• Home
  • »
  • News
  • »
  • nation
  • »
  • ভয়ংকৰ পথ দুৰ্ঘটনাত ১১জন বৰযাত্ৰী নিহত, আহত কেইবাজনো

ভয়ংকৰ পথ দুৰ্ঘটনাত ১১জন বৰযাত্ৰী নিহত, আহত কেইবাজনো

দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়াৰ লগতে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

  • Share this:
গুজৰাটৰ বডোদৰা জিলাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। ৰাণু আৰু মহুৱাড় সংযোগী পথত ট্ৰাক আৰু এখন টেম্প’ৰ মাজত ভয়ংকৰ সংঘৰ্ষ। এই দুৰ্ঘটনাত ১১জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হৈছে। আহত আটাইকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

জানিব পৰা মতে, টেম্প’খনেৰে বিয়ালৈ গৈ আছিল লোকসকল। গৈ থকাৰ পথতে সন্মুখৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে ভয়ংকৰ সংঘৰ্ষ হয় টেম্প’খনৰ। দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়াৰ লগতে উদ্ধাৰ অভিযান আৰম্ভ কৰে। আহতসকল বৰ্তমান বডোদৰাৰ ছায়াজী জেনেৰেল হাস্পতালত চিকিৎসাধীন হৈ আছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি