পাকিস্তানক ধমক ৰাজনাথ সিঙৰ– ‘তোমালোকক শান্তিত মৰিবলৈও নিদিও’

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে আকৌ এবাৰ পাকিস্তানক উদ্দেশ্যি তীৰ্যক মন্তব্য কৰে

News18-Assam
Updated:September 27, 2019, 6:29 PM IST
পাকিস্তানক ধমক ৰাজনাথ সিঙৰ– ‘তোমালোকক শান্তিত মৰিবলৈও নিদিও’
Source-Google
News18-Assam
Updated: September 27, 2019, 6:29 PM IST
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুকুৰবাৰে আকৌ এবাৰ পাকিস্তানক উদ্দেশ্যি তীৰ্যক মন্তব্য কৰে। চুবুৰীয়া দেশৰ সন্ত্ৰাসবাদীয়ে ভাৰতৰ নদীপথ আৰু ক’ষ্ট লাইনক বিভিন্ন অপৰাধমূলক কাৰ্যৰ বাবে ব্যৱহাৰ কৰিছে বুলি যি অভিযোগ উত্থাপিত হৈছে, সেই অভিযোগ সম্পূৰ্ণ ৰূপে অস্বীকাৰ নকৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। কিন্তু এনেধৰণৰ কাৰ্য প্ৰতিহত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি উল্লেখ কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

কেৰেলাৰ কোল্লামত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতৰ নদী পথত অপৰাধমূলক কাৰ্য সংঘটিত কৰিবলৈ চেষ্টা কৰা চুবুৰীয়া দেশৰ সন্ত্ৰাসবাদীক ভাৰতবৰ্ষই শান্তিত মৰিবলৈও নিদিয়ে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি