উপভোক্তা ব্যয়ৰ জৰীপৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে কৰিলে স্থিতি স্পষ্ট

News18-Assam
Updated:November 15, 2019, 8:24 PM IST
উপভোক্তা ব্যয়ৰ জৰীপৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে কৰিলে স্থিতি স্পষ্ট
Photo : moneycontrol.com

ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগ আৰু কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ন মন্ত্ৰণালয়ে ঘৰুৱা উপভোগ আৰু ব্যয়ৰ ওপৰত  যোৱা  জুলাই  ২০১৭ৰ পৰা জুন ২০১৮ লৈকে ৭৫ তম ৰাউণ্ডৰ এটা জৰীপ চলাইছিল।

  • Share this:
ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগ আৰু কেন্দ্ৰীয় পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ন মন্ত্ৰণালয়ে ঘৰুৱা উপভোগ আৰু ব্যয়ৰ ওপৰত  যোৱা  জুলাই  ২০১৭ৰ পৰা জুন ২০১৮ লৈকে ৭৫ তম ৰাউণ্ডৰ এটা জৰীপ চলাইছিল। উপভোক্তা ব্যয়ৰ জৰীপ সাধাৰণতে পাঁচ বছৰৰ অন্তৰালত কৰা হয়। শেষৰটো উপভোক্তা ব্যয়ৰ ওপৰত কৰা জৰীপ  আছিল ৬৮ নম্বৰৰ। যিটো সম্পাদন কৰা হৈছিল জুলাই ২০১১ ৰ পৰা জুন ২০১২ চনৰ ভিতৰত।  NSS উপভোক্তা ব্যয় জৰীপে ঘৰুৱা মাহিলী জনমূৰি উপভোক্তা ব্যয়ৰ ওপৰত হিচাপ কৰে। ঘৰুৱা সামগ্ৰীৰ ব্যয় আৰু উপভোগৰ তথ্য সংগ্ৰহৰ বাবে এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়।

মন্ত্ৰণালয়ে এন এচ এচ ৰ দ্বাৰা উপভোক্তাৰ ব্যয় জৰীপৰ মিডিয়া ৰিপৰ্টত উল্লেখ কৰা দেখা গৈছিল যে, উপভোক্তা খৰচ হ্ৰাস পাইছে আৰু adverse findings ৰ কাৰণে ৰিপৰ্টৰ পৰা আঁতৰ কৰা হৈছে।  সেইদৰে ক’ব বিচৰা হৈছিল যে, তথ্য আৰু ৰিপৰ্টৰ পুণৰীক্ষণৰ কাৰণে এক বিশেষ পদ্ধতি আছে, যি জৰীপৰ জৰিয়তে নিৰ্ধাৰণ কৰা হয়। সকলো তথ্য মন্ত্ৰণালয়লৈ অহাৰ পিছতো সেই তথ্য চূড়ান্ত বা প্ৰকৃত বুলি অভিহিত কৰা নহয়।

পিছত জৰীপৰ ৰিপৰ্টবোৰ পৰীক্ষা কৰা হ’ল আৰু দেখা গ’ল যে, উপভোগৰ দিশটোত এটা বৈচিত্ৰপূৰ্ণ উত্থানেই দেখা পোৱা গ’ল সেইটোৱেই নহয়।  যদি আমি বস্তু আৰু সেৱাৰ প্ৰকৃত উৎপাদনৰ নিচিনা অন্য প্ৰশাসনিক তথ্যৰ লগত তুলনা কৰো তেতিয়া আমি দিশৰ পৰিৱৰ্তনো দেখিবলৈ পাম। বিশেষকৈ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পৰিয়ালৰ দ্বাৰা সমাজিক সেৱা ধৰি ৰখাত জৰীপৰ আহিলাৰ ওপৰতো বিশেষ ভাবে গুৰুত্ব দিয়া হৈছিল। পিছত সমগ্ৰ বিষয়টোৰ আসোঁৱাহ দূৰ কৰাৰ লগতে পৰামৰ্শ বিচাৰি, জৰীপৰ পদ্ধতি সূচল কৰিবলৈ এখন বিশেষজ্ঞ কমিটিলৈ ৰেফাৰ কৰা হ’ল। সেইদৰে ভৱিষ্যতৰ জৰীপৰ কাৰণেও কমিটি খনৰ বিভিন্ন পৰামৰ্শ পৰীক্ষা কৰা হয়।

বিশেষজ্ঞ কমিটিয়ে ৰাষ্ট্ৰীয় একাউণ্ট পৰিসংখ্যাৰ ওপৰতো  পৃথকৈ পৰামৰ্শ আগবঢ়াইছে  GDP ৰ বিকাশৰ বাবে। ২০১৭–১৮ বৰ্ষ নতুন ভিত্তি বৰ্ষৰ বাবে উপযুক্ত নহয় বুলিও উল্লেখ কৰিছে।

তথ্যৰ গুণগত দিশৰ ওপৰত ২০১৭–১৮ বৰ্ষৰ উপভোক্তাৰ ব্যয়ৰ জৰীপৰ তথ্য ৰাজহুৱা নকৰিবলৈ কেন্দ্ৰীয় পৰিসংখ্যা মন্ত্ৰণালয়ে সিদ্ধান্ত গ্ৰহণ কৰে।

 

 

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি