মুখ্যপৃষ্ঠা »খবৰ »দেশ »Home Minister Amit Shah : কাইলৈ নাগালেণ্ডলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গৃহমন্ত্ৰী অমিত শ্বাহ, ২৪ ফেব্ৰুৱাৰীত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও

Home Minister Amit Shah : কাইলৈ নাগালেণ্ডলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গৃহমন্ত্ৰী অমিত শ্বাহ, ২৪ ফেব্ৰুৱাৰীত আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও

কাইলৈ ডিমাপুৰলৈ AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও

কাইলৈ ডিমাপুৰলৈ AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও

কাইলৈ ডিমাপুৰলৈ AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও

  • Share this:

সাত দশক পুৰণি নগা সমস্যা সমাধান নহ'ব পাৰে ৷ কিন্তু নগা পাহাৰত এতিয়া পুনৰ চলিছে ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ ৷ ইয়াৰ মাজতে সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে নাগালেণ্ডত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Nagaland Election2023) ৷ ইয়াৰ বিপৰীতে AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও আহিব নিৰ্বাচনী প্ৰচাৰৰ বাবে ডিমাপুৰলৈ ৷ ২৪ ফেব্ৰুৱাৰীত NDPP আৰু BJPৰ হৈ প্ৰচাৰ চলাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Narendra Modi) ৷


এতিয়া বেলেগ কোনো কথাই নচলে নগা পাহাৰত ৷ কেৱল চলিছে নিৰ্বাচনৰ কথা ৷ চলিছে প্ৰতিশ্ৰুতিৰ বন্যা ৷ চলিছে নিজ নিজ দল আৰু সমৰ্থিত প্ৰাৰ্থীৰ জয়-জয়কাৰ ধ্বনি ৷ জিন্দাবাদ ধ্বনি ৷ শাসকীয় NDPP আৰু BJPৰ নিৰ্বাচনী যোৰ এইবেলি বেছিকৈ চলা দেখা গৈছে ৷ এই উৎসাহত সাৰ পানী যোগাইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Union Minister Kiren Rijiju) আৰু কিৰেণ ৰিজিজুৱে ৷ ইয়াৰ মাজতে দুদিনীয়া ভ্ৰমণসূচী লৈ নগা পাহাৰলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷


খবৰ মতে কাইলৈ আবেলি ৩:২০ত ডিব্ৰুগড় উপস্থিত হ'ব অমিত শ্বাহ (Home Minister Amit Shah) ৷ ডিব্ৰুগড়ৰ পৰা উৰিব অমিত শ্বাহৰ হেলিকপ্টাৰ নাগালেণ্ডৰ মনলৈ ৷ মনৰ ৰাজহুৱা খেলপথাৰত জনসভাত ভাষণ দিব আবেলি ৪:১০ত ৷ মনৰ আছাম ৰাইফলছৰ অতিথিশালাত সন্ধিয়া ৫:২০ৰ পৰা ৭ বজালৈ দলীয় কৰ্মীৰ সৈতে মিলিত হ'ব আলোচনাত ৷ নিশাটো আছাম ৰাইফলছৰ অতিথিশালাতে কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহ ৷ পিছদিনা অৰ্থাৎ মঙলবাৰে পুৱা ১০ বজাত বহিব ENPO আৰু গীৰ্জাৰ নেতৃত্বৰে আলোচনাত ৷ ১১ বজাত কন্যাক নেতৃত্বৰ সৈতে বহিব আন এক আলোচনাত ৷


ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৰাওনা হ'ব টেয়েনছাঙলৈ ৷ টুয়েনছাঙত দুপৰীয়া ১২:১৫ত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব শ্বাহে ৷ তাৰ পিছত মুকছুঙলৈ উৰিব শ্বাহৰ হেলিকপ্টাৰ ৷ আবেলি ২ বজাত মুককছুঙত অংশগ্ৰহণ কৰিব আন এক নিৰ্বাচনী সভাত মুকছুঙৰ নিৰ্বাচনী প্ৰচাৰসভাত অংশগ্ৰহণ কৰি ডিমাপুৰ হৈ অমিত শ্বাহ ৰাওনা হ'ব মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ ৷


অমিত শ্বাহৰ এই দুদিনীয়া নগা পাহাৰ ভ্ৰমণসূচীৰ মাজতে কাইলৈ ডিমাপুৰলৈ আহিব AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ৷ কংগ্ৰেছ সভাপতি খাৰ্গেই কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ ডিমাপুৰত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা ৷


ইপিনে অহা ২৪ ফেব্ৰুৱাৰীত ডিমাপুৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ডিমাপুৰৰ এগ্ৰি এস্কো ফিল্ডত NDPP আৰু BJPৰ এক যুটীয়া নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৷


ইপিনে নিৰ্বাচনী প্ৰচাৰৰ মাজতে কেন্দ্ৰীয় আৰু ৰাজ্যিক বিভিন্ন চৰকাৰী সন্থাই নাগালেণ্ডত অব্যাহত ৰাখিছে অভিযান ৷ এই অভিযানত শনিবাৰ পৰ্যন্ত ৪৩ কোটি ৮০ লাখ টকাৰ সা-সামগ্ৰী জব্দ কৰিছে ৷

শেহতীয়া বাতৰি