মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»হিন্দু চিকিৎসকে এগৰাকী মৃত্যুমুখী মুছলমান ৰোগীক গাই শুনাইছিল ইছলামীয় প্ৰাৰ্থনা, চাৰিওফালৰ পৰা প্ৰশংসাৰ জোৱাৰ

হিন্দু চিকিৎসকে এগৰাকী মৃত্যুমুখী মুছলমান ৰোগীক গাই শুনাইছিল ইছলামীয় প্ৰাৰ্থনা, চাৰিওফালৰ পৰা প্ৰশংসাৰ জোৱাৰ

News18 Assam | News18-Assam
Updated:May 22, 2021, 7:45 PM IST
হিন্দু চিকিৎসকে এগৰাকী মৃত্যুমুখী মুছলমান ৰোগীক গাই শুনাইছিল ইছলামীয় প্ৰাৰ্থনা, চাৰিওফালৰ পৰা প্ৰশংসাৰ জোৱাৰ
প্ৰাৰ্থনা গোৱাৰ অন্তত হোৱা অভিজ্ঞতাই গভীৰভাৱে প্ৰভাৱিত কৰিছিল চিকিৎসকগৰাকীক, কিন্তু তেওঁ এই কথা সহকৰ্মী ডাঃ মুস্তাফাৰ বাহিৰে আন কাকোৱে কোৱা নাছিল।

প্ৰাৰ্থনা গোৱাৰ অন্তত হোৱা অভিজ্ঞতাই গভীৰভাৱে প্ৰভাৱিত কৰিছিল চিকিৎসকগৰাকীক, কিন্তু তেওঁ এই কথা সহকৰ্মী ডাঃ মুস্তাফাৰ বাহিৰে আন কাকোৱে কোৱা নাছিল।

  • Share this:

কোৰোণাৰ এই কঠিন সময়ত চিকিৎসক আৰু চিকিৎসা কৰ্মচাৰীসকলে ৰোগীৰ ক্ষেত্ৰত বহুখিনি প্ৰশংসনীয় কাম কৰা পৰিলক্ষিত হৈছে। কিন্তু কেৰেলাৰ পালাক্কাডৰ এখন হাস্পতালত ঘটা এটা ঘটনাই আপোনাকো প্ৰভাৱিত নকৰাকৈ নাথাকে। কেৰালাৰ এগৰাকী মহিলা চিকিৎসকৰ কাৰ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। পালাক্কাডৰ এখন ব্যক্তিগত চিকিৎসালয়ত কাম কৰা ডাঃ ৰেখা কৃষ্ণনে কোভিড-১৯ সম্পৰ্কীয় জটিলতাৰ বাবে মৃত্যুমুখী এগৰাকী মুছলমান ৰোগীক ইছলাম ধৰ্মৰ প্ৰাৰ্থনা আবৃত্তি কৰি শুনাইছিল। আৰু ইয়াৰ পিছত ঘটা ঘটনাখিনি আছিল ঘটনাটো ভাইৰেল হোৱাৰ অন্য এটা কাৰণ।


ঘটনাৰ বিৱৰণী মতে, মুছলমান মহিলা ৰোগীগৰাকীক দুসপ্তাহ আগতে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু অবশেষত তেওঁক ভেণ্টিলেটৰত ৰাখিবলগীয়া হয়। কোভিড চিকিৎসা প্ৰটোকলৰ বাবে আত্মীয়সকলক মহিলাগৰাকীক চাবলৈ অনুমতি দিয়া হোৱা নাছিল। ১৭ মে'ত ৰোগীৰ অৱস্থাৰ অধিক অৱনতি ঘটিছিল আৰু তেওঁৰ অংগবোৰ প্ৰায় অকামিলা হৈ আহিছিল। এনে অৱস্থাত চিকিৎসকসকলে তেওঁৰ ভেণ্টিলেটৰৰ ছাপোৰ্ট আঁতৰাই দিয়াৰ সিদ্ধান্ত লৈ পৰিয়ালকো এই বিষয়ে অৱগত কৰাইছিল।


ডাঃ কৃষ্ণণ সেই সময়ত ৰোগীগৰাকীৰ ওচৰত আছিল, কিন্তু এগৰাকী চিকিৎসক ৰূপে নহয়, তেওঁ চিন্তা কৰি আছিল মানুহ ৰূপে তেওঁৰ অন্তিম সময়ত কিবা এটা কৰিব পাৰি নেকি? কৃষ্ণণৰ নিজৰ ভাষাত– 'তেওঁৰ চাৰিওফালে কোনো আত্মীয় নাছিলে, মই ভাবিছিলো যে মই ৰোগীৰ বাবে কিবা কৰা উচিত। যিহেতু মই ইউ.এ.ইত ডাঙৰ–দীঘল হৈছিলোঁ, মই এই প্ৰাৰ্থনা আৰু নিয়মবোৰ জানিছিলো। মই লাহেকৈ প্ৰাৰ্থনাটো আবৃত্তি কৰিলোঁ আৰু তেওঁৰ চকুযুৰি বন্ধ কৰিলোঁ। মোৰ প্ৰাৰ্থনা শেষ কৰাৰ লগে লগে ৰোগীয়ে এটা দীঘলকৈ উশাহ লৈছিল আৰু তাৰ পিছত অন্তিম শয়নত শুই পৰিছিল।'



কৃষ্ণণক এই অভিজ্ঞতাই গভীৰভাৱে প্ৰভাৱিত কৰিছিল যদিও তেওঁ এই কথা সহকৰ্মী ডাঃ মুস্তাফাৰ বাহিৰে আন কাকোৱে কোৱা নাছিল। কিন্তু এই ঘটনাটো পোহৰলৈ আহিছিল যেতিয়া ডাঃ মুস্তাফাই ডাঃ কৃষ্ণনৰ সহানুভূতিশীল কাৰ্যৰ বিৱৰণ দি এটা ফেচবুক পোষ্ট লিখিছিল। পোষ্টটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু সকলোৱে এগৰাকী মৃত্যুগামী লোকৰ প্ৰস্থানৰ পথ সহজ কৰি তোলাৰ বাবে তেওঁক প্ৰশংসাৰে ওপচাই পেলায়। কিয়নো ডাঃ কৃষ্ণণৰ এই কাৰ্যই আমাক বিভাজিত কৰা সংকীৰ্ণ চিন্তাবোৰৰ ঊৰ্ধ্বত থকা মানৱতাৰ পৃথিৱীখনলৈ মনত পেলাই দিয়ে। ডাঃ কৃষ্ণণৰ মতে, কোভিডকালীন দিনবোৰত চিকিৎসকসকল ৰোগীৰ পৰিয়াল সদস্যসদৃশ হৈ পৰিছে।

Published by: Gautam Barman
First published: May 22, 2021, 7:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি