আচৰিত! হিন্দু মহাসভাই সম্বৰ্ধনা জনাব জামিয়াত গুলীচালনা কৰা নাবালকক, ক’লে– তেওঁ প্ৰকৃত ৰাষ্ট্ৰীয়তাবাদী

‘আমি নাথুৰাম গডছেক সন্মান কৰো। যদি কোনোবাই দেশ বিৰোধী কাৰ্যকলাপক বাধা দিবলৈ হাতত বন্দুক তুলি লয়, তেন্তে সেই ব্যক্তিক হিন্দু মহাসভাই সন্মানৰ চকুৰে চাব।’
‘আমি নাথুৰাম গডছেক সন্মান কৰো। যদি কোনোবাই দেশ বিৰোধী কাৰ্যকলাপক বাধা দিবলৈ হাতত বন্দুক তুলি লয়, তেন্তে সেই ব্যক্তিক হিন্দু মহাসভাই সন্মানৰ চকুৰে চাব।’
- News18 Assam
- Last Updated: January 31, 2020, 3:31 PM IST
১৭ বছৰীয়া যুৱকজনক এতিয়া পুৰস্কৃত কৰিব কৰিব অখিল ভাৰতীয় হিন্দু মহাসভাই। আনকি এনে ঘটনা সংঘটিত কৰা যুৱকজনক প্ৰকৃত ৰাষ্ট্ৰীয়তাবাদী আখ্যা দিছে মহাসভাই। মহাসভাই লগতে কয় যে, ‘আমি নাথুৰাম গডছেক সন্মান কৰো। যদি কোনোবাই দেশ বিৰোধী কাৰ্যকলাপক বাধা দিবলৈ হাতত বন্দুক তুলি লয়, তেন্তে সেই ব্যক্তিক হিন্দু মহাসভাই সন্মানৰ চকুৰে চাব। বৃহস্পতিবাৰে সেই কামকে কৰিলে যুৱকজনে। তেওঁ কৈছিল– ‘মই দিম আজাদী’। গতিকে ইয়াতকৈ আৰু ডাঙৰ প্ৰমাণ আমাক কি লাগে? আমি তেখেতক লগ ধৰিম আৰু সম্বৰ্ধনা জনাম।’
হিন্দু মহাসভাৰ এনে মন্তব্যৰ পিছতে সমগ্ৰ দেশতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।