প্ৰকাণ্ড শিল, কাঁটাতাৰ লগোৱা লাঠিৰে আক্ৰমণ, নদীত জাপ দি প্ৰাণৰক্ষা বহুজনৰ, সীমান্তৰ এক ভয়ংকৰ নিশা

চৰকাৰী বিবৃতি অনুসৰি অন্ততঃ ২৪জন জোৱানে মৃত্যুৰ সৈতে সংঘৰ্ষ কৰিছে। চিকিৎসাধীন হৈ আছে ১১০জন।
চৰকাৰী বিবৃতি অনুসৰি অন্ততঃ ২৪জন জোৱানে মৃত্যুৰ সৈতে সংঘৰ্ষ কৰিছে। চিকিৎসাধীন হৈ আছে ১১০জন।
- News18 Assam
- Last Updated: June 17, 2020, 9:31 AM IST
চীনৰ লিবাৰেশ্যন আৰ্মীৰ এই অতৰ্কিত আক্ৰমণত মৃত্যু হৈছে অন্ততঃ ২৩জনৰ। ইয়াৰ মাজত আছে কৰ্নেল সন্তোষ বাবু। মঙলবাৰে সেনা সূত্ৰই প্ৰকাশ কৰিছে যে কেৱল যুদ্ধই নহয় প্ৰচণ্ড শীততো মৃত্যু হৈছে অনেকজনৰ।
প্ৰাণ ৰক্ষা পৰা এজন সেনাকৰ্মীৰ মতে, বহু নিৰস্ত্ৰ জোৱানক তেওঁলোকে হত্যা কৰিছে। অনেকেই এই অতৰ্কিত আক্ৰমণৰ পৰা বাচিবলৈ গলৱান নদীত জাপ দিছে। চৰকাৰী বিবৃতি অনুসৰি অন্ততঃ ২৪জন জোৱানে মৃত্যুৰ সৈতে যুঁজিছে। চিকিৎসাধীন হৈ আছে ১১০জন।
বেইজিঙৰ পৰা এই ঘটনাক লৈ এতিয়াও কোনো বিবৃতি প্ৰকাশ নকৰিলেও ভাৰতীয় সেনাৰ দাবী অন্ততঃ ৪০জন চীনা সৈন্য এই ঘটনাত হয় আহত হৈছে নহয় মৰিছে।
৬জুনৰ ক’ৰ কমাণ্ডোৰ বৈঠকৰ সিদ্ধান্ত কিয় লংঘন কৰিলে চীনে, বা কিয় ১৪নম্বৰ পইণ্টৰ ওচৰত এটা তম্বু তৰিছিল সেই বিষয়ে এতিয়াও কোনো তথ্য উপলব্ধ নহয়।
বিশেষজ্ঞৰ মতে, ভাৰতৰ লজিষ্টিক আন্তঃগাথনি বিকাশত মূৰ গৰম হৈছে চীনৰ। সেই উদ্বেগৰ কাৰণেই প্ৰকৃত নিয়ন্ত্ৰণৰেখা লংঘন কৰি ভাৰতক বাৰ্তা দিব বিচাৰিছে চীনা সৈন্যই। ভাৰতৰ অঞ্চল দখলৰ অভিসন্ধি ব্যৰ্থ হোৱাৰ আশংকাত ক্ষুব্ধ হৈছে চীন, এনে ধাৰণা।