নিজামুদ্দিন কেনেকৈ হৈ পৰিল Covid-19ৰ অভিকেন্দ্ৰ? আমদানি হৈছিল নেকি সংক্ৰমণ?

News18 Assam | News18-Assam
Updated:April 1, 2020, 11:09 PM IST
নিজামুদ্দিন কেনেকৈ হৈ পৰিল Covid-19ৰ অভিকেন্দ্ৰ? আমদানি হৈছিল নেকি সংক্ৰমণ?
২৭ ফেব্ৰুৱাৰীত মালয়েছিয়াৰ ৰাজধানী চহৰখনৰ শ্ৰী পেটেলিং মছজিদত তবলিগী জামাতৰ এক ধৰ্মীয় অনুষ্ঠানত ১৬,০০০ লোকৰ সমাবেশ হৈছিল।

২৭ ফেব্ৰুৱাৰীত মালয়েছিয়াৰ ৰাজধানী চহৰখনৰ শ্ৰী পেটেলিং মছজিদত তবলিগী জামাতৰ এক ধৰ্মীয় অনুষ্ঠানত ১৬,০০০ লোকৰ সমাবেশ হৈছিল।

  • Share this:
সমগ্ৰ বিশ্বৰ ভিতৰত ইটালী কোৰোণা মহামাৰী কেন্দ্রস্থল হিচাপে চিহ্নিত হৈছে। আৰু ভাৰতবৰ্ষত কোৰোণাৰ কেন্দ্ৰস্থল হিচাপে চিহ্নিত হোৱাৰ দিশে গতি কৰিছে দিল্লীৰ নিজামুদ্দিনে। স্মৰ্তব্য যে কোৰোণা আক্ৰান্তক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থাক ইংৰাজীত Quarantine বোলা হয়, আৰু এই শব্দটোৰ উৎপত্তিস্থলো হৈছে ইটালী।

নিজামুদ্দিনত কেনেকৈ ঘৰ পাতিলে কোৰোণা ভাইৰাছে?
১৩ মাৰ্চত ১০জন ইণ্ডোনেছিয়াৰ নাগৰিক ৰে’লযোগে দিল্লীৰ পৰা গৈছিল তেলেংগানালৈ। পিছদিনা উপস্থিত হৈছিল গৈ ৰামাগুদামত। ইয়াৰ পৰা অটোৰে তেওঁলোক পাইছিলগৈ কৰিম নগৰ। কৰিম নগৰত এওঁলোকৰ শৰীৰত Covid-19 ৰ লক্ষণে দেখা দিছিল ১৬ মাৰ্চত। কৰ্তৃপক্ষ অৱগত হোৱাত এওঁলোকৰ ভ্ৰমণসূচীৰ পৰীক্ষা কৰা হ’ল; ইয়াতে ওলাই পৰিল তেওঁলোকৰ পূৰ্বৰ নিজামুদ্দিন মাৰকাজলৈ যোৱাৰ কথা। আৰু এয়াই আছিল প্ৰথমটো বিপদ ঘণ্টা।

এনে কেইবাটাও ঘটনা সমগ্ৰ দেশত পোহৰলৈ অহাৰ পাছত Integrated Disease Surveillance Programৰ বিষয়ববীয়াৰ তৎপৰতাত গম পোৱা যায় যে মাৰকাজত ১০০০ৰো অধিক লোক সোমাই আছে আৰু তাৰে বহুতৰ গাত কোৰোণাৰ লক্ষণ পৰিলক্ষিত হৈছে। কিন্তু নিজামুদ্দিনৰ ৬ মহলীয়া মাৰকাজ বিল্ডিঙত কেনেকৈ ঘৰ সাজিলে বিধ্বংসী কোৰোণাই?

এই তথ্য উদ্ঘাটন কৰিবলৈ আমি যাব লাগিব কোৱালালামপুৰ। যোৱা ২৭ ফেব্ৰুৱাৰীত মালয়েছিয়াৰ ৰাজধানী চহৰখনৰ শ্ৰী পেটেলিং মছজিদত তবলিগী জামাতৰ এক ধৰ্মীয় অনুষ্ঠানত ১৬,০০০ লোকৰ সমাবেশ হৈছিল। চাৰিদিন একেলগে নামাজ আদা কৰিছিল, খাদ্য প্ৰস্তুত কৰি খাইছিল ইত্যাদি। এই সমাবেশত চীন আৰু দক্ষিণ কোৰিয়াৰ লোকো আছিল আৰু এই দুইখন দেশ সেই সময়ত কোৰোণাত আক্ৰান্ত হৈ আছিল। এই সমাবেশৰ দুই সপ্তাহৰ পিছতে মালয়েছিয়াত ৬৭০জন লোক কোৰোণা ভাইৰাছত আক্রান্ত হয় আৰু তাৰে ৫০০জনেই তবলিগী জামাতৰ সেই ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।
তবলিগীৰ সদস্যসকলে নিজ নিজ দেশলৈ লৈ গৈছিল এই ভাৰাইছ।

ব্ৰুনেইত এই সমাবেশত অংশ লৈ ঘূৰি যোৱা ৫০জন আক্রান্ত হ’ল। আনহাতে ছিংগাপুৰলৈ ৫জন, কম্বোডিয়ালৈ ১৩জন আৰু থাইলেণ্ডলৈ দুজনে এই বেমাৰ কঢ়িয়ালে। এনে পৰিস্থিতি দেখি মার্চৰ মাজভাগত ইণ্ডোনেছিয়াই তবলিগী জামাতৰ অনুষ্ঠানৰ অনুমতি কৰ্তন কৰিছিল। কিন্তু তাৰ আগতেই চোলাৱেই দ্বীপত তবলিগী জামাতৰ সদস্যই ভিৰ কৰিছিলগৈ।

এইসকল ভাৰতবৰ্ষতো উপস্থিত হৈছিল নেকি?
চৰকাৰৰ হাতত থকা তথ্য অনুসৰি, নিজামুদ্দিনৰ মাৰকাজত মার্চ মাহত প্ৰায় ৮০০০ লোক একত্ৰিত হৈছিল। মাৰকাজ এটা হোষ্টেলসদৃশ ৬ মহলীয়া ঘৰ, যিটো তবলিগী জামাতৰ মুখ্য কাৰ্যালয়। Immigration data অনুসৰি ইয়াৰ ২২৭জন বিদেশী। তেওঁলোক মালয়েছিয়া, ইণ্ডোনেছিয়া, চীন আদিৰ। আৰু ইয়াৰ বুজন সংখ্যক মালেয়েছিয়া আৰু ইণ্ডোনেছিয়া হৈ ভাৰতত প্ৰৱেশ কৰাৰ আশংকা কৰা হৈছে। দিল্লী আৰক্ষীৰ মতে, মার্চৰ ১০ তাৰিখৰ ভিতৰত তেওঁলোক দিল্লীত প্ৰৱেশ কৰিছিল। আনহাতে, ভাৰত চৰকাৰে চীনৰ পৰা আগমন মার্চৰ ১৩ তাৰিখে বন্ধ কৰিছে আৰু মার্চৰ ১৭ তাৰিখে মালয়েছিয়াৰ পৰা বিমান চলাচল বন্ধ হৈছিল। কিছু লোক নিজামুদ্দিনলৈ সংক্ৰমিত হৈ আহিছিল আৰু কিছু লোক নিজামুদ্দিনলৈ আহি সক্ৰমিত হৈছিল বুলি ক’ব খোজে IDSP বিষয়াসকলে।

ভাৰতৰ বিভিন্ন স্থানত আক্রান্ত হোৱা লোকৰ ভ্ৰমণসূচী পৰীক্ষা কৰাৰ পাছত তেওঁলোকৰ একাংশই নিজামুদ্দিনলৈ অহাৰ কথা পোহৰলৈ আহিল। IDSP বিষয়াসকলে নিজামুদ্দিন আহি দেখে যে মাৰকাজ ১০০০ৰ অধিক লোক আবদ্ধ হৈ আছে আৰু তাৰ একাংশৰ শৰীৰত লক্ষণ দেখা দিছে। IDSP বিষয়াই জনালে এই কথা।

উল্লেখযোগ্য যে আন্দামান দ্বীপপুঞ্জ, কাশ্মীৰ আৰু অন্ধ্ৰ প্ৰদেশত কোৰোণাৰে আক্রান্ত হোৱা লোকে মাৰকাজত দিন কটোৱাৰ তথ্য পোৱা গৈছে।  সম্প্রতি নিজামুদ্দিনৰ মাৰকাজৰ যোগেদি আক্রান্ত হোৱা ৰাজ্যখন হৈছে অসম। অসমৰ আক্রান্ত হোৱা গোটেই কেইজনৰ মাৰকাজ সংযোগ পোৱা গৈছে।
Published by: Sanjay Kumar Das
First published: April 1, 2020, 11:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading