OPINION: বাংলাদেশত কেনেকৈ আছে হিন্দু সকল? ৭১ৰ পৰা ২০১২লৈ কিয় ৯১ লক্ষ হিন্দুয়ে দেশ এৰি পলায়ন কৰিলে! ক’ত সংস্থাপিত হ’ল এইসকল?
বাংলাদেশৰ পৰা ১৯৭১ চনৰ পৰা ২০১২ চনলৈ এই চাৰি দশকৰ দীঘলীয়া সময়ছোৱাত ৯০,৯২,১৩০জন হিন্দু ধৰ্মাৱলম্বী লোকে ধৰ্মীয় অত্যাচাৰৰ বলি হৈ পলায়ন কৰিছে।
বাংলাদেশৰ পৰা ১৯৭১ চনৰ পৰা ২০১২ চনলৈ এই চাৰি দশকৰ দীঘলীয়া সময়ছোৱাত ৯০,৯২,১৩০জন হিন্দু ধৰ্মাৱলম্বী লোকে ধৰ্মীয় অত্যাচাৰৰ বলি হৈ পলায়ন কৰিছে।
- News18 Assam
- Last Updated: April 4, 2021, 1:20 PM IST
বাংলাদেশৰ পৰা ১৯৭১ চনৰ পৰা ২০১২ চনলৈ এই চাৰি দশকৰ দীঘলীয়া সময়ছোৱাত ৯০,৯২,১৩০জন হিন্দু ধৰ্মাৱলম্বী লোকে ধৰ্মীয় অত্যাচাৰৰ বলি হৈ পলায়ন কৰিছে। ২০০১ চনৰ পৰা ২০১২ চনৰ ভিতৰত প্ৰতিদিনেই ৭৭৪জন হিন্দু লোকে বাংলাদেশ এৰিছে। ১৯৯১ চনৰ পৰা ২০০১ চনলৈ প্ৰতিদিনে ৭৬৭জন হিন্দু লোকে দেশ ত্যাগ কৰিছে। ১৯৭১ চনত বাংলাদেশে স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা লাভ কৰাৰ দশকটোত প্ৰতিদিনে ৫১২জন হিন্দু লোক পলায়ন কৰিছিল। ১৯৬৪ চনৰ পৰা ২০১৩চনলৈ সেই ভূখণ্ডৰ পৰা যি ১৯৭১ চনলৈকে পূব পাকিস্তান আছিল ১ কোটি ১৩ লক্ষ হিন্দু ধৰ্মাৱলম্বী লোকে উৎপীড়নৰ বলি হৈ দেশ ত্যাগ কৰিছে। এই তথ্য উপলব্ধ ঢাকা বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড০ আবুল বৰকতৰ গ্ৰন্থ – Political Economy of Reforming Agricultural Land and Water Bodies in Bangladeshত। বিভিন্ন তথ্য সংগ্ৰহ কৰি গ্ৰন্থখনত উল্লেখ কৰা মতে ১৯৬৪ চনৰ পৰা ২০১৩ চনলৈকে প্ৰতি বছৰে ২৩০৬১২জন হিন্দু লোক বাংলাদেশ এৰি অন্য দেশলৈ গুচি গৈছে। পলায়নকাৰী হিন্দুসকলৰ গন্তব্য স্থান ভাৰতবৰ্ষ নহ’বও পাৰে; কিন্তু যদিহে তেওঁলোক ভাৰতত প্ৰৱেশ কৰিছে; তেওঁলোকৰ বুজন সংখ্যকেই সীমান্ত ৰাজ্য পশ্চিম বংগ, অসম আৰু ত্ৰিপুৰাকে বাচি লোৱা বুলি ধাৰণা কৰাৰ থল আছে।
প্ৰফেছাৰ বৰকতে আন এখন গ্ৰন্থত উল্লেখ কৰা মতে, বাংলাদেশত বৰ্তমান বসবাস কৰি থকা ৬০শতাংশ হিন্দু লোকেই ভূমিহীন। পাকিস্তান চৰকাৰে ১৯৬৫চনত Enemy Property Act প্ৰণয়ন কৰি ভূমি সমূহ কাঢ়ি নিলে; পিছত বাংলাদেশ চৰকাৰে সেই আইনখনৰ অন্য এক নাম দি সেই প্ৰক্ৰিয়া চলাই থাকিল। আগশাৰীৰ অৰ্থনীতিবিদজনৰ মতে, দেশখনৰ পৰা ১৯৪৭ চনৰ পিছত ২২টা খিলঞ্জীয়া সম্প্ৰদায় অন্তৰ্ধান হৈছে। ইয়াৰ কাৰণো ধৰ্মীয় উৎপীড়ন।
অন্যহাতেদি, বাংলাদেশৰ সামাজিক, অৰ্থনৈতিক, ভাষিক, শৈক্ষিক আৰু সাংস্কৃতিক উত্তৰণত হিন্দু সম্প্ৰদায়ৰ লোকৰ অৱদান উল্লেখযোগ্য। বাংলাদেশত ২০২০ চনত ৩০,০০০ পূজা মণ্ডপত দুৰ্গা পূজা অনুষ্ঠিত হৈছিল। ঢাকা মহানগৰীত হৈছিল ২৩৩খন পূজা। Wikipediaৰ পৰা লাভ কৰা তথ্য মতে বাংলাদেশৰ ১৭খন জিলাত ৭৬টা হিন্দু মন্দিৰ আছে। তাৰে ৰাজসাহি জিলাত আছে সৰ্বাধিক ৩৩টা মন্দিৰ। কিন্তু জনসংখ্যাৰ অনুপাতে মন্দিৰ সংখ্যা নগণ্য বুলি ক’ব পাৰি। অৱশ্যে ৰাজধানী ঢাকাৰ ধাকেশ্বৰী মন্দিৰ খুবেই জনপ্ৰিয়। ঢাকাত বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সুবোধ দাসৰ প্ৰচেষ্টাত ৰাজধানী চহৰখনৰ সমীপত এটা নামঘৰৰো নিৰ্মাণ কাৰ্য চলি আছে। বৈষ্ণৱধৰ্মী মটোৱাসকলৰ গুৰুৰ জন্মস্থান আৰু উপাসনাৰ মূল স্থানো বাংলাদেশতে।
বাংলাদেশৰ গঠনৰ পিছত বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ শাসন কালত ধৰ্মনিৰপেক্ষতাক সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু ১৯৭৫ চনত বংগবন্ধুৰ মৃত্যুৰ পিছত জেনেৰেল জিয়াউৰ ৰহমানে নিজৰ শাসনকালত কোৰানৰ অংশ বিশেষ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰি ধৰ্মনিৰপেক্ষতা কৰ্তন কৰে। ১৯৮৮ চনত আন এজন সামৰিক শাসকে ইছলাম ধৰ্মক ৰাষ্ট্ৰ ধৰ্মৰ মৰ্যাদা প্ৰদান কৰে। ২০১১ চনত শ্বেইখ হাছিনাই ধৰ্মনিৰপেক্ষতাক যদিও পুনৰ সন্নিৱিষ্ট কৰে কিন্তু ইছলাম ধৰ্মক ৰাষ্ট্ৰ ধৰ্ম হিচাপে বাহাল ৰাখে।
যদিও ম্যানমাৰসদৃশ ৰাষ্ট্ৰৰ প্রত্যক্ষ হস্তক্ষেপত সংখ্যালঘু লোকৰ ওপৰত উৎপীড়ন বাংলাদেশত হোৱা নাই; কিন্তু এক প্ৰণালীবদ্ধ বিবর্তনমুখী উৎপীড়নৰ সন্মুখীন হিন্দুসকল হৈছে। যাৰ ফলত তেওঁলোক ভাৰতলৈ পলায়ন কৰাৰ অৱকাশ আছে। ঠিক তেনে ধৰণে জীৱিকাৰ সন্ধানত দেশখনৰ পৰা মুছলমান লোকে হিন্দুৰ লগতে ভাৰতত এটা সময়লৈকে প্ৰৱেশ কৰিছিল। বাংলাদেশৰ অৰ্থনৈতিক অৱস্থা পূৰ্বতকৈ টনকিয়াল হোৱাৰ পৰিপ্ৰেক্ষিতত সাম্প্ৰতিক কালত অনুপ্ৰৱেশৰ মাত্ৰা হ্ৰাস পাব পাৰে। কিন্তু ধৰ্মীয় উৎপীড়নৰ চৰকাৰী হস্তক্ষেপ অন্ত নপৰা লৈকে সংখ্যালঘু লোকৰ পলায়ন চলি থাকিব। আনহাতে, অসমত সেইসকল লোকক বৈধভাৱে সংস্থাপিত কৰাৰ বিৰোধিতা কৰে বুজন সংখ্যকে। বংগীয় মূলৰ হিন্দু–মুছলমান উভয় সম্প্ৰদায়ৰ লোকৰ বিচৰণ অসম ভূমিত বুজন সংখ্যকৰ কাৰণে গ্রহণযোগ্য নহয়।











