শ্ৰাদ্ধ অনুষ্ঠানৰ আগদিনা ঘৰলৈ উভতিল কোৰোণাত ‘মৃত’ ৰোগী!

শ্ৰাদ্ধ অনুষ্ঠান হোৱাৰ কথা আছিল। আত্মীয় স্বজন প্ৰত্যেকেই উপস্থিত হৈছিল। ঘৰত ৰভা দিয়া হৈছিল।
শ্ৰাদ্ধ অনুষ্ঠান হোৱাৰ কথা আছিল। আত্মীয় স্বজন প্ৰত্যেকেই উপস্থিত হৈছিল। ঘৰত ৰভা দিয়া হৈছিল।
- News18 Assam
- Last Updated: November 21, 2020, 9:51 PM IST
হঠাত্ শুকুৰবাৰে পৰিয়াললৈ হাস্পতালৰ ফালৰ পৰা ফোন আহে, আপোনাৰ ৰোগী সুস্থ। আহক তেখেতক লৈ যাওক। সেই মৰ্মে শনিবাৰে এম্বুলেন্স যোগে শিৱনাথ বেনাৰ্জীক ঘৰলৈ লৈ অনা হ’ল।
এতিয়া প্ৰশ্ন উঠিছে হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে। কাৰ মৃতদেহ শিৱনাথ বেনাৰ্জীৰ পৰিয়ালৰ হাতত গটাই দিয়া হৈছিল? দেওবাৰে বেনাৰ্জীৰ শ্ৰাদ্ধ অনুষ্ঠান হোৱাৰ কথা আছিল। আত্মীয়-স্বজন আহি উপস্থিত হৈছিল শিৱনাথৰ ঘৰত। ঘৰত পেণ্ডেল দিয়া হৈছিল। আৰু তাৰ পিছতে শিৱনাথ পুনৰ ঘৰলৈ উভতি অহাত এতিয়া পৰিয়ালৰ মাজত আনন্দ উল্লাস।