অব্যাহত আছে হিমাচল প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। তুমুল প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছ আৰু বিজেপিৰ। দুয়োটা প্ৰধান প্ৰতিদ্বন্দ্বী দলে ৩২–৩২খন আসনত আগবাঢ়ি আছে। গুৰত্বপূৰ্ণ বিষয়টো হ’ল আম আদমি পাৰ্টীয়ে ৰাজ্যখনত এতিয়ালৈ খাটা খুলিব পৰা নাই। অৱশ্যে তিনিখন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে।
ভোটগণনা আৰম্ভ হোৱাৰ পিছতে বিজেপিয়ে অগ্ৰগতি লাভ কৰিছিল, কিন্তু ৯ বজাৰ পিছত কংগ্ৰেছে বিজেপিক পিছ পেলাই আগবাঢ়ি থাকে। বৰ্তমানৰ ট্ৰেণ্ডিং চাই কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে।
পুৱা ১০.১০ বজাৰ ট্ৰেণ্ডিং মতে, দুয়োটা দলৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গৈছে। বিজেপিয়ে ৩২খন আসনত আৰু কংগ্ৰেছেও ৩২খন আসনত আগুৱাই আছে। অন্যান্য প্ৰাৰ্থীয়ে আগবাঢ়ি আছে ৪খন আসনত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|