• Home
  • »
  • News
  • »
  • nation
  • »
  • EPFO: ঘৰত বহিয়েই কি কি উপায়েৰে জানিব পাৰিব আপোনাৰ PF একাউণ্টত থকা জমা ধনৰাশি?

EPFO: ঘৰত বহিয়েই কি কি উপায়েৰে জানিব পাৰিব আপোনাৰ PF একাউণ্টত থকা জমা ধনৰাশি?

ঘৰত বহিয়েই আপুনি ৪টা উপায়েৰে পৰীক্ষা কৰিব পাৰে আপোনাৰ PFত থকা জমা ধন। টুইটযোগে এই বিষয়ে অৱগত কৰিছে কৰ্মচাৰী ভৱিষ্য নিধি সংগঠনে ।

ঘৰত বহিয়েই আপুনি ৪টা উপায়েৰে পৰীক্ষা কৰিব পাৰে আপোনাৰ PFত থকা জমা ধন। টুইটযোগে এই বিষয়ে অৱগত কৰিছে কৰ্মচাৰী ভৱিষ্য নিধি সংগঠনে ।

ঘৰত বহিয়েই আপুনি ৪টা উপায়েৰে পৰীক্ষা কৰিব পাৰে আপোনাৰ PFত থকা জমা ধন। টুইটযোগে এই বিষয়ে অৱগত কৰিছে কৰ্মচাৰী ভৱিষ্য নিধি সংগঠনে ।

  • Share this:
যদি আপুনি আপোনাৰ PF একাউণ্টৰ জমা ধন পৰীক্ষা কৰিব বিচাৰে, তেন্তে আপুনি এতিয়াৰে পৰা কোনো ধৰণৰ টেনচন লোৱাৰ প্ৰয়োজন নাই । আপুনি ঘৰত বহিয়েই আপোনাৰ PFৰ জমা ধন পৰীক্ষা কৰিব পাৰিব । ৪ টা উপায়েৰে আপুনি কৰিব পাৰিব এই কাম। টুইটযোগে এই বিষয়ে অৱগত কৰিছে কৰ্মচাৰী ভৱিষ্য নিধি সংগঠন চমুকৈ EPFOয়ে । আপুনি এতিয়া ম'বাইলৰ পৰা এছএমএছ প্ৰেৰণ কৰি, মিছকলৰ জৰিয়তে আৰু ৱেবছাইটৰ জৰিয়তে আপোনাৰ PFত থকা জমা ধন পৰীক্ষা কৰিব পাৰিব ।

যিহেতু কৰ্মচাৰীৰ দৰমহাৰ ১২ শতাংশ EPFত জমা কৰা হয় আৰু ইয়াত ১২ শতাংশ অৱদান নিয়োগকৰ্তাই দিয়ে। লগতে সৰ্বমুঠ এই ধনৰ ওপৰত চৰকাৰে সূতো প্ৰদান কৰে।

ঘৰত বহি চাৰিটা প্ৰক্ৰিয়াৰে EPFৰ জমা ধন চাব পাৰিব । এছএমএছ, মিছকল,ৱেবছাইট,উমাং এপৰ জৰিয়তে চাব পাৰিব ধনৰ পৰিমাণ ।

এছএমএছ(SMS)ৰ জৰিয়তে এনেদৰে পৰীক্ষা কৰক জমা ধন -

যদি আপোনাৰ UAN EPFOৰ সৈতে পঞ্জীয়ন কৰা আছে, তেন্তে আপোনাৰ শেহতীয়া জমা ধন আৰু PF ধনৰ তথ্য মেছেজৰ জৰিয়তে লাভ কৰিব পাৰিব । ইয়াৰ বাবে, আপুনি 7738299899ত EPFOHO UAN ENG লিখি মেছেজ প্ৰেৰণ কৰিব লাগিব । শেষৰ তিনিটা আখৰ ভাষাৰ বাবেহে । যদি আপোনাক হিন্দীত তথ্যৰ প্ৰয়োজন হয়, আপুনি EPFOHO UAN HIN লিখি প্ৰেৰণ কৰিব লাগিব । এই সেৱা ইংৰাজী, পাঞ্জাৱী, মাৰাঠী, হিন্দী, কানাড়া, তেলেগু, তামিল, মালায়ালম আৰু বাঙালী ভাষাত উপলব্ধ। এই মেছেজটো UAN পঞ্জীভূত ম'বাইল নম্বৰৰ পৰা প্ৰেৰণ কৰিব লাগিব।

মিছকলৰ জৰিয়তে জমা ধনৰ পৰিমাণ পৰীক্ষা কৰক এনেদৰে -

ইয়াৰ বাবে আপুনি 011-22901406 নম্বৰত আপোনাৰ পঞ্জীভূত ম'বাইল নম্বৰৰ পৰা এটা মিছকল দিব লাগিব । ইয়াৰ পিছত EPFৰ পৰা এটা মেছেজ আহিব, য'ত আপুনি আপোনাৰ PF একাউণ্টৰ বিৱৰণ লাভ কৰিব। কিন্তু ইয়াৰ বাবে UANৰ সৈতে বেংক একাউণ্ট, পেন আৰু আধাৰ সংযুক্ত কৰাটো প্ৰয়োজনীয় । এই সেৱাৰ বাবে কোনো মাচুল লোৱা নহয়।

EPFOৰ জৰিয়তে পৰীক্ষা কৰক জমা ধন - EPFO কৰ্মচাৰীসকলে ওমাং এপৰ জৰিয়তেও তেওঁলোকৰ PF একাউণ্টৰ জমা ধন পৰীক্ষা কৰিব পাৰে। EPF পাছবুক চোৱাৰ উপৰিও আপুনি দাবীও কৰিব পাৰিব । এইটো এটা চৰকাৰী এপ আৰু এই এপটোৱে আপোনাক বিভিন্ন সুবিধাৰ সুবিধা ল'বলৈ অনুমতি দিব। আপুনি ইয়াক আপোনাৰ ফোনত ডাউনলোড কৰি পঞ্জীয়ন কৰিব লাগিব।

ইয়াৰ বাবে আপুনি EPFOলৈ যাব লাগিব। তাৰ পিচত ইয়াত কৰ্মচাৰী কেন্দ্ৰিক সেৱাসমূহত ক্লিক কৰক । View Passbookত ক্লিক কৰক। শেষত পাছবুক চাবলৈ UAN নম্বৰৰ সৈতে লগ ইন কৰক।

ৱেবছাইটৰ জৰিয়তেই কৰিব পাৰে জমা ধনৰ পৰীক্ষা -

আপুনি EPFOৱেবছাইটৰ জৰিয়তেও বেলেন্স পৰীক্ষা কৰিব পাৰে। ইয়াৰ বাবে আপুনি EPFOৰ পাছবুক পৰ্টেললৈ যাব লাগিব। তাৰ পিছত আপুনি আপোনাৰ UAN আৰু পাছবুকৰ সৈতে লগ ইন কৰিব লাগিব আৰু ডাউনলোড ভিউ পাছবুক বিকল্পত ক্লিক কৰিব লাগিব।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি