বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা ভিৰ ৰে’লত ঘোঁৰা লৈ যোৱাৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।
বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা ভিৰ ৰে’লত ঘোঁৰা লৈ যোৱাৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।
ব্যস্ত সময়ত ৰে’লত ডবাত ভৰি থোৱাৰ ঠাই নাথাকে। বহু ষ্টেচনত ৰে’ল আহি ৰোৱাৰ পিছত উঠিবলৈ হেতা–ওপৰা লাগে যাত্ৰীৰ। সেই সময়তে ৰে’লত উঠিল এটা প্ৰকাণ্ড ঘোঁৰা! বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা ভিৰ ৰে’লত ঘোঁৰা লৈ যোৱাৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছে।
সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া এই ঘটনা সংঘটিত হয় শিয়ালদহ দক্ষিণ শাখাৰ ডাইমণ্ড হাৰ্বাৰ স্থানীয় ৰে’লত। সম্ভৱতঃ ৩৪৮৪৮ শিয়ালদহ–ডায়মণ্ড হাৰ্বাৰ ৰে’লৰ ঘটনা বুলি ধাৰণা কৰা হৈছে। প্ৰকৃত ঘটনা জনাৰ বাবে তদন্ত আৰম্ভ কৰিছে ৰে’ল বিভাগে।
পূব ৰে’লৰ মুখ্য জনসংযোগ বিষয়া একলব্য চক্ৰৱৰ্তীয়ে জনাইছে, ‘‘এনে ফটো ময়ো দেখিছো। কিন্তু কোন ষ্টেচনত এই ঘটনা সংঘটিত হৈছে সেয়া জানিব পৰা হোৱা নাই। কোন ষ্টেচনত নামিছে সেই যাত্ৰী আৰু ঘোঁৰাটো সেয়াও জানিব পৰা হোৱা নাই। অনুসন্ধান চলি আছে।’’
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|