মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»অন্তিম সময় আহিছে নেকি নক্সালবাদৰ? অমিত শ্বাহৰ ১০ ৰাজ্যৰ সৈতে উচ্চস্তৰীয় বৈঠক, উপস্থিত উদ্ধৱ থাকৰেও

অন্তিম সময় আহিছে নেকি নক্সালবাদৰ? অমিত শ্বাহৰ ১০ ৰাজ্যৰ সৈতে উচ্চস্তৰীয় বৈঠক, উপস্থিত উদ্ধৱ থাকৰেও

News18 Assam | News18-Assam
Updated:September 26, 2021, 6:50 PM IST
অন্তিম সময় আহিছে নেকি নক্সালবাদৰ? অমিত শ্বাহৰ ১০ ৰাজ্যৰ সৈতে উচ্চস্তৰীয় বৈঠক, উপস্থিত উদ্ধৱ থাকৰেও
দেশৰ মুঠ ৯০খন জিলা নক্সালবাদী প্ৰভাৱিত বুলি গণ্য কৰা হয়।

দেশৰ মুঠ ৯০খন জিলা নক্সালবাদী প্ৰভাৱিত বুলি গণ্য কৰা হয়।

  • News18 Assam
  • Last Updated: September 26, 2021, 6:50 PM IST
  • Share this:

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে ছয়খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আন চাৰিখন ৰাজ্যৰ শীৰ্ষ বিষয়াসকলৰ সৈতে নক্সালবাদ সমস্যা (Naxal Problem) সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ বৈঠকত বহে৷ ৰাজ্যসমূহৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্ৰধানো বৈঠকত উপস্থিত থাকে। চৰকাৰী সূত্ৰ অনুসৰি, প্ৰায় তিনি ঘণ্টা ধৰি চলা বৈঠকখনত নক্সালবাদীসকলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰা আৰু তেওঁলোকলৈ অহা আৰ্থিক সাহায্য নিয়ন্ত্ৰণ কৰাক লৈ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়।


সূত্ৰৰ মতে, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক, তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে বৈঠকত অংশগ্ৰহণ কৰে।


পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডী আৰু কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন বৈঠকত উপস্থিত নাছিল, কিন্তু এই চাৰিখন ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকলে প্ৰতিনিধিত্ব কৰে।



বৈঠকৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে নক্সালবাদী কাৰ্যকলাপ কেনেদৰে সমাপ্ত কৰিব পাৰি, সেই সন্দৰ্ভত আলোচনা হৈছে। বহুতো ৰাজ্য ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছে, সেয়েহে সেই বিষয়বোৰ আলোচনা কৰা হৈছিল। তেওঁ নক্সালবাদী প্ৰভাৱিত অঞ্চলত ন্যায়ৰ সৈতে উন্নয়নৰ পোষকতা কৰে।


কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশখনত নক্সাল হিংসা যথেষ্ট হ্ৰাস পাইছে আৰু এতিয়া প্ৰায় ৪৫খন জিলাত এই ভাবুকি আছে। অৱশ্যে, দেশৰ মুঠ ৯০খন জিলা নক্সালবাদী প্ৰভাৱিত বুলি গণ্য কৰা হয়। এতিয়া আজিৰ বৈঠকৰ পিছত কি ধৰণে নক্সাল সমস্যাক লৈ চৰকাৰ কঠোৰ হয় সেয়া পৰ‍ৱৰ্তী সময়ত লক্ষণীয়  হ'ব।

Published by: Gautam Barman
First published: September 26, 2021, 6:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি