দুঃখবৰ! চন্দ্ৰযানৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন, ৮বজাত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ

দেশবাসীৰ অপাৰ উৎসাহ ম্লান কৰি চন্দ্ৰযান–২ৰ লেণ্ডাৰ ‘বিক্ৰম’ৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হ’ল। পুৱা ৮বজাত বেংগালুৰুৰ ইছৰ’ৰ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক এইবিষয়ে সম্বোধন কৰিব। 

News18-Assam
Updated:September 7, 2019, 10:34 AM IST
দুঃখবৰ! চন্দ্ৰযানৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন, ৮বজাত দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ
দেশবাসীৰ অপাৰ উৎসাহ ম্লান কৰি চন্দ্ৰযান–২ৰ লেণ্ডাৰ ‘বিক্ৰম’ৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হ’ল। পুৱা ৮বজাত বেংগালুৰুৰ ইছৰ’ৰ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক এইবিষয়ে সম্বোধন কৰিব। 
News18-Assam
Updated: September 7, 2019, 10:34 AM IST
দেশবাসীৰ বাবে হতাশাজনক খবৰ। Chandrayaan 2 ৰ লেণ্ডাৰ বিক্ৰমৰ সৈতে শুকুৰবাৰে মাজনিশা হঠাৎ সম্পৰ্ক বিচ্ছিন্ন হয়। শণিবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰু স্থিত ইছৰ’ৰ চেণ্টাৰৰ পৰা এই সম্পৰ্কত দেশবাসীক সম্বোধন কৰিব। জানিব পৰা মতে তেওঁ চন্দ্ৰযান–২ৰ বিষয়ে দেশবাসীক অৱগত কৰিব।

ইছৰ’ৰ কেন্দ্ৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়,
জীৱনত উত্থান–পতন আহি থাকে, এয়া সৰু–সুৰা কৃতিত্ব নহয়, দেশ আপোনাক লৈ গৰ্বিত। লগতে তেওঁ কয় আকৌ এবাৰ সংযোগ স্থাপন হ’ব পাৰে গতিকে আশা একেবাৰে হেৰাই যোৱা নাই। মোৰ ফালৰ পৰা বিজ্ঞানীসকলৰ শুভেচ্ছা। আপোনালোকে বিজ্ঞান আৰু মানৱ জাতিৰ বহু ডাঙৰ সেৱা কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয়,
মই সম্পূৰ্ণৰূপে আপোনালোকৰ লগত আছো, সাহস বান্ধি আগবাঢ়ক।


প্ৰধানমন্ত্ৰীয়ে ইয়াৰ লগতে ইছৰ’ৰ প্ৰমুখ সিৱানৰ পিঠিত ঢকিয়াই অভিনন্দন জনায়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে চন্দ্ৰত ‘ছফট লেণ্ডিং’ পোণপটীয়াকৈ চাবলৈ বেংগালুৰুৰ ইছৰ’ কেন্দ্ৰত উপস্থিত হৈছিল।




মোদীয়ে কেন্দ্ৰতে ইছৰ’ৰ বিজ্ঞানীসকলক কয়, দেশে তেওঁলোকক লৈ গৰ্ব কৰে আৰু তেওঁলোকে নিজৰ সাহস বান্ধি ৰাখিব লাগে। মোদীয়ে টুইট কৰি কয়, ভাৰতে নিজৰ বিজ্ঞানীসকলক লৈ গৰ্ব কৰে। তেওঁলোকে নিজৰ সৰ্বশ্ৰেষ্ঠ খিনি উজাৰি দিছে আৰু দেশক সদায় গৌৰৱান্বিত কৰিছে। এই সময় ধৈৰ্য ধৰাৰ আৰু আমি ধৈৰ্য ধৰিম। ইছৰ’ৰ অধ্যক্ষই চন্দ্ৰযান–২ সন্দৰ্ভত আপডেট দিয়ে। আমি আশাবাদী আৰু মহাকাশ কাৰ্যসূচীত আমি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিম।

আৰু চাওক পৰৱৰ্তী বাতৰি