• Home
  • »
  • News
  • »
  • nation
  • »
  • গৃহ মন্ত্ৰী হোৱাৰ পিছতে অমিত শ্বাহৰ লক্ষ্য জম্মু–কাশ্মীৰৰ ১০ সন্ত্ৰাসবাদী

গৃহ মন্ত্ৰী হোৱাৰ পিছতে অমিত শ্বাহৰ লক্ষ্য জম্মু–কাশ্মীৰৰ ১০ সন্ত্ৰাসবাদী

এই শীৰ্ষৰ ১০ সন্ত্ৰাসবাদীৰ তালিকা নিৰাপত্তাৰক্ষীৰে আলোচনাৰ পিছত তৈয়াৰ কৰা হৈছে।

এই শীৰ্ষৰ ১০ সন্ত্ৰাসবাদীৰ তালিকা নিৰাপত্তাৰক্ষীৰে আলোচনাৰ পিছত তৈয়াৰ কৰা হৈছে।

এই শীৰ্ষৰ ১০ সন্ত্ৰাসবাদীৰ তালিকা নিৰাপত্তাৰক্ষীৰে আলোচনাৰ পিছত তৈয়াৰ কৰা হৈছে।

  • Share this:
    গৃহ মন্ত্ৰী অমিত শ্বাহে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে প্ৰথম কাম হিচাপে জম্মু–কাশ্মীৰৰ ১০ শীৰ্ষ সক্ৰিয় সন্ত্ৰাসবাদীৰ তালিকা প্ৰস্তুত কৰাইছে। এই তালিকাত আছে হিজবুল মুজাহিদীনৰ মুৰব্বী ৰিয়াজ নায়কু, লস্কৰ–ই–তৈবাৰ জিলা কমাণ্ডাৰ ৱাছিম আহমেদ ওৰফে ওছামা আৰু হিজবুলৰ আছৰাফ মৌলবীৰ নাম।

    এই শীৰ্ষৰ ১০ সন্ত্ৰাসবাদীৰ তালিকা নিৰাপত্তাৰক্ষীৰে আলোচনাৰ পিছত তৈয়াৰ কৰা হৈছে। ইয়াত মুখ্যত হিজবুল মুজাহিদীন, লস্কৰ–ই–তৈবা, জঈছ–ই–মহম্মদ আৰু অল বদৰৰ দৰে সংগঠনৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীসকলক অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে জম্মু–কাশ্মীৰৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস চলাই আছে।

    অমিত শ্বাহৰ জম্মু–কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ এই তালিকাত দ্বিতীয়তে আছে হিজবুল মুজাহিদীনৰ বাৰামুলা জিলাৰ সক্ৰিয়া জিলা কমাণ্ডাৰ মেহৰাজুদ্দিন আৰু ডাঃ ছঈফুল্লাহ ওৰফে ছঈফুল্লাহ মীৰৰ নাম। ডাঃ ছঈফুল্লাহে শ্ৰীনগৰত দ্ৰুতগতিত হিজবুলৰ কেডাৰ বৃদ্ধিৰ কাম কৰি আছে বুলি খবৰ প্ৰকাশ পাইছে।

    ইয়াৰ উপৰি পুলৱামা অঞ্চলত সক্ৰিয় হৈ থকা হিজবুলৰ জিলা কমাণ্ডাৰ আৰ্ছল উল হকৰ নামো আছে শ্বাহৰ তালিকাত। জঈছ–ই–মহম্মদৰ অপাৰেচন কমাণ্ডাৰ হাফিজ ওমৰো আছে শীৰ্ষ ১০ৰ তালিকা। সংগঠনটোৰ জাহিদ শ্বেখ ওৰফে ওমৰ আফগানিকো ৰখা হৈছে তালিকাত।

    অল বদৰ সন্ত্ৰাসবাদী সংগঠনটোৰ জাভেদ মাতো ফৈজল ওৰফে ছাকিব এলিয়াব মুছব আৰু এজাজ আহমেদ মালিকো আছে এই তালিকাত। ইয়াৰ উপৰি শেহতীয়াকৈ কুপৱাড়াত হিজবুলে নিযুক্তি দিয়া জিলা কমাণ্ডাৰকো অন্তৰ্ভুক্ত কৰা হৈছে তালিকাত।
    Published by:Sanjay Kumar Das
    First published:

    শেহতীয়া বাতৰি