চিকিত্‍সক স্বামী সমকামী! হানিমুনৰ সময়ত পৰিলে ধৰা, তাৰ পিছত যি কৰিলে নৱ-বিবাহিতা পত্নীয়ে...

News18 Assam | News18-Assam
Updated:October 4, 2020, 5:37 PM IST
চিকিত্‍সক স্বামী সমকামী! হানিমুনৰ সময়ত পৰিলে ধৰা, তাৰ পিছত যি কৰিলে নৱ-বিবাহিতা পত্নীয়ে...
Source- Google

নৱ বিবাহিতা পত্নীৰ অভিযোগ- বিয়াৰ পূৰ্বে স্বামী সমকামী বুলি জানিব পৰা নাছিল। বিয়াৰ পিছতো ভালদৰে জনা নাছিল। কিন্তু হানিমুনৰ সময়ত ধৰা পৰে স্বামীৰ দুৰ্বলতা।

  • Share this:
চিকিত্‍সক স্বামী সমকামী। হানিমুনলৈ গৈ এই কথা জানিব পাৰে পত্নীয়ে। আনকি এই কথা একেবাৰতে স্বীকাৰো কৰি লয় স্বামীয়ে। ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাথৰছত।

কেইদিনমান পূৰ্বে বিয়াত বহিছিল কোটওটলি অঞ্চলৰ যুৱতীগৰাকী। আলীগড় ৰোডৰ বাসিন্দা স্বামী পেছাত চিকিত্‍সক। যুৱতীগৰাকীৰ অভিযোগ, বিয়াৰ আগতে স্বামী সমকামী বুলি জনা নাছিল তেওঁ। বিয়াৰ পিছতো ভালদৰে জনা নাছিল। কিন্তু হনিমুনৰ বাবে মানালীলৈ যাওতে স্বামীৰ দুৰ্বলতাৰ কথা জানিব পাৰে পত্নীয়ে। আৰু লগে লগে স্বামীয়েও স্বীকাৰ কৰে যে, তেওঁ সমকামী। মহিলাৰ প্ৰতি তেওঁৰ কোনো আকৰ্ষণ নাই। পিছত মানালীতে এই কথাকলৈ দুয়োৰে মাজত তৰ্কা-তৰ্কি হয় আৰু তেতিয়া পত্নীক হত্যা কৰিবলৈও চেষ্টা কৰে সমকামী স্বামীয়ে।

যুৱতীগৰাকীৰ অভিযোগ, বিয়াৰ পিছত সুখী নাছিল স্বামীৰ পৰিয়ালৰ সদস্য। নানা ধৰণে শাৰীৰিক নিৰ্যাতনৰো চেষ্টা কৰিছিল। কিন্তু এই সকলো বোৰ প্ৰথমে সহ্য কৰি লৈছিল যুৱতীগৰাকীয়ে। কিন্তু হানিমুনলৈ যোৱাৰ সময়তে সকলো খেলিমেলি হৈ যায়।

যুৱতীগৰাকীয়ে আৰক্ষীক জনাইছে যে, সমকামী বুলি জনাৰ পিছতে ৰিজৰ্টতে তেওঁক স্বামীয়ে মাৰধৰ কৰে। স্বামীয়ে ভাঙি পেলাই তেওঁৰ মোবাইল ফোনো। ঘটনাৰ কথা বুজিব পাৰি ৰিজৰ্টৰ মালিকে মানালীৰ আৰক্ষীক খবৰ দিয়ে।

কিন্তু ৰিজৰ্টলৈ আৰক্ষী অহাৰ খবৰ পাই দুয়ো স্বামী-স্ত্ৰী সেই ঠাইৰ পৰা আঁতৰি যায়। আৰু আগ্ৰাস্থিত ঘৰলৈ উভতি আহে দুয়ো। পিছত স্বামীৰ ঘৰত উপস্থিত হৈয়ে আৰক্ষীৰ কাষ চাপে নৱ-বিবাহিতা মহিলাগৰাকী।
Published by: Himangshu Bhuyan
First published: October 4, 2020, 5:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading