ঘৰত ব্যৱহাৰ কৰা এল পি জি চিলিণ্ডাৰ ক্ৰয়ৰ ক্ষেত্ৰত বহু কেইটা নতুন নীতি-নিয়ম নিৰ্ধাৰণ কৰা হৈছে। অহা নৱেম্বৰ মাহৰ পৰা বলৱত্ হ’ব এই সমূহ নীতি-নিয়ম। এতিয়া গ্ৰাহকক এল চি জি চিলিণ্ডাৰৰ বাবে ৱান-টাইম পাচৱৰ্ডৰ প্ৰয়োজন হ’ব।
নতুন চিষ্টেমক DAC নামেৰে নামাকৰণ কৰা হৈছে। অৰ্থাত্ ডেলিভাৰী অথেণ্টিকেশ্যন কোড। এতিয়াৰ পৰা কেৱল বুকিং কৰিলেই চিলিণ্ডাৰ ডেলিভাৰী নহ’ব। বৰঞ্চ এতিয়াৰ পৰা ৰেজিষ্টাৰ্ড মোবাইল নম্বৰলৈ এটা কোড পঠিওৱা হ’ব। ডেলিভাৰীৰ সময়ত সেই কোড দিয়াৰ পিছতহে লাভ কৰিব চিলিণ্ডাৰ।
কোনো গ্ৰাহকৰ যদি মোবাইল নম্বৰ ডিষ্ট্ৰিবিউটৰৰ ওচৰত ৰেজিষ্টাৰ কৰা নাথাকে, তেন্তে ডেলিভাৰী বয়ৰ ওচৰত যি এপ থাকিব, তাৰ পৰা ৰিয়েল টাইম আপোনাৰ নম্বৰ ৰেজিষ্টাৰ কৰিব পাৰিব। ইয়াৰ পিছতে এটা কোড জেনেৰেট হ’ব।
তেল কোম্পানীয়ে বলৱত্ কৰিছে এই নতুন চিষ্টেম। যা’তে গেছ চিলিণ্ডাৰ চুৰি আদি ঘটনা নাইকীয়া কৰিব পৰা যায়, লগতে ডেলিভাৰীৰ ক্ষেত্ৰত থকা বিসংগতি দূৰ হয়। প্ৰথম অৱস্থাত এই চিষ্টেম দেশৰ ১০০ খন প্ৰধান চহৰত আৰম্ভ হ’ব। পাইলট প্ৰজেক্ট হিচাপে ৰাজস্থানৰ জয়পুৰত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।
কোড নাথাকিলে নহ’ব ডেলিভাৰীঃ
এই নতুন চিষ্টেমৰ অধীনত, গেছ চিলিণ্ডাৰৰ ডেলিভাৰী তেতিয়ালৈকে সম্পূৰ্ণ নহ’ব, যেতিয়ালৈকে গ্ৰাহকে কোড নেদেখুৱাব। কোড গ্ৰাহকৰ ৰেজিষ্টাৰ্ড মোবাইল ফোনলৈ আহিব। ইয়াৰ বাবে গ্ৰাহকে গেছ এজেন্সীৰ সৈতে নিজৰ মোবাইল নম্বৰ আপজেট ৰাখিব লাগিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|