এবাৰ, দুবাৰ নহয় চাৰিশবাৰতকৈ অধিক বাৰ ছুৰীৰে হনা হৈছিল IBৰ কৰ্মচাৰী অংকিত শৰ্মাক, শিয়ৰি উঠিছিল চিকিৎসক

News18 Assam | News18-Assam
Updated:February 28, 2020, 7:29 PM IST
এবাৰ, দুবাৰ নহয় চাৰিশবাৰতকৈ অধিক বাৰ ছুৰীৰে হনা হৈছিল IBৰ কৰ্মচাৰী অংকিত শৰ্মাক, শিয়ৰি উঠিছিল চিকিৎসক
শৰীৰৰ এটা স্থানো নাবাচিল ৷ ৪০০বাৰতকৈ অধিকবাৰ ছুৰীৰে হনা হৈছিল অংকিতক ৷ পোষ্টমৰ্টেম ৰিপ’ৰ্টে চকু কপালত তুলিছে দেশৰ।

শৰীৰৰ এটা স্থানো নাবাচিল ৷ ৪০০বাৰতকৈ অধিকবাৰ ছুৰীৰে হনা হৈছিল অংকিতক ৷ পোষ্টমৰ্টেম ৰিপ’ৰ্টে চকু কপালত তুলিছে দেশৰ।

  • Share this:
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিল দিল্লীৰ ভয়াৱহ হিংসাত্মক ঘটনাত মৃত্যু হোৱা ইণ্টেলিজেঞ্চ ব্যুৰুৰ কৰ্মচাৰী অংকিত শৰ্মাৰ ৷ বাৰম্বাৰ ছুৰীৰে হনা হৈছিল অঙ্কিত শৰ্মাক ৷ চাৰিশ বাৰতকৈ অধিকবাৰ ছুৰীৰে হানিছিল অংকিতক ৷ প্ৰায় চাৰি ঘণ্টা ধৰি আক্ৰমণ কৰা হৈছিল অংকিতক ৷ শৰীৰৰ কোনো এটা অংশই বাচি যোৱা নাছিল অংকিতৰ ৷ মৰণোত্তৰ পৰীক্ষা কৰা চিকিৎসকে চিকিৎসা কালত এনে ঘটনাৰ মুখামুখি হোৱা নাই বুলি মন্তব্য কৰিছে ৷ ছুৰীৰে কৰা উপৰ্যুপৰি আক্ৰমণৰ বাবেই মৃত্যু হৈছিল অংকিতৰ ৷ ২৬ফেব্ৰুৱাৰীত চান্দবাগৰ এটা নলাত উদ্ধাৰ হৈছিল অংকিতৰ মৃতদেহ ৷ মৰণোত্তৰ পৰীক্ষাৰ পিছত অংকিতৰ পৰিয়ালক চমজাই দিয়াৰ পিছত অংকিতৰ পৈতৃক গাঁৱত ইতিমধ্যে হৈ গৈছে অন্তিম সৎকাৰ ৷

বৃহস্পতিবাৰে ইটাৱা গাঁৱলৈ লৈ যোৱা হৈছিল অংকিতৰ মৃতদেহ ৷ শ্বহীদ অংকিত অমৰ হওক ধ্বনিৰ মাজেৰে অন্তিম সৎকাৰ কৰা হ'ল অংকিত শৰ্মাৰ ৷ ৰাজ্যিক মৰ্যাদাৰে অন্তিম সৎকাৰ হোৱা অংকিতৰ পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সঞ্জীৱ বালিয়ানে ৷ ভাতৃ অঙ্কুৰ শৰ্মাই কৰিলে দিল্লী হিংসাত নৃশংসতাৰ বলি হোৱা অংকিত শৰ্মাৰ মুখাগ্নি ৷

আম আদমী পাৰ্টিৰ দিল্লীৰ নেহৰু বিহাৰৰ নেতা মঃ তাহিৰ হুছেইনৰ বিৰুদ্ধে অংকিত শৰ্মাক হত্যা কৰাৰ অভিযোগ উঠিছে ৷ পৰিয়ালৰ লোকে অভিযোগ তুলিছে,

"হিংসাৰ সময়ত তাহিৰ আৰু তাহিৰৰ সমৰ্থকে ভিৰৰ মাজৰ পৰা চোচৰাই লৈ গৈছিল অংকিতক ৷ আৰু তাৰ পিছত অমানৱীয়ভাৱে হানি-খুছি হত্যা কৰি চান্দবাগৰ নলাত পেলাই দিছিল মৃতদেহ ৷"

ইতিমধ্যে তাহিৰৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷ আৰম্ভ হৈছে তদন্ত ৷ আম আদমী পাৰ্টিয়ে দলৰ পৰা নিলম্বন কৰিছে তাহিৰ হুছেইনক ৷

গাওঁ বাসীয়ে দিল্লী হিংসাত বৰ্বৰতাৰ বলি হৈ মৃত্যু হোৱা অংকিতক শ্বহীদৰ মৰ্যাদা দিয়াৰ দাবী তুলিছে ৷ আত্মীয়ৰ দাবী,

"মোৰ ভতিজাৰ কৰ্তব্যৰত অৱস্থাত মৃত্যু হৈছে ৷ তাক শ্বহীদ ঘোষণা কৰাৰ লগতে পৰিয়ালে পাব লাগে প্ৰাপ্য ৷"

গাওঁবাসী আৰু পৰিয়ালৰ এই দাবী পুৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে কেন্দ্ৰীয় মন্ত্ৰী সঞ্জীৱ বালিয়ানে ৷
Published by: Tulika Devi
First published: February 28, 2020, 7:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading