কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেশত এনআৰচি, চিএএ আৰু ডিটেনশ্যন কেম্পক লৈ চৰকাৰৰ পক্ষ উত্থাপন কৰিছে। তেওঁ ডিটেনশ্যন কেম্পক লৈ সংবাদমাধ্যমত প্ৰচাৰিত খবৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ডিটেনশ্যন কেম্প দেশত আছে আৰু ইয়াৰ এক প্ৰক্ৰিয়া আছে। এয়া অবৈধৰূপে ধৰা লোকৰ কাৰণে হয়। অসমত যিসমূহ লোকৰ নাম এনআৰচিত বাদ পৰিছে তেওঁলোকক ডিটেনশ্য়ন কেম্পত ৰখা হোৱা নাই। তেওঁলোক নিজৰ ঘৰতে আছে। দেশত যিসমূহ ডিটেনশ্যন কেম্প আছে তাত এনেকুৱা লোককহে ৰখা হৈছে যিসমূহ অবৈধভাৱে ধৰা পৰিছে। কোনোবা যদি পাৰপত্ৰ নোহোৱাকৈ ধৰা পৰিছে তেওঁলোকক ক’ৰবাত ৰাখিব লাগিব আৰু এয়া তাৰে ব্যৱস্থা।
ডিটেনশ্যন কেম্পৰ বিষয়ে অমিত শ্বাহে কয় যে, এয়া এক একেৰাহে চলিবলগীয়া কাৰ্যসূচী। তেওঁ কয় যে, কোনোবা বিদেশী যদি ধৰা পৰে তেনেহ’লে তেওঁলোকক প্ৰথমে ডিটেনশ্যন কেম্পত ৰখা হয়, কিয়নো তেওঁলোকক জেইলত ৰাখিব নোৱাৰি। অমিত শ্বাহে কয়, অসমত NRCত চিনাক্ত হোৱা লোকসকলক ছমাহৰ সময় দিয়া হৈছে যাতে তেওঁলোকে ফৰেনাৰ্ছ ট্ৰিবিউনেলত নিজৰ পক্ষ ৰাখিব পাৰে। ১৯লাখ লোক ডিটেনশ্যন চেণ্টাৰত নাই, তেওঁলোক নিজৰ ঘৰতে আছে, আনকি যদিহে তেওঁলোকৰ ওচৰত টকা–পইচা নাই তেনেহ’লে অধিবক্তাৰ খৰছো ভাৰত চৰকাৰে উঠাবলৈ সাজু আছে।
অসমত যথেষ্ট আগৰে পৰা আছে ডিটেনশ্যন কেম্পঅমিত শ্বাহে কয় যে কেৱল অসমত এটা ডিটেনশ্যন চেণ্টাৰ আছে, এই চেণ্টাৰ আজি নিৰ্মাণ হোৱা নাই, বহু আগৰে পৰা আছে। তেওঁ লগতে কয় যে কৰ্ণাটকৰ ডিটেনশ্যন চেণ্টাৰৰ বিষয়ে তেওঁৰ ওচৰত কোনো তথ্য নাই। ইয়াৰ নিৰ্মাণকাৰ্যৰ সম্পূৰ্ণ তথ্যও তেওঁৰ হাতত নাই। লগতে তেওঁ কয় যে ইয়াৰ NRC আৰু CAAৰ সৈতে কোনো লেন–দেন নাই। বহু বছৰ আগৰে পৰা বিদেশীৰ কাৰণে ভাৰতত ডিটেনশ্যন কেম্পৰ ব্যৱস্থা আছে আৰু NRCৰ কাৰণে বনোৱা হোৱা নাই।
এনআৰচিৰ কাৰণে নিৰ্মাণ কৰা হোৱা নাই ডিটেনশ্যন চেণ্টাৰঅমিত শ্বাহে কয়, এতিয়া যিসমূহ ডিটেনশ্যন চেণ্টাৰ আছে, সেইসমূহত ৰিফিউজী নহয় বৰং অবৈধভাৱে ধৰা লোকসকলকহে ৰখা হৈছে। আমি অসমত কাকো ৰখা নাই। এইবোৰ উৰাবাতৰি বিয়পোৱা হৈছে। আমেৰিকাৰ দৰে দেশতো এনেধৰণৰ ব্যৱস্থা থাকে। তাত যিসকল লোকক ধৰা হয় তেওঁলোকক তাত ৰখা হয়। আমি কোনো ডিটেনশ্যন কেম্প নিৰ্মাণ কৰা নাই। কোনোবাই অপৰাধ কৰি ধৰা পৰিলে তাৰ এটা প্ৰক্ৰিয়া থাকে। যিসকল ধৰা পৰে তেনেলোকক ৰখা হয়। এনআৰচিৰ কাৰণে নহয় এই ডিটেনশ্যন চেণ্টাৰ বহু আগৰে পৰা আছে আমি কেৱল এয়া পালনহে কৰিছো।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|