অৰুণাচল প্ৰদেশৰ বিস্তীৰ্ণ অঞ্চল কেনেকৈ দখল কৰিলে চীনে, আকৌ এবাৰ ক্ষোভ প্ৰকাশ অৰুণাচল পূব সংসদীয় সমষ্টিৰ বিজেপিৰ সাংসদ টাপিৰ গাৱৰ

সাংসদগৰাকীয়ে জনালে মেকমোহন লাইনৰ পৰা বহু আগুৱাই আহি অৰুণাচলী লোকে পূৰ্বৰে পৰা বসবাস কৰি আপাৰ সোৱনশিৰি জিলাৰ আছাপিলা আৰু লংজু চেক্টৰৰ সোৱনশিৰি নদীৰ দুয়োপাৰ দখল কৰিছে চীনে।
সাংসদগৰাকীয়ে জনালে মেকমোহন লাইনৰ পৰা বহু আগুৱাই আহি অৰুণাচলী লোকে পূৰ্বৰে পৰা বসবাস কৰি আপাৰ সোৱনশিৰি জিলাৰ আছাপিলা আৰু লংজু চেক্টৰৰ সোৱনশিৰি নদীৰ দুয়োপাৰ দখল কৰিছে চীনে।
- News18 Assam
- Last Updated: June 18, 2020, 6:56 PM IST
সাংসদগৰাকীৰ মতে, কেৱল দখল কৰাই নহয়, আছাপিলা আৰু মাজা নামৰ ঠাই দুখনত পকী পথ, পকী দলং, পকী ঘৰ, হেলিপেড পৰ্যন্ত নিৰ্মাণ সম্পূৰ্ণ কৰিছে। সাংসদগৰাকীৰ দাবী কৰা ঠাইডোখৰৰ দুখন বিশেষ ফটো তলত তুলি ধৰা হৈছে।

সাংসদগৰাকীৰ বৰ্ণনা মতে, মেকমোহন লাইনৰ পৰা ১০-১২ কিলোমিটাৰ আগুৱাই আহি চীনা সেনাই ভাৰতীয় সেনাৰ ঘাটি এটাও দখল কৰি লৈছে। মাজা নামৰ ঠাইত থকা ভাৰতীয় সেনা কেইবা কিলোমিটাৰ আঁতৰি আহিব লগা হয়। ভাৰতীয় সেনাই মাজা এলেকা এৰি নতুনকৈ স্থাপন কৰা ছাউনীটোৰ নাম পূৰ্বৰ দৰে মাজা ৰাখিছে। আনহাতে বিছা, আচাপিলা আৰু লংজু আদি ঠাইবোৰো আজি চীনৰ দখলত। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল আজি চীনৰ দখলত থকা আছাপিলা নামৰ ঠাইখনত এসময়ত ভাৰতীয় সেনাৰ শিবিৰ আছিল।
সেই শিবিৰত ভাৰতীয় সেনাৰ কেপ্তেইন হিচাপে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বি জে পি নেতা যশোৱন্ত সিঙে ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈকে কাম কৰিছিল। কিন্তু সেই আছাপিলা নামৰ ঠাই খিনি এতিয়া চীনা সেনাৰ দখলত। পূৰ্বেও উল্লেখ কৰা এই দাবী আকৌ এবাৰ দোহাৰে বিজেপি সাংসদগৰাকীয়ে। সাংসদজনৰ মতে, চীনা সেনাই অৰুণাচল প্ৰদেশৰ আপাৰ সোৱনশিৰি জিলাৰ বিস্তীৰ্ণ এলেকা ভাৰতীয় সেনাৰ দখলৰ পৰা নিজৰ দখললৈ নিছে। মাজা এলেকাত স্থাপন কৰিছে এটা ক্ষুদ্ৰ জল বিদ্যুৎ প্ৰকল্প আৰু হেলিপেড। টাপিৰ গাৱে এনেকৈ আগবঢ়ায় বহুকেইটা অভিযোগ।
(অৰুণাচল প্ৰদেশৰ পৰা News18ৰ কাৰণে মিণ্টু তামুলীৰ প্ৰতিবেদন)