হিমাচল প্ৰদেশৰ জনপ্ৰিয় পাৰৱানু টিম্বাৰ ট্ৰেইলত সোমবাৰে কাৰিকৰী বিসংগতিৰ বাবে ১১ জন পৰ্যটক কঢ়িয়াই অনা কেবল কাৰখন আকাশৰ মাজত আবদ্ধ হৈ পৰে। অৱশ্যে আটাইকেইজন পৰ্যটকক নিৰাপদে উদ্ধাৰ কৰা হয়।
সোলান জিলাৰ আৰক্ষী অধীক্ষকৰ মতে, আৱদ্ধ হৈ থকা পৰ্যটকসকলক উদ্ধাৰৰ বাবে এখন কেবল কাৰ নিয়োগ কৰা হৈছিল, আনহাতে টিম্বাৰ ট্ৰেইল অপাৰেটৰৰ কাৰিকৰী দলটোও থিতাতে উপস্থিত আছিল। আৰক্ষীৰ এটা দলে পৰিস্থিতি নিৰীক্ষণ কৰি আছিল বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয়।
“কেবল কাৰ ব্যৱস্থাৰ কাৰিকৰী বিজুতিৰ বাবে ডেৰ ঘণ্টা ধৰি কেবল কাৰ ট্ৰলীত আবদ্ধ হৈ আছিল দুগৰাকী জ্যেষ্ঠ নাগৰিক আৰু চাৰিগৰাকী মহিলাকে ধৰি এঘাৰজন লোক।’- পাৰৱানুৰ ডি এছ পি প্ৰণৱ চৌহানে কয়।
ইয়াৰ পূৰ্বে পৰ্যটকসকলৰ এটা ভিডিঅ’ মেছেজত দেখা গৈছিল যে কেবল কাৰখনৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকলক আকাশৰ মাজত ওলমি থকাৰ সময়তে ৰাইজে সহায়ৰ বাবে আবেদন জনাইছিল। ভিডিঅ’টোত ৰাইজে দাবী কৰিছে যে কেবল গাড়ীখনত এঘণ্টাৰো অধিক সময় আবদ্ধ হৈ থকাৰ পিছতো তেওঁলোকক উদ্ধাৰ কৰা নাছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|