• Home
  • »
  • News
  • »
  • nation
  • »
  • The Last Shop Of India: এইখন হৈছে ভাৰতৰ অন্তিমখন দোকান, জানেনে ক'ত আছে!

The Last Shop Of India: এইখন হৈছে ভাৰতৰ অন্তিমখন দোকান, জানেনে ক'ত আছে!

Hindustan ki Antim Dukaan: আনন্দ মহিন্দ্ৰাই হিন্দুস্তান কি অণ্টিম দুকান (Hindustan ki Antim Dukaan)ৰ এখন ফটো শ্বেয়াৰ কৰিছে, যিখন ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

  • Share this:
Hindustan ki Antim Dukaan: ছচিয়েল মিডিয়াত প্ৰায়েই সক্ৰিয় থাকে উদ্যোগপতি আনন্দ মহিন্দ্ৰা। আনন্দ মহিন্দ্ৰা (Anand Mahindra)ই আকৌ এবাৰ ইণ্টাৰনেটত শ্বেয়াৰ কৰিছে এখন আচৰিত ফটো, যিখন ভাইৰেল হৈ পৰিছে। এইবাৰ আনন্দ মহিন্দ্ৰাই হিন্দুস্তান কি অন্তিম দুকান (Hindustan ki Antim Dukaan)ৰ এখন ফটো শ্বেয়াৰ কৰিছে, যিখন ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

আনন্দ মহিন্দ্ৰাই টুইটত প্ৰকৃততে তেওঁৰ অনুগামীসকলৰ পৰা প্ৰতিক্ৰিয়া বিচাৰিছে। তেওঁ সুধিছে যে এইটো দেশৰ আটাইতকৈ দৰ্শনীয় চেলফি স্পটবোৰৰ এটা নহয় নেকি? তেওঁ দোকানখনৰ নাম হিন্দুস্তানৰ অন্তিম খন দোকান হিচাপে ৰখাটোৰো প্ৰশংসা কৰিছিল। একে সময়তে তেওঁ লগতে লিখিছে যে এই ঠাইত একাপ চাহ খোৱাটো মূল্যৱান হ'ব। দি বেটাৰ ইণ্ডিয়াৰ এটা টুইট ৰিটুইট কৰিছে আনন্দ মহিন্দ্ৰাই।

ই প্ৰকৃততে চাহ খোৱা আৰু মেগী খোৱাৰ ঠাই, যি উত্তৰাখণ্ডৰ চামোলীত আছে। চীন সীমান্তৰ মানা গাঁৱত এই দোকানখন আছে, যাৰ নাম হিন্দুস্তান কি অন্তিম দুকান। দোকানখন চন্দ্ৰ সিং বৰৱাল নামৰ এজন লোকে চলায়। প্ৰায় ২৫ বছৰ আগতে এই দোকানখন আৰম্ভ কৰিছিল। পৰ্যটকসকলৰ বাবে চাহ খোৱা আৰু মেগি খোৱাৰ ই প্ৰিয় স্থান।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি