ঔষধ দিয়াৰ নামত ৰোগীৰ গোপন অংগত হাত! গ্ৰেপ্তাৰ হাস্পতালৰ ৱাৰ্ড বয়

News18 Assam | News18-Assam
Updated:December 23, 2020, 9:38 AM IST
ঔষধ দিয়াৰ নামত ৰোগীৰ গোপন অংগত হাত! গ্ৰেপ্তাৰ হাস্পতালৰ ৱাৰ্ড বয়
আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰে মুকেশ প্ৰজাপতিক।

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰে মুকেশ প্ৰজাপতিক।

  • Share this:
গুৰুতৰ অভিযোগ উত্থাপিত হৈছে মুম্বাইৰ মালাদ ইষ্ট অঞ্চলৰ এখন বেচৰকাৰী হাস্পতালৰ বিৰুদ্ধে। ২৪ বছৰীয়া এগৰাকী যুৱতীৰ চাঞ্চল্যকৰ অভিযোগ হাস্পতালখনৰ এজন কৰ্মীৰ বিৰুদ্ধে। মুকেশ প্ৰজাপতি নামৰ যুৱকজনৰ বিৰুদ্ধে যুৱতীগৰাকী আৰু পৰিয়ালৰ অভিযোগ, যৌন নিৰ্যাতন চলাইছে মুকেশে। সেই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰজাপতিক।

হাস্পতালৰ সূত্ৰ অনুসৰি, মুকেশ প্ৰজাপতিয়ে সেই হাস্পতালখনত বিগত এবছৰ ধৰি কাম কৰি আছে। হাস্পতালত ভৰ্তি হোৱা যুৱতীগৰাকীৰ এটা অস্ত্ৰোপচাৰ কৰাৰ কথা আছিল। যুৱতীগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰে যে অস্ত্ৰোপচাৰৰ পূৰ্বে চিকিৎসকে তেওঁক কিছু ঔষধ দিছিল। সেই ঔষধসমূহ ঠিকমতে খুওৱাৰ দায়িত্ব আছিল মুকেশৰ। ঔষধ দিয়াৰ অচিলা লৈ মুকেশে তেওঁৰ গোপন অংগত স্পৰ্শ কৰিছে। যৌন নিৰ্যাতনৰ চেষ্টা চলায়। সেই সময়ত একো নক’লেও অস্ত্ৰোপচাৰৰ পিছত পৰিয়ালৰ লোকক এই কথা জনায় যুৱতীগৰাকীয়ে। ইয়াৰ পিছতে আৰক্ষীক অভিযোগ দিয়া হয়।

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰে মুকেশ প্ৰজাপতিক।
Published by: Sanjay Kumar Das
First published: December 23, 2020, 9:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি