মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Explainer: Covid-19ত আক্রান্ত হ’ব পাৰে শিশুসকল, ভয় নাখাব, সাৱধানে থাকক! আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ সামৰি এই প্ৰতিবেদন

Explainer: Covid-19ত আক্রান্ত হ’ব পাৰে শিশুসকল, ভয় নাখাব, সাৱধানে থাকক! আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ সামৰি এই প্ৰতিবেদন

News18 Assam | News18-Assam
Updated:September 17, 2021, 12:33 PM IST
Explainer: Covid-19ত আক্রান্ত হ’ব পাৰে শিশুসকল, ভয় নাখাব, সাৱধানে থাকক! আপোনাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ সামৰি এই প্ৰতিবেদন
Covid cases rising among kids: শেহতীয়াকৈ এটা উৎসৰ পৰা প্ৰকাশিত প্ৰতিবেদনত ১ৰ পৰা ১০বছৰৰ শিশুৰ মাজত কোৰোণাত আক্ৰান্ত হোৱাৰ হাৰ বাঢ়িছে।

Covid cases rising among kids: শেহতীয়াকৈ এটা উৎসৰ পৰা প্ৰকাশিত প্ৰতিবেদনত ১ৰ পৰা ১০বছৰৰ শিশুৰ মাজত কোৰোণাত আক্ৰান্ত হোৱাৰ হাৰ বাঢ়িছে।

  • News18 Assam
  • Last Updated: September 17, 2021, 12:33 PM IST
  • Share this:
গুৱাহাটী: কোৰোণাৰ পৰিস্থিতি এতিয়াও শাম কটা নাই। কোৰোনা শেষ হোৱা নাই। কোৰোনাৰ দ্বিতীয় ঢৌৰ ভয়ংকৰ ৰূপ সমগ্ৰ দেশবাসীয়ে দেখিছে। এই পৰিস্থিতিৰ মাজতে তৃতীয় ঢৌক লৈ চলিছে শংকাৰ বতাহ। চিন্তাত চৰকাৰৰ পৰা সাধাৰণ মানুহ যে কেনেকৈ এই সম্পূৰ্ণ পৰিস্থিতি চম্ভালিব পৰা যাব। আগৰ দুটা ঢৌৰ তুলনাত তৃতীয় ঢৌক লৈ সকলো বেছি চিন্তিত হৈ পৰিছে কাৰণ বিশেষজ্ঞসকলে মন কৰিছে যে এই ঢৌত আক্ৰান্তসকলৰ অধিকাংশই হ’ব পাৰে শিশু। (Covid cases rising among kids)।

শেহতীয়াকৈ এক ডাটা প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি ১ৰ পৰা ১০ বছৰৰ শিশুসকল কোৰোনাত আক্ৰান্ত হোৱাৰ হাৰ বাঢ়িছে। চলিত বছৰৰ মাৰ্চ মাহত কোৰোনাত আক্ৰান্ত সকলৰ মাজত শিশুসকলৰ আক্ৰান্ত হোৱাৰ হাৰ আছিল ২.৮০ শতাংশ। শিশুসকলৰ মাজত কোৰোনাত আক্ৰান্ত হোৱাৰ এই হাৰ আগষ্ট মাহত হৈছেগৈ ৭.০৪ শতাংশ।

অর্থাৎ প্রতি ১০০ জন কোৰোনা আক্রান্তৰ ভিতৰত শিশুৰ সংখ্যা ৭জন। এই তথ্য তুলি ধৰা হৈছে নীতি আয়োগৰ এক বৈঠকত। লগতে এই তথ্য তুলি ধৰা ভি কে পাল (V K Paul) নীতি আয়োগৰ এজন গুৰুত্বপূৰ্ণ সদস্য।

যি তথ্য প্রকাশ কৰা হৈছে তাত দেখুৱা হৈছে যে বিগত বছৰৰ জুন মাহত কোৰোনা আক্ৰান্তৰ মাজত শিশু আছিল ২.৭২ শতাংশ। লগতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সেই হাৰ বাঢ়ি হৈছে ৩.৫৯ শতাংশ। এই সন্দৰ্ভত বিভিন্ন ৰাজ্যৰ সুকীয়া সুকীয়া তথ্য তুলি ধৰা হৈছে। এই তালিকাৰ শীৰ্ষত আছে মিজোৰাম। মুঠ আক্ৰান্তৰ ভিতৰত মিজোৰামত শিশুৰ হাৰ ১৬. ৪৮ শতাংশ। আনহাতে তালিকাৰ সকলোতকৈ তলত আছে দিল্লী। দিল্লীত মুঠ আক্ৰান্তৰ ভিতৰত ২.২৫ শতাংশহে শিশু। মুঠ ৮খন ৰাজ্যৰ তালিকাও প্ৰকাশ কৰা হৈছে। সেই ৰাজ্যসমূহত শিশুসকলৰ আক্ৰান্তৰ হাৰ তলত দিয়া ধৰণেঃ

মিজোৰাম (Mizoram )- শিশুসকলৰ আক্রান্তৰ হাৰ ১৬.৪৮ শতাংশ

মেঘালয় (Meghalaya)- শিশুসকলৰ আক্রান্তৰ হাৰ ৯.৩৫ শতাংশ

মণিপুৰ (Manipur)- শিশুসকলৰ আক্রান্তৰ হাৰ ৮.৭৪ শতাংশ

কেৰালা (Kerala)- শিশুসকলৰ আক্রান্তৰ হাৰ ৮.৬২ শতাংশ

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ (Andaman & Nicobor Island)- শিশুৰ আক্রান্তৰ হাৰ ৮.২ শতাংশ

ছিকিম (Sikkim)- শিশুৰ আক্রান্তৰ হাৰ ৮.০২ শতাংশ

দাদৰ আৰু নগৰ হাভেলি (Dadra and Nagar Haveli)- শিশুৰ আক্রান্তৰ হাৰ ৭.৬৯ শতাংশ

অৰুণাচল প্রদেশ (Arunachal Pradesh)- শিশুৰ আক্রান্তৰ হাৰ ৭.৩৮ শতাংশ

যিসমূহ ৰাজ্যত সকলোতকৈ কম শিশু কোৰোনাত আক্ৰান্ত হৈছে সেই ৰাজ্যসমূহ হৈছে–

পণ্ডিচেৰী (Puducherry)- শিশুৰ আক্রান্তৰ হাৰ .৬.৯৫ শতাংশ

গোৱা (Goa)- শিশুৰ আক্রান্তৰ হাৰ ৬.৬৮ শতাংশ

নাগালেণ্ড (Nagaland)- শিশুৰ আক্রান্তৰ হাৰ ৫.৪৮ শতাংশ

অসম (Assam)- শিশুৰ আক্রান্তৰ হাৰ ৫.০৪ শতাংশ

কর্ণাটক (Karnataka)- শিশুৰ আক্রান্তৰ হাৰ ৪.৫৯ শতাংশ

অন্ধ্রপ্রদেশ (Andhra Pradesh)- শিশুসকলৰ আক্রান্তৰ হাৰ ৪.৫৩ শতাংশ

ওড়িশা (Odisha)- শিশুসকলৰ আক্রান্তৰ হাৰ ৪.১৮ শতাংশ

মহাৰাষ্ট্ৰ (Maharastra)- শিশুসকলৰ আক্রান্তৰ হাৰ ৪.০৮ শতাংশ

ত্রিপুৰা (Tripura)- শিশুসকলৰ আক্রান্তৰ হাৰ ৩.৫৪ শতাংশ

দিল্লী (Delhi)- শিশুসকলৰ আক্রান্তৰ হাৰ ২.২৫ শতাংশ

শেহতীয়াকৈ কৰা এক চেৰ’ চাৰ্ভে (Sero)। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে (ICMR) চলিত বছৰৰ জুন–জুলাই মাহত এই চাৰ্ভে কৰে। য’ত প্ৰকাশ পাইছে উদ্বেগজনক ছবি।  নাম প্রকাশত অনিচ্ছুক এজন বিশেষজ্ঞই জনায়, “শিশুসকলৰ মাজত কোৰোনাত আক্ৰান্ত হোৱাৰ হাৰ বাঢ়িছে। য’ত ডাঙৰসকলৰ আক্ৰান্তৰ হাৰ কমিছে। শিশুসকলৰ মাজত যি হাৰ বাঢ়িছে তাক ড্ৰামেটিক আখ্যা দিব পৰা নাযায়। সম্পূৰ্ণ বিষয়টোৰ ওপৰত আমি দৃষ্টি ৰাখিব লাগিব।”

ইয়াৰ লগতে তেওঁ আৰু জনায় যে ডাঙৰসকলৰ তুলনাত শিশুসকলৰ ওপৰত কোৰোনাৰ প্ৰভাৱ অনেক কম। তথাপিও সকলোকে সতৰ্ক তথা সচেতন হৈ থকাৰ পৰামৰ্শ দিছে তেওঁ। চলিত বছৰৰ মাৰ্চ মাহৰ পৰা কোৰোনাৰ দ্বিতীয় ঢৌ আৰম্ভ হৈছে তথা এয়া স্থায়ীৰূপে থাকে মে’ মাহৰ প্ৰথম সপ্তাহ পৰ্যন্ত। এই সকলোবোৰৰ মাজত চৰকাৰৰ তৰফৰ পৰা জোৰ দিয়া হৈছে টীকাকৰণৰ ওপৰত। বিশেষজ্ঞসকলৰ বহুতেই জনাইছে, কোৰোনাৰ ভেকচিন ল’লে প্ৰভাৱ যথেষ্ট কমিব।

কোৰোনাৰ তৃতীয় ঢৌত যাতে শিশুসকলৰ চিকিৎসাজনিত সমস্যা নহয় তাৰ কাৰণে কিছু পদক্ষেপ গ্ৰহণ কৰা হৈছে। জানিব পৰা মতে, শিশুসকলৰ কাৰণে ৫শতাংশ ICU বেড বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। লগতে ৪শতাংশ নন ICU বেড বঢ়োৱাৰ প্ৰস্তাৱ দিয়া হৈছে।
First published: September 17, 2021, 12:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি