• Home
  • »
  • News
  • »
  • nation
  • »
  • মোদীক সমালোচনা কৰিবলৈ গৈ এইটো ভুল ৰাহুল গান্ধীৰ, হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত দিলে উত্তৰ

মোদীক সমালোচনা কৰিবলৈ গৈ এইটো ভুল ৰাহুল গান্ধীৰ, হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত দিলে উত্তৰ

মোদীক লক্ষ্য কৰি কৰা টুইটটোত ৰাহুল গান্ধীয়ে ভুল কৰিলে surrender শব্দ।

মোদীক লক্ষ্য কৰি কৰা টুইটটোত ৰাহুল গান্ধীয়ে ভুল কৰিলে surrender শব্দ।

মোদীক লক্ষ্য কৰি কৰা টুইটটোত ৰাহুল গান্ধীয়ে ভুল কৰিলে surrender শব্দ।

  • Share this:
লাডাখ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰিবলৈ গৈ শ’লঠেকত পৰিল ৰাহুল গান্ধী। বিগত কেইবাদিনো ধৰি লাডাখ প্ৰসংগক লৈ প্ৰধানমন্ত্ৰী মোদীৰ লগতে কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আজিও মোদীক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কৰিছিল টুইট। কিন্তু মোদীক সমালোচনা কৰিবলৈ গৈ নিজেই সমালোচনাৰ পাত্ৰ হ’ল ৰাহুল গান্ধী।

আজি মোদীক আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে টুইটাৰত লিখিছিল – ‘নৰেন্দ্ৰ মোদী আচলতে চাৰেণ্ডাৰ মোদী।’ নিজৰ টুইটাৰত জাপানৰ এখন সংবাদপত্ৰৰ ৰিপ’ৰ্টো টুইট কৰিছে ৰাহুল গান্ধীয়ে। তাৰ পিছতে নিজেই সমালোচনাৰ সন্মুখীন হ’বলগীয়া হ’ল ৰাহুল গান্ধী।

মোদীক লক্ষ্য কৰি কৰা টুইটটোত ৰাহুল গান্ধীয়ে ভুল কৰিলে surrender শব্দ। surrenderৰ সলনি ৰাহুল গান্ধীয়ে লিখিলে Surenderহে। ইয়াৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যুত্তৰ দিলে ৰাহুল গান্ধীক।

টুইটাৰত ৰাহুল গান্ধীক প্ৰত্যুত্তৰ দি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে – ‘‘ৰাহুল গান্ধী – আপুনি ইমানেই হতাশগ্ৰস্ত হৈছে যে আপুনি বানানটোও শুদ্ধকৈ লিখিব নোৱাৰে! আৰু ছাৰেণ্ডাৰ কৰাটো গান্ধী–নেহৰু পৰিয়ালৰ হলমাৰ্ক। ১৯৬২ত পণ্ডিত নেহৰুৱে অসমখন প্ৰায় এৰি দিছিল। যেতিয়া চীনা সৈন্যই বমডিলা দখল কৰিছিল, তেতিয়া নেহৰুৱে কৈছিল, ‘My heart goes out to people of Assam, লজ্জাজনক।’’

First published: