অসমৰ নিৰ্বাচনত সততে নেতাৰ মুখত উচ্চাৰিত হোৱা বিদেশী ৰাষ্ট্ৰখন হৈছে বাংলাদেশ। যোৱা চাৰি দশক ধৰি দেশখনৰ পৰা হোৱা অনুপ্ৰৱেশৰ বিষয়টোৱে অসমৰ ৰাজনৈতিক ধাৰা নিৰ্ণয় কৰি আহিছে। সম্প্ৰতি নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন হোৱাৰ পিছত অনুপ্ৰৱেশকাৰীৰ মাজৰ হিন্দু সকলক লৈ অন্য এক বাখ্যাৰ সৃষ্টি হৈছে। এই আইনৰ যোগেদি ২০১৪চন পর্যন্ত বাংলাদেশৰ পৰা পলায়ন কৰা হিন্দুক (লগতে আন ধৰ্মীয় সংখ্যালঘু লোকক) ভাৰতবর্ষত নাগৰিকত্ব প্ৰদান কৰা হ’ব ! বাংলাদেশত হিন্দুসকল অত্যাচাৰ বলি হয় – এই ধাৰণাৰে পৰিচালিত হৈ ভাৰতে এই অইন প্ৰণয়ন কৰিলে। কিন্তু হিন্দু লোকৰ ওপৰত অত্যাচাৰৰ সন্দৰ্ভত ভাৰতে বাংলাদেশৰে বা অন্য আন্তঃৰাষ্ট্ৰীয় কূটনৈতিক মঞ্চত সজোৰে আপত্তি দৰ্শোৱা পৰিলক্ষিত হোৱা নাই। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়েও এই আইন অপ্ৰয়োজনীয় বুলি মন্তব্য প্ৰদান কৰিছে। এতিয়া প্রশ্ন হয় হিন্দুসকল কি পৰিস্থিতিত আছে মুছলমান সংখ্যাগুৰু লোকৰ দেশ বাংলাদেশত?
বাংলাদেশৰ পৰা ১৯৭১ চনৰ পৰা ২০১২ চনলৈ এই চাৰি দশকৰ দীঘলীয়া সময়ছোৱাত ৯০,৯২,১৩০জন হিন্দু ধৰ্মাৱলম্বী লোকে ধৰ্মীয় অত্যাচাৰৰ বলি হৈ পলায়ন কৰিছে। ২০০১ চনৰ পৰা ২০১২ চনৰ ভিতৰত প্ৰতিদিনেই ৭৭৪জন হিন্দু লোকে বাংলাদেশ এৰিছে। ১৯৯১ চনৰ পৰা ২০০১ চনলৈ প্ৰতিদিনে ৭৬৭জন হিন্দু লোকে দেশ ত্যাগ কৰিছে। ১৯৭১ চনত বাংলাদেশে স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা লাভ কৰাৰ দশকটোত প্ৰতিদিনে ৫১২জন হিন্দু লোক পলায়ন কৰিছিল। ১৯৬৪ চনৰ পৰা ২০১৩চনলৈ সেই ভূখণ্ডৰ পৰা যি ১৯৭১ চনলৈকে পূব পাকিস্তান আছিল ১ কোটি ১৩ লক্ষ হিন্দু ধৰ্মাৱলম্বী লোকে উৎপীড়নৰ বলি হৈ দেশ ত্যাগ কৰিছে। এই তথ্য উপলব্ধ ঢাকা বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড০ আবুল বৰকতৰ গ্ৰন্থ – Political Economy of Reforming Agricultural Land and Water Bodies in Bangladeshত। বিভিন্ন তথ্য সংগ্ৰহ কৰি গ্ৰন্থখনত উল্লেখ কৰা মতে ১৯৬৪ চনৰ পৰা ২০১৩ চনলৈকে প্ৰতি বছৰে ২৩০৬১২জন হিন্দু লোক বাংলাদেশ এৰি অন্য দেশলৈ গুচি গৈছে। পলায়নকাৰী হিন্দুসকলৰ গন্তব্য স্থান ভাৰতবৰ্ষ নহ’বও পাৰে; কিন্তু যদিহে তেওঁলোক ভাৰতত প্ৰৱেশ কৰিছে; তেওঁলোকৰ বুজন সংখ্যকেই সীমান্ত ৰাজ্য পশ্চিম বংগ, অসম আৰু ত্ৰিপুৰাকে বাচি লোৱা বুলি ধাৰণা কৰাৰ থল আছে।
প্ৰফেছাৰ বৰকতে আন এখন গ্ৰন্থত উল্লেখ কৰা মতে, বাংলাদেশত বৰ্তমান বসবাস কৰি থকা ৬০শতাংশ হিন্দু লোকেই ভূমিহীন। পাকিস্তান চৰকাৰে ১৯৬৫চনত Enemy Property Act প্ৰণয়ন কৰি ভূমি সমূহ কাঢ়ি নিলে; পিছত বাংলাদেশ চৰকাৰে সেই আইনখনৰ অন্য এক নাম দি সেই প্ৰক্ৰিয়া চলাই থাকিল। আগশাৰীৰ অৰ্থনীতিবিদজনৰ মতে, দেশখনৰ পৰা ১৯৪৭ চনৰ পিছত ২২টা খিলঞ্জীয়া সম্প্ৰদায় অন্তৰ্ধান হৈছে। ইয়াৰ কাৰণো ধৰ্মীয় উৎপীড়ন।
বাংলাদেশ ভাৰত আৰু নেপালৰ পাছতে বিশ্বৰ তৃতীয় বৃহৎ হিন্দু জনবসতিপূৰ্ণ দেশ। দেশখনত ২০১১ চনৰ লোকপিয়ল মতে ১ কোটি ২৭ লাখ হিন্দু লোকে বসবাস কৰে। দেশৰ জনসংখ্যা প্ৰায় ১৫ কোটি আৰু তাৰে ৮.৫৪ শতাংশ হিন্দু ধৰ্মাৱলম্বী লোক। ১৯৭৪ চনত বাংলাদেশত হিন্দু আছিল ১৩.৫ শতাংশ; ২০১১ চনলৈ হিন্দুৰ সংখ্যা হ্ৰাস পালে ৩৩শতাংশ।
অন্যহাতেদি, বাংলাদেশৰ সামাজিক, অৰ্থনৈতিক, ভাষিক, শৈক্ষিক আৰু সাংস্কৃতিক উত্তৰণত হিন্দু সম্প্ৰদায়ৰ লোকৰ অৱদান উল্লেখযোগ্য। বাংলাদেশত ২০২০ চনত ৩০,০০০ পূজা মণ্ডপত দুৰ্গা পূজা অনুষ্ঠিত হৈছিল। ঢাকা মহানগৰীত হৈছিল ২৩৩খন পূজা। Wikipediaৰ পৰা লাভ কৰা তথ্য মতে বাংলাদেশৰ ১৭খন জিলাত ৭৬টা হিন্দু মন্দিৰ আছে। তাৰে ৰাজসাহি জিলাত আছে সৰ্বাধিক ৩৩টা মন্দিৰ। কিন্তু জনসংখ্যাৰ অনুপাতে মন্দিৰ সংখ্যা নগণ্য বুলি ক’ব পাৰি। অৱশ্যে ৰাজধানী ঢাকাৰ ধাকেশ্বৰী মন্দিৰ খুবেই জনপ্ৰিয়। ঢাকাত বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তা সুবোধ দাসৰ প্ৰচেষ্টাত ৰাজধানী চহৰখনৰ সমীপত এটা নামঘৰৰো নিৰ্মাণ কাৰ্য চলি আছে। বৈষ্ণৱধৰ্মী মটোৱাসকলৰ গুৰুৰ জন্মস্থান আৰু উপাসনাৰ মূল স্থানো বাংলাদেশতে।