মুখ্যপৃষ্ঠা »খবৰ »দেশ »হনিমুনৰ বাবে বিদেশলৈ গৈ জে’লত সোমাল নৱ-দম্পতি, ভৰিব লগীয়া হ’ল ১ কোটি টকাৰ জৰিমনা

হনিমুনৰ বাবে বিদেশলৈ গৈ জে’লত সোমাল নৱ-দম্পতি, ভৰিব লগীয়া হ’ল ১ কোটি টকাৰ জৰিমনা

ইফালে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কুৰেশ্বীক।

ইফালে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কুৰেশ্বীক।

ইফালে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কুৰেশ্বীক।

  • Share this:
হনিমুনলৈ গৈ বিপদত পৰিল ভাৰতৰ এটি নৱ দম্পতি। মুম্বাইৰ দম্পতি অনিবা আৰু ছাৰিকই বিয়াৰ পিছত হনিমুনৰ বাবে মধ্যপ্ৰাচ্যৰ কাটাৰলৈ গৈছিল। তেওঁলোকলৈ বিনামূলীয়া হনিমুনৰ প্ৰস্তাৱ আগবঢ়াইছিল তবাচ্চাম ৰিয়াজ কুৰেশ্বী নামৰ তেওঁলোকৰ এজন সম্পৰ্কীয় ব্যক্তিয়ে।

ফলত যোৱা বছৰ ৬ জুলাইত নৱ-দম্পতিয়ে যাত্ৰা কৰিছিল কাটাৰলৈ। কিন্তু কাটাৰৰ হামাদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আৰক্ষীৰ জালত পৰে নৱ-দম্পতিটো। নিৰাপত্তাৰক্ষীয়ে তেওঁলোকৰ বেগত তালাচী চলাই উদ্ধাৰ কৰে ৪ কিলোগ্ৰাম নিষিদ্ধ ড্ৰাগছ হাছিছ।

পিছে সেই ড্ৰাগছ খিনি তেওঁলোকে জানি শুনি অনা নাছিল। তেওঁলোকৰ আত্মীয় কুৰেশ্বীয়ে সেয়া ডোহাত থকা এজন বন্ধুলৈ প্ৰেৰণ কৰা ধঁপাত বুলিহে তেওঁলোকৰ হাতত দি পঠিয়াইছিল। পিছত দম্পতিটোক কাটাৰৰ আদালতত হাজিৰ কৰোৱা হয়। আৰু আদালতে  তেওঁলোকক ১০ বছৰৰ কাৰাদণ্ডৰ লগতে ১ কোটি টকাৰ জৰিমনাও বিহে।

বৰ্তমান কাটাৰৰ জে’লত থকা নৱ দম্পতিটোৰ বিষয়ে জানিব পাৰিছে মুম্বাই আৰক্ষীয়ে।  নিজৰ আত্মীয়ৰ ষড়যন্ত্ৰৰ বলি হৈ শাস্তি ভোগ কৰিবলগীয়া হোৱা দম্পতিটোক দেশখনৰ পৰা উদ্ধাৰ কৰি আনিবলৈ এতিয়া চিন্তা চৰ্চা কৰিছে মুম্বাই আৰক্ষীয়ে। ইফালে আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে কুৰেশ্বীক।

শেহতীয়া বাতৰি