অসমত বিদেশী সাংবাদিক প্ৰবেশত বাধা আৰোপৰ বাতৰি নস্যাৎ গৃহ মন্ত্ৰণালয়ৰ; টুইট যোগে এই বাতৰি খণ্ডন মুখপাত্ৰৰ

News18
Updated:September 4, 2019, 4:32 PM IST
অসমত বিদেশী সাংবাদিক প্ৰবেশত বাধা আৰোপৰ বাতৰি নস্যাৎ গৃহ মন্ত্ৰণালয়ৰ; টুইট যোগে এই বাতৰি খণ্ডন মুখপাত্ৰৰ
অসমত অনুমতি লৈ প্ৰৱেশৰ ক্ষেত্ৰত প্ৰচলিত আইন উল্লেখ কৰিলে মুখপাত্ৰগৰাকীয়ে।

অসমত অনুমতি লৈ প্ৰৱেশৰ ক্ষেত্ৰত প্ৰচলিত আইন উল্লেখ কৰিলে মুখপাত্ৰগৰাকীয়ে।

  • News18
  • Last Updated: September 4, 2019, 4:32 PM IST
  • Share this:
পাৰ্থ জ্যোতি বৰা, ব্যুৰ’ চীফ, নতুন দিল্লীঃ অসমত বিদেশী সাংবাদিক প্ৰবেশত বাধা আৰোপৰ বাতৰি খণ্ডন গৃহ মন্ত্ৰণালয়ৰ মুখপাত্ৰৰ; টুইট যোগে এই বাতৰি খণ্ডন কৰিছে মুখপাত্ৰ গৰাকীয়ে। বিদেশী সাংবাদিকে, ভাৰতত কৰ্মৰত হওক বা নহওক, (সংবাদ সংগ্ৰহৰ কাৰণে) অসম ভ্ৰমণ কৰিবলৈ পূৰ্বৰ পৰাই বিদেশ মন্ত্ৰালয়ৰ অনুমতিৰ প্ৰয়োজন আৰু বিদেশ মন্ত্ৰণালয়ে গৃহ মন্ত্ৰণালয়ৰে আলোচনা (Consultation) কৰি এই অনুমতি প্ৰদান কৰে । এই কথাও টুইট যোগে স্পষ্ট কৰে গৃহ বিভাগৰ মুখপাত্ৰই । অসমক Restricted Area বা Protected Area ৰ তালিকাত অন্তৰ্ভুক্ত কৰা নাই বুলিও একেটা টুইটত স্পষ্ট কৰি দিয়ে মুখপাত্ৰ গৰাকীয়ে ।

অসমক Protected Area ৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ খবৰ অসত্য আৰু বিভ্ৰান্তিকৰ বুলিও কোৱা হয় টুইটটোত। 

আনহাতে বিদেশ মন্ত্ৰণালয়ে আগতেই এক জাননীৰ যোগেদি জম্মু কাশ্মীৰ আৰু উত্তৰ পূবত সাংবাদিকক ভিজা প্ৰদানৰ নিয়মত সালসলনি ঘটাইছিল । জাননীৰ para 82 ত উল্লেখিত নিয়ম অনুসৰি সাংবাদিকে অসমলৈ যাবলৈ বিদেশ মন্ত্ৰণালয়ৰ বিশেষ অনুমতি ল’ব লাগিব ।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি