‘JNU-ত দেশ আৰু হিন্দু বিৰোধী কাম হয়, সেয়ে মাৰিলো’ আক্ৰমণৰ দায়িত্ব ল’লে হিন্দু ৰক্ষা দলে

News18 Assam | News18-Assam
Updated:January 7, 2020, 3:05 PM IST
‘JNU-ত দেশ আৰু হিন্দু বিৰোধী কাম হয়, সেয়ে মাৰিলো’ আক্ৰমণৰ দায়িত্ব ল’লে হিন্দু ৰক্ষা দলে
টুইটাৰত এটা ভিডিও পষ্ট কৰি তেওঁৰ দাবী ‘জেএনইউত দেশবিৰোধী তথা হিন্দুবিৰোধী কাৰ্যকলাপ চলে, সেই কাৰণে মাৰিলো।’

টুইটাৰত এটা ভিডিও পষ্ট কৰি তেওঁৰ দাবী ‘জেএনইউত দেশবিৰোধী তথা হিন্দুবিৰোধী কাৰ্যকলাপ চলে, সেই কাৰণে মাৰিলো।’

  • Share this:
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে ‘হিন্দু ৰক্ষা দলে’ নামৰ এটা গোষ্ঠীয়ে। নিজকে সেই গোষ্ঠীৰ নেতা দাবী কৰি ভূপেন্দ্ৰ তোমাৰ ওৰফে পিংকি চৌধুৰী নামৰ এজন ব্যক্তিৰ বিশেষ টুইট। টুইটাৰত এটা ভিডিও পোষ্ট কৰি তেওঁৰ দাবী, ‘জেএনইউত দেশবিৰোধী তথা হিন্দু বিৰোধী কাৰ্যকলাপ চলিছে। সেইকাৰণে মই মাৰিলো।’


জেএনইউৰ আক্ৰমণত ছাত্ৰ একতা সভাৰ সভানেত্ৰী ঐশী ঘোষ সহ ৩০জন আহত হয়। ভিডিওত পিংকি চৌধুৰী নামৰ লোকজনে কৈছে ‘দেশদ্ৰোহী কাজ কৰ্মৰ আখৰা চলিছে জেএনইউত। আমি আৰু সহিব নোৱাৰা হৈ পৰিছিলো। জেএনইউৰ আক্ৰমণৰ সম্পূৰ্ণ দায়িত্ব লৈছো। দেওবাৰে ৰাতি জেএনইউত যিসকলে আক্ৰমণ কৰিছিল তেওঁলোক আমাৰ কৰ্মী।



অৱশ্যে সমালোচকৰ মতে, এবিভিপিৰ বিৰুদ্ধে উঠা অভিযোগ ঢাকিবৰ কাৰণেই হিন্দু ৰক্ষা দল নামৰ গোষ্ঠীটোৰ আৱিৰ্ভাৱ ঘটিছে আৰু এই আক্ৰমণৰ দায়িত্ব লৈছে।

আনহাতে মুখাধাৰী দুৰ্বৃত্তক ধৰা পেলাবলৈ ফেচ ৰিকগনিশ্যন ছফটৱেৰৰ সহায় লৈছে দিল্লী পুলিছে। সেই বিশেষ দিনৰ ঘটনাৰ একাধিক ভিডিও তথা ছবিত দেখা গৈছে প্ৰত্যেকৰ হাতত লাঠি, লোহাৰ ৰ’ড আৰু হকীৰ ষ্টিক লৈ আক্ৰমণ কৰাৰ দৃশ্য।

জেএনইউৰ ছাত্ৰ সংগঠনৰ নেত্ৰী ঐশী ঘোষৰ অভিযোগ, এবিভিপিৰ দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলাইছে, অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে এবিভিপিয়ে।

শেহতীয়াকৈ জেএনইউৰ ঘটনাত দিল্লী আৰক্ষীয়ে ওলোটাই ঐশী ঘোষৰ বিৰুদ্ধেহে এফআইআৰ ৰুজু কৰিছে। ঐশীৰ বিৰুদ্ধে এফআইআৰক তীব্ৰ নিন্দা কৰিছে বিশিষ্ট গীতিকাৰ তথা কবি জাভেদ আখতাৰে। তেওঁ টুইটাৰত লিখিছে, ছাত্ৰ একতা সভাৰ সভানেত্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় এফআইআৰ ল’লে, একো বুজিব পৰা নাই।

  আনহাতে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এইক্ষেত্ৰত দায় সৰাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে।

JNU-ত ৪জানুৱাৰীত চাৰ্ভাৰ ৰুম লণ্ড ভণ্ড কৰা আৰু নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণৰ অভিযোগ। নষ্ট কৰা হৈছিল কেম্পাছৰ সম্পত্তি। JNUৰ তাণ্ডৱক লৈ দিল্লী আৰক্ষীৰ বিৰুদ্ধে নিষ্ক্ৰিয়তাৰ অভিযোগ।
আৰু চাওক
পৰৱৰ্তী বাতৰি