যিটো বেংকৰ সন্মুখত বেচিছিল চাহ, সেইটো বেংকৰ পৰাই কেনেকৈ লুটিলে কোটি টকা?

News18 Assam | News18-Assam
Updated:June 17, 2020, 10:09 AM IST
যিটো বেংকৰ সন্মুখত বেচিছিল চাহ, সেইটো বেংকৰ পৰাই কেনেকৈ লুটিলে কোটি টকা?
বেংক অৱ ইণ্ডিয়াৰ মহাৰাজপুৰ শাখাত এই বৃহৎ প্ৰৱঞ্চনা পোহৰলৈ আহিছে। ২ডজনৰো অধিক গ্ৰাহকৰ একাউণ্টৰ পৰা ১কোটি ৪১লাখ টকা সৰকোৱা হৈছিল। 

বেংক অৱ ইণ্ডিয়াৰ মহাৰাজপুৰ শাখাত এই বৃহৎ প্ৰৱঞ্চনা পোহৰলৈ আহিছে। ২ডজনৰো অধিক গ্ৰাহকৰ একাউণ্টৰ পৰা ১কোটি ৪১লাখ টকা সৰকোৱা হৈছিল। 

  • Share this:
কাণপুৰঃ বেংক অৱ ইণ্ডিয়াৰ মহাৰাজপুৰ শাখাত ৪মাহ পূৰ্বে প্ৰায় ডেৰ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত আৰক্ষীয়ে মুখ্য অভিযুক্ত দিন হাজিৰা কৰা শ্ৰমিকক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে। ইয়াৰ পিছতে অন্যান্য অভিযুক্তসকলকো গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে প্ৰস্তুতি চলাইছে। এই বেংকটোত বৃহৎ বিত্তীয় কেলেংকাৰী পোহৰলৈ আহিছিল। গ্ৰাহকৰ একাউণ্টৰ পৰা লাখ লাখ টকা সৰকোৱা হৈছিল। ভুক্তভোগী গ্ৰাহকে হুলস্থুল কৰাত সমগ্ৰ ঘটনা পোহৰলৈ আহে। দুই ডজনৰো অধিক একাউণ্টৰ পৰা পৰা প্ৰায় ১কোটি ৪১লাখ টকা সৰকোৱা হৈছিল তেতিয়ালৈ।

কেলেংকাৰী পোহৰলৈ অহাৰ পিছত বেংকৰ মেনেজাৰে ২৯ফেব্ৰুৱাৰীত হাজিৰা কৰা শ্ৰমিক পংকজ গুপ্তা আৰু তেওঁৰ আত্মীয় সহ ১১জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। জানিব পৰা মতে পংকজে বেংক কৰ্মীৰ পাচৱৰ্ড চুৰি কৰি নিজৰ ঘৰৰ মানুহ আৰু বন্ধুমহলৰ একাউণ্টলৈ ধনৰাশি ট্ৰান্সফাৰ কৰিছিল। আৰক্ষীৰ অৱহেলাৰ কাৰণে এই ঘটনা পোনচাতে পোহৰলৈ অহা নাছিল। কিন্তু শীৰ্ষ বিষয়াৰ নিৰ্দেশৰ পিছত নৰৱেলৰ ইন্সপেক্টৰ ৰাম অৱতাৰে সমগ্ৰ বিষয়ত তদন্ত কৰি মুখ্য অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে অভিযুক্ত পংকজৰ পিতৃয়ে থানাৰ সন্মুখতে চাহ বেচিছিল আৰু পংকজেও সেই দোকানতে কাম কৰিছিল। পংকজৰ পিতৃয়ে ২০বছৰ পূৰ্বে ফতেহপুৰৰ পৰা আহি হাথীপুৰত বসতি স্থাপন কৰিছিল। ৫০০০টকাৰ চাকৰি কৰা পংকজ বছৰটোৰ ভিতৰতে অতি ধনী হৈ উঠিছিল। চাইকেলৰ সলনি বিলাসী গাড়ীত ঘুৰিবলৈ লোৱাৰ পিচতে সন্দেহৰ আৱৰ্তলৈ আহিছিল পংকজ।
First published: June 17, 2020, 10:08 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading