உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • সিংহৰ সৈতে ধেমালি কৰাৰ পৰিণাম, সিংহই চোবাই পেলালে এইজন লোকৰ আঙুলি, চাওক ভিডিঅ’

    সিংহৰ সৈতে ধেমালি কৰাৰ পৰিণাম, সিংহই চোবাই পেলালে এইজন লোকৰ আঙুলি, চাওক ভিডিঅ’

    এই গাৰ নোম শিয়ৰি উঠা ভিডিঅ’টো জামাইকাৰ চিৰিয়াখানাৰ। ভিডিঅ’টোত এজন ব্যক্তিক দেখা গৈছে, যিজনে হয়তো ফুৰিবলৈ আহিছিল।

    এই গাৰ নোম শিয়ৰি উঠা ভিডিঅ’টো জামাইকাৰ চিৰিয়াখানাৰ। ভিডিঅ’টোত এজন ব্যক্তিক দেখা গৈছে, যিজনে হয়তো ফুৰিবলৈ আহিছিল।

    এই গাৰ নোম শিয়ৰি উঠা ভিডিঅ’টো জামাইকাৰ চিৰিয়াখানাৰ। ভিডিঅ’টোত এজন ব্যক্তিক দেখা গৈছে, যিজনে হয়তো ফুৰিবলৈ আহিছিল।

    • Share this:
    কোৱা হয় যে সিংহক দূৰৰ পৰা চাই গুচি যোৱা ভাল, লাগিলে সি পিঞ্জৰাতে থাকক। এই সৰু কথাটোকে বুজি নাপাই এজন লোকে সিংহৰ সৈতে ধেমালি কৰিবলৈ গৈ ভুগিলে পৰিণাম। আফ্ৰিকাৰ এখন চিৰিয়াখানাৰ এটা ভিডিঅ’ (Jamaican Zoo Viral Video) বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত এজন ব্যক্তিয়ে এটা সিংহৰ সৈতে ধেমালি কৰিবলৈ আৰম্ভ কৰিছিল আৰু সোনকালেই ইয়াৰ পৰিণাম ভোগ কৰিলে।

    এই গাৰ নোম শিয়ৰি উঠা ভিডিঅ’টো জামাইকাৰ চিৰিয়াখানাৰ। ভিডিঅ’টোত এজন ব্যক্তিক দেখা গৈছে, যিজনে হয়তো ফুৰিবলৈ আহিছিল। একাংশ লোকে সিংহটোৰ সৈতে ফটো, ভিডিঅ’ কৰি থকাৰ সময়তে উক্ত লোকজনে সিংহৰ গঁৰালত আঙুলি সুমুৱাই ধেমালি কৰি আছিল। তাৰ পিছত লোকজনৰ সৈতে যি হ’ল সেয়া দেখিলে শিয়ৰি উঠিব আপুনি।

    ভাইৰেল হৈ পৰা ভিডিঅ'টোত এই ব্যক্তিজনে সিংহৰ পিঞ্জৰাৰ বাহিৰত থিয় হৈ আছে আৰু সিংহটোৱে তেওঁক পিঞ্জৰাৰ ভিতৰৰ পৰা চাই আছে। ইমান ওচৰৰ পৰা সিংহটো চাই হেঁপাহ নপলাল লোকজনৰ। তাৰ পিছত সিংহটোৰ সৈতে ধেমালি কৰিবলৈ পিঞ্জৰাৰ ফাকেৰে আঙুলি সুমুৱাই দিলে লোকজনে। প্ৰথমে সিংহটোৱে একো কৰা নাছিল যদিও, এবাৰ হঠাৎ লোকজনৰ আঙুলিত কামোৰ মাৰি ধৰিলে। লোকজনে সিংহৰ মুখৰ পৰা আঙুলি উলিয়াই আনিবলৈ আপ্ৰাণ চেষ্টা চলালে। বহু কষ্টৰ মূৰত সিংহৰ মুখৰ পৰা মুক্ত হ’ল যদিও আঙুলিটোৰ হাড়হে ৰৈ গ’ল, বাকী অংশ চোবাই পেলালে সিংহই।
    Published by:Sanjay Kumar Das
    First published: