ন টয়লেট উপলব্ধ কৰোৱাইছে যদি নিষ্কাষণৰ অভাৱ আৰু পৰিষ্কাৰ পানীৰ নাটনিৰ কাৰণে এইসমূহ ব্যৱহাৰ কৰাত বাধাৰ সৃষ্টি হৈছে।
জলসম্পদৰ অভাৱ যদি এটা বিষয় আনহাতে আন্তঃগাথনিৰ অভাৱ আৰু উপলব্ধ সামগ্ৰীৰ বৈষম্যমূলক বিতৰণৰ কাৰণে আমি যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো। নগৰ অঞ্চলত পানীৰ বিতৰণ যথেষ্ট পৰিমাণে আছে যদিও গ্ৰাম্য এলেকাত পানীৰ সংকট এক ডাঙৰ সমস্যা। নৰ্দমা নিষ্কাষণৰ দুৰ্বল ব্যৱস্থাৰ কাৰণে অনাময় ব্যৱস্থাৰ ক্ষেত্ৰতো সমস্যাৰ উদ্ভৱ হৈছে। আৱৰ্জনা নিষ্কাষণৰ ক্ষেত্ৰত ঔদ্যোগিক আৱৰ্জনা আৰু মানুহৰ মল–মূত্ৰ পৃথক কৰাৰ কোনো ব্যৱস্থা নাই। পানীৰ অভাৱ আৰু পৰিচ্ছন্নতা নথকা মানে ৰুগীয়া নাগৰিকৰ সৃষ্টি। পানীৰ অভাৱৰ কাৰণেই প্ৰতি দুটি শিশুৰ এটি অপুষ্টিত ভোগে। এই সকলোবোৰৰ আঁৰত কাৰণ হৈছে আমাৰ জলসম্পদৰ ওপৰত চাপ আৰু পৰিচ্ছন্নতাৰ অভাৱ।
(Join Mission Paani, a Harpic and News18 Initiative. Be a part of the Mission PaanWaterthon scheduled on 26th January, 12:30 pm onwards. Become aware, do your bit, and save the country!)