ঐতিহাসিক! এবাৰলৈও নাবাঢ়িল দাম, ৬ বছৰে আটাইতকৈ সস্তাত বিদ্যুত্‍ যোগান দিল্লীবাসীক, প্ৰতিশ্ৰুতি ৰক্ষা আপ চৰকাৰৰ

News18 Assam | News18-Assam
Updated:August 30, 2020, 4:14 PM IST
ঐতিহাসিক! এবাৰলৈও নাবাঢ়িল দাম, ৬ বছৰে আটাইতকৈ সস্তাত বিদ্যুত্‍ যোগান দিল্লীবাসীক, প্ৰতিশ্ৰুতি ৰক্ষা আপ চৰকাৰৰ
প্ৰতিশ্ৰুতি ৰক্ষা কৰি দিল্লীত বিদ্যুতৰ দামত কোনো পৰিৱৰ্তন নকৰিলে কেজৰিৱাল চৰকাৰে।

প্ৰতিশ্ৰুতি ৰক্ষা কৰি দিল্লীত বিদ্যুতৰ দামত কোনো পৰিৱৰ্তন নকৰিলে কেজৰিৱাল চৰকাৰে।

  • Share this:
বিদ্যুতৰ মাছুল বৃদ্ধি নহ’লে যথেষ্ট সকাহ পাই সাধাৰণ জনতাই। আৰ্থিক সমস্যাই দেখা দিলেই বিদ্যুতৰ মাছুল বৃদ্ধি কৰে ৰাজ্য চৰকাৰ সমূহে। কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম দিল্লীৰ চৰকাৰ। যিসময়ত দেশৰ প্ৰায়সংখ্যক ৰাজ্যতে বিদ্যুতৰ মাছুল বৃদ্ধি কৰা হৈছে, সেই সময়তে কিন্তু আকৌ এবাৰ দিল্লীবাসীক সকাহ দিলে অৰবিন্দ কেজৰিৱাল চৰকাৰে। ক্ষমতালৈ আহিয়েই আপ চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে, কোনো কাৰণতে বিদ্যুতৰ মাছুল বৃদ্ধি নকৰে তেওঁলোকৰ চৰকাৰে। আৰু এতিয়া আন ৰাজ্যত দাম বৃদ্ধি হ’লেও একেবাৰে নূন্যতম দামত বিদ্যু যোগান ধৰিছে আপ চৰকাৰে।

ক্ষমতাত অধিস্থিত হোৱাৰ দিন ধৰি প্ৰতিশ্ৰুতি মতে, যোৱা ৬ বছৰে বিদ্যুতৰ দামত কোনো পৰিৱৰ্তন নকৰিলে কেজৰিৱাল চৰকাৰে। ২৮ আগষ্টত দিল্লী ইলেকট্ৰীচিটী ৰেগুলেটৰী বোৰ্ডে ঘোষণা কৰে, কোৰোণা মহামাৰীৰ পিছতো ২০২০-২১ বিত্তীয় বৰ্ষত বিদ্যুতৰ দামত কোনো পৰিৱৰ্তন নকৰে কেজৰিৱাল চৰকাৰে। বিগত কেইবা বছৰধৰি দেশৰ ভিতৰতে কম মূল্যত বিদ্যত্‍ সেৱা লাভ কৰিছে দিল্লীবাসীয়ে।




বিদ্যুতৰ দাম বৃদ্ধি নকৰাৰ ঘোষণা কৰাৰ পিছতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীবাসীক অভিনন্দন জনায়। তেওঁ লিখে যে, এতিয়া বছৰৰ পিছত বছৰ ধৰি সমগ্ৰ দেশতে বিদ্যুতৰ দাম বঢ়োৱা হৈছে। কিন্তু দিল্লী চৰকাৰে কোনো দাম বৃদ্ধিত অনুমোদন জনোৱা নাই। আনকি কিছু ক্ষেত্ৰত হ্ৰাস কৰাহে হৈছে বিদ্যুতৰ দাম। এয়া ঐতিহাসিক। দিল্লীবাসীৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে। ৰাজধানীবাসীয়ে এখন সত্‍ চৰকাৰ গঢ়ি তোলাৰ বাবে দিল্লী বাসীক ধন্যবাদ।
Published by: Himangshu Bhuyan
First published: August 30, 2020, 4:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading