মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Hindi Diwas 2021: আজি হিন্দী দিৱস, স্বাধীনতাৰ ৭৫ বছৰ পিছতো কিয় ৰাষ্ট্ৰীয় ভাষা নহ'ল হিন্দী

Hindi Diwas 2021: আজি হিন্দী দিৱস, স্বাধীনতাৰ ৭৫ বছৰ পিছতো কিয় ৰাষ্ট্ৰীয় ভাষা নহ'ল হিন্দী

News18 Assam | News18-Assam
Updated:September 14, 2021, 2:55 PM IST
Hindi Diwas 2021: আজি হিন্দী দিৱস, স্বাধীনতাৰ ৭৫ বছৰ পিছতো কিয় ৰাষ্ট্ৰীয় ভাষা নহ'ল হিন্দী
দেশৰ ৫০কোটি লোকৰ মাতৃভাষা হিন্দী

দেশৰ ৫০কোটি লোকৰ মাতৃভাষা হিন্দী

  • News18 Assam
  • Last Updated: September 14, 2021, 2:55 PM IST
  • Share this:

ভাৰতৰ সংবিধান প্ৰস্তুত কৰাৰ সময়তে হিন্দীক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কৰাৰ বিষয়ে সকলোৱে মতপোষণ কৰিছিল। সকলোৰে আশা আছিল ১৫ বছৰৰ ভিতৰত হিন্দী ভাৰতৰ ৰাষ্ট্ৰভাষা হ'ব আৰু চৰকাৰী কাম-কাজত ইংৰাজীৰ প্ৰভাৱ কমিব। কিন্তু স্বাধীনতাৰ ৭২ বছৰ পিছতো কাৰ্যক্ষেত্ৰত সেয়া হৈ নুঠিল।


মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৱেও হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি দিয়াৰ পোষকতা কৰিছিল। কিন্তু সেই সময়তো দুই এটা গোটে হিন্দীক ৰাষ্ট্ৰীয় ভাষা কৰাৰ বিৰোধিতা কৰিছিল। ১৯৪৯ চনত ভাৰতৰ সংবিধান সমিতিয়ে মুণ্সি-আয়েংগাৰ চুক্তিত উপনীত হৈছিল। সেই সময়তো চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা ভাষাটো আছিল হিন্দী।


ভাৰতৰ সংবিধানতো স্পষ্টকৈ দুটা চৰকাৰী ভাষা থকাৰ কথা উল্লেখ কৰা হৈছিল। অৱশ্যে সংবিধানত কোনো ৰাষ্ট্ৰীয় ভাষা থকাৰ কথা উল্লেখ নাছিল। কিন্তু ইংৰাজীৰ প্ৰভাৱ কম কৰাৰ বাবে সংবিধান সমিতিয়ে ১৯৫৯ চনৰ পৰা ১৯৬৫চনলৈ সমিতিখনে ইংৰাজী ভাষাৰ প্ৰভাৱ কম কৰাৰ লক্ষ্য স্থিৰ কৰিছিল।



পিছে হিন্দীক ৰাষ্ট্ৰীয় ভাষা কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ পদে  পদে বাধাৰ সন্মুখীন হ'ল। বালকৃষ্ণ দাস আৰু পুৰুষোত্তম দাস টেণ্ডনৰ দৰে ৰাজনীতিবিদে ইংৰাজীক সাম্ৰাজ্যবাদৰ প্ৰতীক আখ্যা দি ইয়াৰ বিপৰীতে হিন্দীক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা কৰাৰ স্বাৰ্থত আন্দোলন কৰিছিল। পিছে তেওঁলোকৰ এই কাৰ্যপন্থা সফল নহ'ল। ইয়াৰ বিপৰীতে দক্ষিণ ভাৰত আৰু পূব ভাৰতৰ বহু ৰাজ্যত হিন্দী এতিয়াও পৰিচিত ভাষা নহয়। আনকি হিন্দী প্ৰয়োগ কৰাৰ বিৰোধিতাৰে তামিলনাডুত ১৯৬৫ চনত হিংসাত্মক আন্দোলনো হৈছিল।


ইয়াৰ পিছতে হিন্দীক সকলো ৰাজ্যই গ্ৰহণ নকৰালৈ চাই কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে হিন্দীক ৰাষ্ট্ৰীয় ভাষা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। কংগ্ৰেছৰ এই সিদ্ধান্তৰ বাবে আজিও হিন্দী ৰাষ্ট্ৰীয় ভাষা নহ'ল। ১৯৭১ৰ পিছৰ সংবিধানৰ অষ্টম অনুসূচী অনুসৰি আঞ্চলিক ভাষাসমূহক স্বীকৃতি দিয়া হয়। প্ৰথম অৱস্থাত সংবিধানে ১৪টা আঞ্চলিক ভাষাক স্বীকৃতি দিছিল যদিও ২০০৭ চনত ২২টালৈ বৃদ্ধি কৰা হয়। কিন্তু ২০১৪ত এনডিএ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত হিন্দীৰ ক্ষেত্ৰত কিছু আশাৰ সঞ্চাৰ হয়।


প্ৰধানমন্ত্ৰী মোদীয়ে সাৱলীলভাৱে ইংৰাজী ক'ব পৰাৰ পিছতো আন্তৰ্জাতিক মঞ্চসমূহতো ইংৰাজীৰ পৰিৱৰ্তে হিন্দীত  ভাষণ দিয়া দেখা গ'ল। ভাৰতৰ মন্ত্ৰী অথবা প্ৰশাসনিক বিষয়াসকলকো সামাজিক মাধ্যমত ইংৰাজীৰ পৰিৱৰ্তে হিন্দীত ভাষণ দিবলৈ কোৱা হ'ল। কিন্তু তাৰ পিছতো হিন্দী ৰাষ্ট্ৰীয় ভাষা হোৱাৰ সম্ভাৱনা কম।


 হিন্দী কিয় ৰাষ্ট্ৰীয় ভাষা নহ'ল? 



২০১০ চনৰ ২৫ জানুৱাৰীত গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া এক ৰায় অনুসৰি, "হিন্দী ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা বুলি ক'তো উল্লেখ নাই অথবা ক'তো হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে উল্লেখ কৰি নিৰ্দেশনা দিয়া নাই।"


প্ৰকৃততে ভাৰতৰ ১২৫ কোটি জনতাৰ প্ৰায় ৫০ কোটি লোকে হিন্দীক মাতৃভাষা হিচাপে গ্ৰহণ কৰে। হিন্দী ক'ব নজনা দেশৰ ২০ শতাংশ লোকেও হিন্দী বুজি পায়। তথাপি দেশৰ ২৯খন ৰাজ্যৰ ৯খনতে হিন্দীৰ প্ৰচলন একেবাৰে কম। তাৰ পৰিৱৰ্তে সেইকেইখন ৰাজ্যৰ জনগণে আঞ্চলিক ভাষাকে ব্যৱহাৰ কৰে। সেয়ে আজিও হিন্দী ৰাষ্ট্ৰীয় ভাষা নহ'ল।

Published by: Gautam Barman
First published: September 14, 2021, 2:53 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি