உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • উত্তৰ-পূৱত দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰাত সহমত ৰাজ্য চৰকাৰসমূহৰ; ২২,০০০ হিন্দী শিক্ষকৰ নিযুক্তিৰ যো-জা

    উত্তৰ-পূৱত দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰাত সহমত ৰাজ্য চৰকাৰসমূহৰ; ২২,০০০ হিন্দী শিক্ষকৰ নিযুক্তিৰ যো-জা

    ইংৰাজীৰ পৰিৱৰ্তে হিন্দীত কথা পাতক; অৱশ্যে হিন্দী স্থানীয় ভাষাৰ বিকল্প নহয়; এই মন্তব্যও প্ৰদান কৰিলে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে।

    ইংৰাজীৰ পৰিৱৰ্তে হিন্দীত কথা পাতক; অৱশ্যে হিন্দী স্থানীয় ভাষাৰ বিকল্প নহয়; এই মন্তব্যও প্ৰদান কৰিলে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে।

    ইংৰাজীৰ পৰিৱৰ্তে হিন্দীত কথা পাতক; অৱশ্যে হিন্দী স্থানীয় ভাষাৰ বিকল্প নহয়; এই মন্তব্যও প্ৰদান কৰিলে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে।

    • Share this:
    বিভিন্ন ৰাজ্যৰ লোকে ইংৰাজীৰ পৰিৱৰ্তে হিন্দীত কথা বতৰা পাতক। বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা এখন বৈঠকৰ অংশগ্ৰহণ কৰি এই পৰামৰ্শ প্রদান কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে । তেওঁ কয় – ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো চৰকাৰী কাম-কাজ চৰকাৰী ভাষাত পৰিচালনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এতিয়া চৰকাৰী ভাষাটো দেশখনক একতাৰ এনাজৰীৰে বান্ধ খুউৱাৰ অন্যতম কাৰক হওঁক।

    সেয়ে গৃহমন্ত্ৰীগৰাকীয়ে অ-হিন্দী ভাষী ৰাজ্যসমূহৰ লোকসকলক আন অ-হিন্দীভাষী লোকৰ সৈতে হিন্দীত ভাবৰ আদান-প্ৰদান কৰাৰ পৰামৰ্শ আগবঢ়াইছে। গৃহমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে দিল্লীত অনুষ্ঠিত হোৱা চৰকাৰী ভাষাৰ সংসদীয় সমিতিৰ বছেৰেকীয়া সভাৰ অধ্যক্ষতা কৰি এই পৰামৰ্শ প্ৰদান কৰে।

    গৃহমন্ত্ৰীগৰাকীয়ে অৱশ্যে হিন্দী ইংৰাজী ভাষাৰ বিকল্প বুলি স্পষ্ট কৰি দিয়ে। স্থানীয় ভাষাৰ হিন্দী বিকল্প নহয় বুলি মন্তব্য কৰি তেওঁ হিন্দী ভাষা প্ৰসাৰৰ সৈতে জড়িত ভাষাবিদসকলক উদাৰ হ’বলৈ পৰামৰ্শ  প্রদান কৰে। তেওঁৰ মতে এনে উদাৰ চিন্তাই হিন্দীত আন ভাৰতীয় ভাষাৰ শব্দ অন্তৰ্ভুক্ত হোৱাত অৰিহনা যোগাব।

    উত্তৰ-পূৰ্বাঞ্চলৰ উদ্ধৃতি দি শ্বাহে কয় -উত্তৰ পূৱৰ ৮খন ৰাজ্যত ২২,০০০ হিন্দী শিক্ষকক নিযুক্তি প্ৰদান কৰা হৈছে। লগতে ৯টা জনজাতিয়ে দেৱনাগিৰী লিপি গ্ৰহণ কৰিছে । তেওঁ লগতে উত্তৰ পূৱৰ কেওখন ৰাজ্যৰ চৰকাৰে দশম শ্ৰেণীলৈকে হিন্দী বাধ্যতামূলক কৰাৰ দিশটোত সহমত পোষণ কৰিছে বুলিও মন্তব্য কৰে।

    তেওঁ যুৱ সমাজক হিন্দী ব্যৱহাৰ কৰি ইয়াৰ প্ৰসাৰত উজান দিবলৈ পৰামৰ্শ প্ৰদান কৰিছে । গৃহমন্ত্ৰীৰ মতে, ভাৰতীয় ভাষাই দেশৰ সংস্কৃতি আৰু পৰম্পৰাক সুৰক্ষা প্ৰদান কৰে।
    Published by:Himangshu Bhuyan
    First published: